ETV Bharat / state

তেজপুৰত অবৈধ নিৰ্মাণত প্ৰশাসনে চলালে বুলড'জাৰ - Eviction at Tezpur

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 4:42 PM IST

Eviction at Tezpur : বিগত ২০-২৫ বছৰ ধৰি কাৰ সহায় লৈ চৰকাৰী ভূমিত চুলতানে এনে ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তুলিছিল সেইটোও ৰহস্যৰ আৱৰ্তত । তেজপুৰ নগৰ উন্নয়ন কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, মুঠ ৭ বিঘা ভূমিত এই অবৈধ নিৰ্মাণকাৰ্য চলোৱা হৈছিল । ইয়াৰে ভিতৰত আছে ৪ বিঘা চৰকাৰী ভূমি ।

Eviction at Tezpur
তেজপুৰত অবৈধ নিৰ্মাণ উচ্ছেদ (ETV Bharat Assam)

তেজপুৰ, ১২ জুলাই : তেজপুৰৰ পৰোৱাত মৰা ভৰলী নদীৰ পাৰত বেদখলকাৰীৰ অট্টলিকাত প্ৰশাসনৰ হাতুৰীৰ কোব । দীৰ্ঘদিন ধৰি প্ৰশাসনক নিয়ন্ত্ৰণত ৰাখি চৰকাৰী ভূমিত ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তুলিছিল তেজপুৰৰ মহাপ্ৰতাপী তথা বহু বিতৰ্কিত চিকিৎসক মাজাহাৰুল চুলতান আৰু তেওঁৰ সাংগো-পাংগোৱে ।

তেজপুৰ চহৰৰ মৰা ভৰালীৰ বুকু পুতি অবৈধ নিৰ্মাণ চলাইছিল এইসকল লোকে । যাৰ বাবে শুকুৰবাৰে শোণিতপুৰ জিলা প্ৰশাসনে নগৰ উন্নয়ন কৰ্তৃপক্ষৰ অনুৰোধক্ৰমে চুলতান মডেল মাৰ্কেট আৰু মাহী আইচ ফেক্টৰীত বুলড'জাৰ চলায় । কিন্তু এইখিনিতে উল্লেখনীয় প্ৰশ্নটো হৈছে যে প্ৰশাসনৰ জ্ঞাতসাৰে কেনেদৰে এনে এখন বজাৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল অভিযুক্তই ।

আনহাতে, বিগত ২০-২৫ বছৰ ধৰি কাৰ সহায় লৈ চৰকাৰী ভূমিত চুলতানে এনে ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তুলিছিল সেইটোও ৰহস্যৰ আৱৰ্তত । তেজপুৰ নগৰ উন্নয়ন কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, মুঠ ৭ বিঘা ভূমিত এই অবৈধ নিৰ্মাণকাৰ্য চলোৱা হৈছিল । ইয়াৰে ভিতৰত আছে ৪ বিঘা চৰকাৰী ভূমি ।

ইফালে নগৰ উন্নয়ন কৰ্তৃপক্ষৰ সভাপতি বিৰাজ নাথে কয় যে বিগত ৮ বছৰ ধৰি প্ৰশাসনৰ উচ্ছেদৰ নিৰ্দেশনা দিয়াৰ পাচত চুলতানে ২০১৭ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে আৰু বিষয়টোত স্থগিতাদেশ বিচাৰে । ইয়াৰ পৰৱৰ্তী সময়ত উন্নয়ন কৰ্তৃপক্ষই কৰা আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ এই গোচৰত যোৱা মাৰ্চ মাহত উন্নয়ন কৰ্তৃপক্ষ জয়ী হয় । তাৰ পাচতে শুকুৰবাৰে উন্নয়ন কৰ্তৃপক্ষৰ সহাযোগত জিলা প্ৰশাসনে এই অবৈধ নিৰ্মাণত বুলড'জাৰ চলায় ।

উল্লেখ্য যে যোৱা মাৰ্চ মাহত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ পোৱাৰ পিচতো অবৈধ নিৰ্মাণ উচ্ছেদ কৰিবলৈ তেজপুৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ কিয় প্ৰায় চাৰি মাহৰ সময় লাগিল সেয়াও আন এক প্ৰশ্ন । এই ৭ বিঘা বেদখলকৃত ভূমি মৰা ভৰলীৰ বক্ষত অৱস্থিত আৰু পূৰ্বতে তাত বাওঁধানৰ খেতি কৰা হৈছিল ।

আনহাতে, ব্যাপক বেদখলেৰে তেজপুৰৰ পৰোৱাৰ সমীপত থকা এই অঞ্চলটোত বিভিন্ন বজাৰ আৰু স্থায়ী গৃহ নিৰ্মাণ কৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ (ক)ত যান-বাহনৰ চলাচলৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে ।

লগতে পঢ়ক :গোৱালপাৰাৰ অভিশপ্ত নাও দুৰ্ঘটনা: পুৱা উদ্ধাৰ গৌৰাংগ মালাকৰৰ মৃতদেহ; সন্ধান নাই উদয়ৰ - Boat Accident in Goalpara
লগতে পঢ়ক :ৰুদ্ৰ তিনিআলিত কথমপি পুনৰাবৃত্তি নঘটিল অভি-নীলকাণ্ডৰ ! - MOB LYNCHING AT SARUPATHAR

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.