ETV Bharat / state

বিনামূলীয়া চাউলত বিনামূলীয়া শিল-বালি-কচু-মাটি আৰু পাৰৰ পাখি - free govt rice scam

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 6:57 PM IST

Poor quality of free govt rice : আপোনাৰ ঘৰটো বিনামূলীয়া চৰকাৰী চাউলৰ ব্যৱহাৰ হয় নেকি ? তেনেহ’লে সাৱধান হওক ৷ দিন দুপৰতে চাউল নাবাচিলে ভাতৰ সলনি খাব লাগিব বৰবিহ...

free govt rice scam
বিনামূলীয়া চাউলত বিনামূলীয়া শিল, বালি, কচু, মাটি আৰু পাৰৰ পাখি (ETV BHARAT ASSAM)

মৰাণ, 6 জুন : খাদ্য সুৰক্ষা আঁচনিৰ জড়িয়তে চৰকাৰে ৰাজ্যখনৰ লাখ লাখ হিতাধিকাৰীক প্ৰতি মাহে প্ৰদান কৰিছে বিনামূলীয়া চাউল ৷ কিন্তু সাৱধান নহ'লে চৰকাৰী বিনামূলীয়া চাউল খাই বিপদত পৰিব পাৰে আপুনি । এই চৰকাৰী চাউলে আপোনাৰ দাঁত সৰোৱাৰ লগতে আপোনাৰ স্বাস্থ্যৰ বাবে বৰবিহস্বৰূপলৈহে পৰিণত হ’ব ৷

এইবাৰ ডিব্ৰুগড় জিলাৰ খোৱাঙত চৰকাৰৰ বিনামূলীয়া চাউলত ওলাইছে শিল, মাটি, বালি, কচু আৰু পাৰৰ পাখি । তাৰ পিচতেই জাঙুৰ খাই উঠে গ্ৰাহকসকলে ৷ গ্ৰাহকৰ অভিযোগ যে এনে চাউল মানুহে দূৰৰ কথা গাহৰিয়েও নাখায় ।

তাৰ পিচতে খোৱাঙৰ হালধিবাৰী সমবায় সমিতিৰ বিৰুদ্ধে উঠিছে পঁচা চাউল গ্ৰাহকক যোগান ধৰাৰ অভিযোগ । গ্ৰাহকৰ অভিযোগ অনুসৰি হালধিবাৰী সমবায় সমিতিৰ অধীনৰ বোকাহোলা বাঘতলি গাঁ‌ৱৰ সমবায় এজেণ্টজনৰ পৰা বিনামূলীয়া চাউল লৈ গৈছিল গ্ৰাহকসকলে । ঘৰত ৰান্ধনীয়ে ভাত ৰান্ধিবৰ সময়ত দেখা পায় চাউলত শিল, মাটি, বালি, কচু আৰু পাৰৰ পাখি মিহলি । অপৰিস্কাৰ চাউল দেখি হতবাক হৈ পৰে ৰান্ধনীসকল ।

লগ লগে গ্ৰাহকসকলে এজেণ্টক এই বিষয়ে অভিযোগ দিয়াত তেওঁ দোষ ঠেলে সমবায় সমিতিলৈ । এজেণ্টগৰাকীয়ে কোৱা অনুসৰি, চাউলৰ বস্তাসমূহত মেচিন চিলাইৰ বিপৰীতে আছিল হাত চিলাই । সমবায়ত তলত পৰা মলিয়ন চাউলসমূহ বস্তাত ভৰাই গ্ৰাহকলৈ পঠাইছে বুলি অভিযোগ কৰে ৷

ইফালে সমবায়টোৰ দায়িত্বত থকা লোকজনে এই কথাৰ প্ৰত্যুত্তৰত কয় যে, প্ৰতিজন গ্ৰাহকৰ বাবে নিৰ্ধাৰিত পৰিমাণৰ চাউল আহে ৷ কেতিয়াবা গুডামত থকাৰ সময়ত এই চাউলৰ বস্তাবোৰত নিগনিয়ে কুটে, ফলত বহু চাউল তলত পৰি যায় ৷ তেতিয়া মিলাবৰ বাবেই তলত পৰা মলিয়ন চাউল এজেণ্টক দিব লগা হয় বুলি অকপটে স্বীকাৰ কৰে ৷

এই খবৰ পোহৰলৈ অহাৰ পিচতে এতিয়া এইক্ষেত্ৰত ডিব্ৰুগড়ৰ এফ চি আই আৰু জিলা প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক: প্ৰৱেশপত্ৰ প্ৰদানত খেলিমেলিৰ অভিযোগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.