নগাঁও, ১২ জুলাই : ৰাষ্ট্ৰীয় ঘাইপথত অধিক গতিবেগত বাহন চলোৱাৰ পাছতেই দুহেজাৰ টকাৰ জৰিমনাৰ বাৰ্তা নিশ্চয় আহে বাহনৰ পঞ্জীয়নৰ লগত থকা মোবাইলত । কেৱল ৰাষ্ট্ৰীয় ঘাইপথতেই নহয়, সম্প্ৰতি ৰাজ্যিক ঘাইপথ অথৱা অন্যান্য গড়কাপ্তানী পথত বাহন চলাওঁতেও অৱলম্বন কৰিব লাগিব সাৱধানতা । কাৰণ এতিয়া অসম আৰক্ষীৰ লগত থকা ইণ্টাৰচেপ্টৰ বাহন ৰখোৱা থাকে অন্যান্য গড়কাপ্তানী পথতো । কাৰণ ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰি ৰাজ্যিক ঘাইপথ তথা অন্যান্য গড়কাপ্তানী পথত বাহন চলোৱাৰ ক্ষেত্ৰতো আছে গতিবেগৰ নিৰ্দিষ্ট সীমা । নিৰ্ধাৰণ কৰি দিয়া গতিবেগৰ সীমা অতিক্ৰম কৰিলে সন্মুখীন হ’ব পাৰে জৰিমনাৰ । কিন্তু নিৰ্ধাৰিত গতিবেগৰ সীমা অতিক্ৰম নকৰিলেও সন্মুখীন হ’ব পাৰে জৰিমনাৰ । কিন্তু এই জৰিমনাৰ পৰা বাচিবলৈ কোন পথত কোন বাহনৰ ক্ষেত্ৰত গতিবেগৰ সীমাৰ বিষয়ে জানো আহক ।
ৰাষ্ট্ৰীয় ঘাইপথ : ৰাষ্ট্ৰীয় ঘাইপথত বাহন চলোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বাহন অনুযায়ী নিৰ্ধাৰণ কৰি দিছে গতিবেগৰ সীমা । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ এবছৰ পাচতেই পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যে বিভিন্ন পথত বাহন চলাচলৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰি দিছে বাহনৰ গতিবেগৰ সীমা। সেই অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথত ব্যক্তিগত বাহনৰ গতিবেগৰ অতিৰিক্ত সীমা ঘণ্টাত এশ কিলোমিটাৰ। অৰ্থাৎ এশ কিলোমিটাৰ অতিক্ৰম কৰিলেই ভৰিব লাগিব দুহেজাৰ টকাৰ জৰিমনা । একেদৰে যাত্ৰী কঢ়িওৱা M1 কেটেগৰীৰ অৰ্থাৎ চালককে ধৰি ৯ গৰাকী যাত্ৰীৰ আসন থকা বাণিজ্যিক বাহনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথত সৰ্বাধিক গতিবেগ প্ৰতিঘণ্টাত ৮০ কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে । ঘণ্টাত গতিবেগ ৮০ কিলোমিটাৰ অতিক্ৰম কৰিলেই ভৰিব লাগিব জৰিমনা । M 2 কেটেগৰী অৰ্থাৎ ৯ গৰাকী যাত্ৰীতকৈ অধিক আসন থকা যাত্ৰীবাহী বাণিজ্যিক বাহনৰ ক্ষেত্ৰতো প্ৰতিঘণ্টাত ৮০ কিলোমিটাৰ গতিবেগ নিৰ্ধাৰণ কৰা হৈছে । ৰাজ্যৰ চৰকাৰৰ পৰিবহণ বিভাগে জাৰি কৰা জাননী অনুসৰি সামগ্ৰী কঢ়িওৱা N কেটেগৰীৰ বাহনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথত সৰ্বাধিক ৭০ কিলোমিটাৰ প্ৰতিঘণ্টাত নিৰ্ধাৰণ কৰা হৈছে ।
ৰাষ্ট্ৰীয় ঘাইপথত দুচকীয়া বাহন অথৱা মটৰচাইকেলৰ ক্ষেত্ৰত প্ৰতিঘণ্টাত ৮০ কিলোমিটাৰৰ বিপৰীতে তিনিচকীয়া যিকোনো বাহনৰ ক্ষেত্ৰত মাত্ৰ ৫০ কিলোমিটাৰ গতিবেগ নিৰ্ধাৰণ কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথত । এই ক্ষেত্ৰত প্ৰায়েই নিৰ্ধাৰণ কৰি দিয়া সীমা অতিক্ৰম নকৰা একাংশ বাহনৰ চালকেও জৰিমনাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰো আছে কিছু কাৰণ । নগাঁও জিলা পৰিবহণ বিষয়া গৌতম কুমাৰ দাসে ই টি ভি ভাৰতৰ সাংবাদিকক সদৰী কৰা অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বিভিন্ন এলেকাত বিদ্যালয়, অন্যান্য অনুষ্ঠান অথৱা বিভিন্ন কাৰণত গতিবেগৰ ক্ষেত্ৰত পথৰ কাষতে থকা ফলকত উল্লেখ কৰা গতিবেগ অনুসৰিহে চলাব পাৰিব বাহন । অন্যথা সন্মুখীন হ’ব লাগিব জৰিমনাৰ । ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন এলেকাত গতিবেগ পৰীক্ষা কৰিবলৈ পৰিবণ বিভাগৰ ইণ্টাৰচেপ্টৰ বাহন ৰখোৱা থাকে ।
ৰাজ্যিক ঘাইপথ অথৱা অন্যান্য পথ: অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰি ৰাজ্যিক ঘাইপথ আৰু অন্যান্য পথত চলাচল কৰা বাহনৰ ক্ষেত্ৰতো গতিবেগৰ সীমা নিৰ্ধাৰণ কৰি ব্যৱস্থা কৰিছে ইণ্টাৰচেপ্টৰ বাহনৰ । ৰাজ্যিক ঘাইপথ অথবা অন্যান্য পথতো সংঘটিত দুৰ্ঘটনা ৰোধৰ বাবে গতিবেগ নিৰ্ধাৰণ কৰি অধিক গতিবেগত চলোৱা বাহনৰ ক্ষেত্ৰত কৰিছে জৰিমনাৰ ব্যৱস্থা । ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে ২০২২ চনতে জাৰি কৰা জাননী অনুসৰি ৰাজ্যিক ঘাইপথত ব্যক্তিগত বাহনৰ গতিবেগৰ অতিৰিক্ত সীমা ঘণ্টাত ৮০ কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে । একেদৰে M1 কেটেগৰীৰ অৰ্থাৎ ৯ গৰাকীতকৈ কম যাত্ৰীৰ আসনযুক্ত যাত্ৰী কঢ়িওৱা বাণিজ্যিক বাহনৰ লগতে M 2 কেটেগৰী অৰ্থাৎ ৯ গৰাকী যাত্ৰীতকৈ অধিক আসন থকা যাত্ৰীবাহী বাণিজ্যিক বাহনৰ ক্ষেত্ৰতো ৰাজ্যিক ঘাইপথ অথৱা অন্যান্য পথত সৰ্বাধিক গতিবেগ প্ৰতিঘণ্টাত ৭০ কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে । সামগ্ৰী কঢ়িওৱা N কেটেগৰীৰ বাহনৰ ক্ষেত্ৰত অন্যান্য পথত সৰ্বাধিক ৭০ কিলোমিটাৰ প্ৰতিঘণ্টাত নিৰ্ধাৰণ কৰা হৈছে । ৰাজ্যিক ঘাইপথ অথৱা অন্যান্য পথত দুচকীয়া বাহন অথৱা মটৰচাইকেলৰ ক্ষেত্ৰত প্ৰতিঘণ্টাত ৬০ কিলোমিটাৰৰ বিপৰীতে তিনিচকীয়া যিকোনো বাহনৰ ক্ষেত্ৰত মাত্ৰ ৫০ কিলোমিটাৰ গতিবেগ নিৰ্ধাৰণ কৰা হৈছে ।
পৌৰ এলেকাৰ ভিতৰৰ পথৰ ক্ষেত্ৰত : পৌৰ এলেকাৰ পথত ব্যক্তিগত বাহনৰ গতিবেগৰ অতিৰিক্ত সীমা প্ৰতি ঘণ্টাত ৬০ কিলোমিটাৰ নিৰ্ধাৰণ কৰা আছে । একেদৰে পৌৰ এলেকাৰ পথত M1 অৰ্থাৎ৯ গৰাকী যাত্ৰীৰ আসনযুক্ত যাত্ৰী কঢ়িওৱা বাণিজ্যিক বাহনৰ লগতে M 2 কেটেগৰী অৰ্থাৎ ৯ গৰাকী যাত্ৰীতকৈ অধিক আসন থকা যাত্ৰীবাহী বাণিজ্যিক বাহনৰ ক্ষেত্ৰতো ক্ষেত্ৰত সৰ্বাধিক গতিবেগ প্ৰতিঘণ্টাত ৬০ কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে । সামগ্ৰী কঢ়িওৱা N কেটেগৰীৰ বাহনৰ ক্ষেত্ৰত পৌৰ এলেকাৰ পথত সৰ্বাধিক ৪০ কিলোমিটাৰ প্ৰতিঘণ্টাত নিৰ্ধাৰণ কৰা আছে । পৌৰ এলেকাৰ পথত দুচকীয়া বাহন অথবা মটৰচাইকেলৰ ক্ষেত্ৰত প্ৰতিঘণ্টাত ৫০ কিলোমিটাৰৰ বিপৰীতে তিনিচকীয়া যিকোনো বাহনৰ ক্ষেত্ৰত মাত্ৰ ৪০ কিলোমিটাৰ গতিবেগ নিৰ্ধাৰণ কৰা হৈছে ।
মুঠৰ ওপৰত ৰাষ্ট্ৰীয় ঘাইপথেই হওঁক অথৱা ৰাজ্যৰ অন্যান্য পথেই হওঁক বাহন চলাওঁতে যদি কোনো চালকে নিৰ্ধাৰিত গতিবেগ অতিক্ৰম কৰে তেতিয়াহ'লে সন্মুখীন হ’ব পাৰে জৰিমনাৰ ।