ETV Bharat / state

সকলো পদত অসমৰ থলুৱা যোগ্য যুৱক-যুৱতীক নিয়োগ কৰিব লাগিব : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য - AASU Felicitation Programme

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 6:23 PM IST

Samujjal Kumar Bhattacharyya : অসমত থলুৱা নিৱনুৱা যুৱক-যুৱতীয়ে চাকৰি পাবই লাগিব ৷ শেহতীয়াকৈ পি আৰ চি সন্দৰ্ভত লোৱা সিদ্ধান্ত অসমীয়া বিদ্বেষী কাৰ্য ৷ শিক্ষককে ধৰি চৰকাৰী চাকৰিয়ালৰ দৰমহা কৰ্তন আৰু মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধি এক পৰস্পৰ বিৰোধী কাৰ্য ৷ এই মন্তব্য ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷

AASU FELICITATION PROGRAMME TEZPUR
তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কৃতী ছাত্ৰ-ছাত্ৰীৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান (ETV BHARAT ASSAM)

তেজপুৰ, 10 জুলাই : তেজপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ৷ তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি অনুষ্ঠিত কৰা কৃতী ছাত্ৰ-ছাত্ৰীৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ৷

তেজপুৰত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য (ETV BHARAT ASSAM)

অনুষ্ঠানৰ শেষত সাংবাদিকৰ সৈতে হোৱা মত-বিনিময়ত তেওঁ কয় যে, অসমত থলুৱা নিৱনুৱা যুৱক-যুৱতীয়ে চাকৰি পাবই লাগিব ৷ শেহতীয়াকৈ পি আৰ চি সন্দৰ্ভত লোৱা সিদ্ধান্ত অসমীয়া বিদ্বেষী কাৰ্য বুলি কয় তেওঁ ৷ তেওঁ লগতে চৰকাৰে শিক্ষকৰ মৰ্যাদা হানিকাৰক কাৰ্য বাদ দিব লাগিব বুলি মন্তব্য কৰে ৷ লগতে শিক্ষককে ধৰি চৰকাৰী চাকৰিয়ালৰ দৰমহা কৰ্তন আৰু মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধি এক পৰস্পৰ বিৰোধী কাৰ্য বুলি তেজপুৰত মন্তব্য কৰে ড৹ ভট্টাচাৰ্যই ৷

বুধবাৰে তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা মেধাবী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি ড৹ ভট্টাচাৰ্যই কয় যে অসমত অসমীয়া লোকৰ প্ৰভুত্ব থাকিব লাগিব ৷ তাৰ বাবে সাংবিধানিক ৰক্ষা কবচ ছয় নং দফা কাৰ্যকৰী কৰিব লাগিব ৷ তেওঁ কয় যে অসমৰ শিক্ষা সঞ্চালকে মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ অজ্ঞাতে এটা সিদ্ধান্ত গ্ৰহণ কৰিব আৰু সেয়া চৰকাৰে গমেই নাপায় সেইটো কেনেকুৱা কথা ৷ তেওঁ কয় যে মহাবিদ্যালয়ৰ অধ্যাপক, সহকাৰী অধ্যাপক, গ্ৰন্থাগাৰিকৰ লগতে সকলো পদত অসমৰ খিলঞ্জীয়া লোকে নিযুক্তি লাভ কৰিব লাগিব ৷

লগতে পঢ়ক : লখিমপুৰত জিলা ছাত্র সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান - AASU Felicitation Programme

তেওঁ লগতে কয় যে, অসমৰ লাখ লাখ নিবনুৱাই অসমৰ বিভিন্ন ক্ষেত্ৰত চাকৰিৰ সুবিধা পাব লাগিব ৷ কোনে নিৰ্দেশনা দিছে, কিয় দিছে আৰু কোন জগৰীয়া আৰু ইয়াৰ বাবে কি শাস্তি প্ৰদান কৰে সেয়া চৰকাৰে কৰি থাকিব আমাৰ কোনো কথা নাই ৷ কিন্তু লাখ লাখ নিবনুৱা যুৱক-যুৱতীয়ে এই পদসমূহ পাব লাগিব বুলি কয় তেওঁ ৷ সদৌ অসম ছাত্ৰ সন্থাই সেইবাবেই অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিবলৈ দাবী জনায় আহিছে বুলিও তেওঁ উল্লেখ কৰে ৷

উল্লেখ্য যে, তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তেজপুৰৰ মাজগাঁও জাতীয় ছহীদ বাকৰিত অনুষ্ঠিত “বিশেষ অভিনন্দন অনুষ্ঠান”ত মুখ্য অতিথিৰূপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ৷ আজিৰ এই অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ কৃতিমানৰ লগতে অসম লোকসেৱা আয়োগ, কেন্দ্ৰীয় লোকসেৱা আয়োগ আৰু আন প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাংস্কৃতিক ক্ষেত্ৰত অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই অনা একাংশ ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷

লগতে পঢ়ক : PRC ক লৈ পয়মাল ! চৰকাৰৰ অনুমতিবিহীন নিৰ্দেশনা দি পুনৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল উচ্চ শিক্ষা সঞ্চালকালয় - Ranoj Pegu on DHE order

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.