ETV Bharat / state

অভাৱৰ জোলোঙাটো পূৰাবলৈ শালিকী পুৱাতে ওলাই যায় এজন যুঁজাৰু - Specially abled rickshaw driver - SPECIALLY ABLED RICKSHAW DRIVER

Specially abled Man : জীৱন যুদ্ধ ৷ জীয়াই থকাৰ এক সংগ্ৰাম ৷ আন নহ’লেও পেটৰ ভাত মুঠিৰ বাবেই বিশেষভাৱে অনিলে কৰিছে এই যুদ্ধ ৷ কিন্তু আজি চৰ্চাত অনিল কিয় ? কোন এই অনিল...

Specially abled Man
জীৱন যুদ্ধ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 3:09 PM IST

জোনাই, 16 জুলাই : জীৱন যুদ্ধত হাৰ নমনা এজন যুৱক ৷ নাম অনিল স্বৰ্গীয়াৰী ৷ আপোনাৰ মোৰ দৰে স্বাভাৱিকভাৱে এক জীৱন যাপনৰ সপোন আছিল অনিলৰ ৷ কিন্তু ঈশ্বৰে তাৰ সলনি অনিলৰ বাবে থিৰাং কৰিলে এক প্ৰত্যাহ্বানমূলক জীৱনপথ ৷ বিধাতাৰ বিধি- নিজৰ দুভৰিৰ অবিহনে অনিলে আগুৱাই যাব লাগিব এই কাঁইটীয়া পথ ৷

জীয়াই থকাৰ এক সংগ্ৰাম (ETV Bharat)

পিচে নেদেখাজনে অনিল দিলে এক উপহাৰ ৷ দুভৰিত শক্তি নাথাকিলেও অনিলৰ আছে অদম্য ইচ্ছা শক্তি আৰু জীয়াই থকাৰ হেঁপাহ ৷ যাৰ বাবে শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি অনিলে প্ৰতিদিনে চলাই গৈছে নিজৰ জীৱন সংগ্ৰাম ।

জোনাইৰ মিছামৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত জাৰ্মনবাৰী গাঁৱৰ এটা ভঙা সৰু পঁজাত দুই সন্তানৰ সৈতে বাস কৰে অনিলে । সীমাবদ্ধতা থাকিলেও আন দহজনৰ দৰেই এক স্বাভিমানী সত্ত্বাৰ গৰাকী অনিলে নিজৰ ক্ষমতাকে ভৰসা কৰি আগুৱাই গৈছে জীৱনৰ ওখোৰা-মোখোৰা পথত ৷ অনিলৰ শেষ ভৰসা মাটি বিক্ৰী কৰি লোৱা ই-ৰিক্সাখন ৷

এই ই-ৰিক্সাখনেই তেওঁৰ একমাত্ৰ উপাৰ্জনৰ আহিলা ৷ নিজৰ অদম্য সাহসৰে এই ই-ৰিক্সাখনৰ চকা ঘূৰাই ঘূৰাই শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি অব্যাহত অনিলৰ এই জীৱন যুদ্ধ ৷

লগতে পঢ়ক : ভিক্ষা নালাগে ! শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি দীঘলী পুখুৰীৰ পাৰত জীৱন যুদ্ধ এজন কিশোৰৰ - Life struggle of a teenager

বহু আশা মনত বান্ধি অভাৱৰ জোলোঙাটো পূৰাবলৈ পুৱাই ই-ৰিক্সাখন লৈ ঘৰৰ পৰা ওলাই যায় অনিল ৷ দিনটো কষ্টৰ অন্তত বেলি লহিওৱাৰ পৰত ঘৰলৈ ওভতে তেওঁ ৷ ফুটা টিঙৰ তলত এই সৰু ভগা পঁজাটিত দুবেলা দুমুঠি খাই ল’ৰা-ছোৱালী দুটাক ভাল মানুহ কৰাৰ আশা তেওঁৰ ৷

কিন্তু এজাক বৰষুণ দিলেই সুখেৰে জীৱন যাপন কৰিম ভবা এই সৰু পঁজাটিত সোমাই পানী ৷ উপায়ন্তৰ হৈ বিচনাত ছাতি লৈ বিনিদ্ৰ ৰজনিত সময় পাৰ কৰে অনিলে ৷

লগতে পঢ়ক : Specially Abled Farmer : এটা ভৰিৰে এযুগ জীৱন সংগ্ৰাম

গাঁৱৰ কোনো কোনো লোকে আহি অনিলক কয় যে চৰকাৰী আঁচনিৰ সুবিধা ল’বলৈ গাঁৱৰ অমুকক লগ ধৰ, তমুকক লগ ধৰ ৷ সেই মতে অনিলো যায় ৷ কিন্তু আজি পৰ্যন্ত সুফলহে পোৱা নাই ৷ বিশেষভাৱে সক্ষম অনিল স্বৰ্গীয়াৰীয়ে স্থানীয় জনপ্ৰতিনিধিৰ লগতে চৰকাৰৰ ওচৰতো সাহাৰ্য বিচাৰি বহুবাৰ আবেদন নিবেদন কৰিছে ৷

কিন্তু সকলো নথি-পত্ৰ থাকিও আজিও ফুটা টিঙৰ তলতে আশ্ৰয় লৈ সপোনবোৰ দিঠক হোৱালৈ অপেক্ষা কৰি ৰৈছে ৷ চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত এইজন লোকে বিশেষভাৱে সক্ষম লোকৰ বাবে অহা টকাকেইটাও পাবলৈ সক্ষম হোৱা নাই ৷

অৱশ্যে মাহেকৰ মূৰত চৰকাৰে দিয়া বিনামূলীয়া চাউল ন কেজি লাভ কৰে অনিলে । ইয়াৰ বাহিৰে আজিলৈকে নাই চৰকাৰী ঘৰ, শৌচালয় কিম্বা বিজুলীবাতিৰ সুবিধা ৷

আৰ্থিক অৱস্থাই জুৰুলা কৰা অনিলে কোনোমতে নিজৰ পৰিয়ালটোক পোহপাল দি আহিছে ৷ তৎস্বত্বেও অনিলে জীৱন যুঁজত কেতিয়াও থমকি ৰোৱা নাই ৷ সম্প্ৰতি যুৱকজনে পৰিয়ালটোক পোহপাল দিবৰ বাবে ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিচাৰিছে সহায়ৰ হাত ৷

লগতে পঢ়ক : দুভৰি হেৰুৱায়ো জীৱন যুঁজত নাভাগৰা এগৰাকী অক্লান্ত সৈনিকৰ এক জীয়া কাহিনী - Success story of Gopal Nag

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.