ETV Bharat / state

আজি ৰাজ্যপালে প্ৰদান কৰিব 2023 বৰ্ষৰ ৰাজ্যিক অসামৰিক বঁটা

author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 10:24 AM IST

Updated : Feb 13, 2024, 4:08 PM IST

Highest State Civilian Awards 2023: মঙলবাৰে প্ৰদান কৰা হ’ব 2023 বৰ্ষৰ ৰাজ্যিক অসামৰিক বঁটা ৷ চলিত বৰ্ষত এগৰাকীলৈ অসম বৈভৱ, পাঁচগৰাকীলৈ অসম সৌৰভ আৰু 17 গৰাকীলৈ অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে । অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰদান কৰিব ।

Civilian Awards 2023
Civilian Awards 2023

নিউজ ডেস্ক, 13 ফেব্ৰুৱাৰী: অসম চৰকাৰে মঙলবাৰে প্ৰদান কৰিব 2023 বৰ্ষৰ ৰাজ্যিক অসামৰিক বঁটা ৷ 13 ফেব্ৰুৱাৰীৰ দিনা আবেলি 4.30 বজাত অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান ৷ গুৱাহাটীৰ পাঞ্জাবাৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ঘোষণা কৰে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা । এই বঁটাৰ বাবে গঠন কৰা বিশেষ কেবিনেট কমিটীৰ সিদ্ধান্ত অনুসৰি অসমৰ সৰ্বোচ্চ বঁটা অসম বৈভৱ বঁটা এইবাৰ আগবঢ়োৱা হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক । দিছপুৰ লোকসেৱা ভৱনত মঙলবাৰে অনুষ্ঠিত এক সংবাদমেলযোগে এই বঁটাসমূহ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ড৹ শৰ্মাই উল্লেখ কৰা অনুসৰি, অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে এলভিছ আলী হাজৰিকা, কিষাণ চান্দ নদীয়াল, হিমা দাস আৰু নাদিয়াল দেউৰীক । ইপিনে অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে বিহুৱা ৰঞ্জিত গগৈ, হস্তী বিশেষজ্ঞ পাৰ্বতী বৰুৱা, ছাউণ্ড ইঞ্জিনিয়াৰ দেৱজিৎ চাংমাই, ওজাপালি বিশেষজ্ঞ দ্ৰোণ ভূঞা, জৈৱিক কৃষি বিশেষজ্ঞ নীলম দত্তক ৷

লগতে এই বঁটা উদ্যোগী অনুপম ডেকা, প্ৰকৃতিবিদ সৌমদ্বীপ দত্ত, কৃষক বসন্ত ফুকন, বাঁহ উদ্যোগৰ বাবে মানেন্দ্ৰ ডেকা, আশাকৰ্মী মিনাক্ষী চেতিয়া, পখিলা লেকথেপি, ট্টেনজিং বদোচা, নিৰ্মল দে’, জেমছিন কুমবাংপাও, মেৰি হাচা, উপেন্দ্ৰ ৰাভা আৰু ৰাহুল গুপ্তাকো আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

আজি অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই এই বঁটা প্ৰদান কৰিব । উক্ত অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় মুখ্য অতিথি হিচাপে উপস্থিত থাকিব । লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব এই বঁটা প্ৰদান অনুষ্ঠানত ৷

উল্লেখ্য যে, অসম বৈভৱ বঁটা, অসম সৌৰভ বঁটা আৰু অসম গৌৰৱ বঁটাত আছে ক্ৰমে 5 লাখ, 4 লাখ টকা আৰু 3 লাখ টকা ।

লগতে পঢ়ক: ৰঞ্জন গগৈলৈ অসম বৈভৱ সন্মান, ৪ গৰাকীলৈ অসম সৌৰভ, ১৭ গৰাকীলৈ অসম গৌৰৱ বঁটা

Last Updated : Feb 13, 2024, 4:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.