ETV Bharat / state

সোণাপুৰকাণ্ড : জি এম চি এইচত ভৰ্তি ১১, এজনৰ অৱস্থা সংকটজনক - Sonapur eviction incident

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 4:41 PM IST

Tribal belt in Sonapur : সোণাপুৰত ট্ৰাইবেল বেল্টৰ ভূমিত চলা উচ্ছেদত বেদখলকাৰীৰ আক্ৰমণত ২২ জন চৰকাৰী লোক আহত ৷ ২ জন বেদখলকাৰী নিহত আৰু ১৩ জন আহত ৷ এইসকলৰ ভিতৰত জি এম চি এইচত ভৰ্তি হোৱা আহতৰ বিষয়ে সদৰী কৰিলে অধীক্ষকে ।

Violence during eviction
সোণাপুৰৰ কচুতলিৰ ঘটনাত আহত (ETV Bharat Assam)

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ : সোণাপুৰৰ কচুতলিৰ ঘটনাত আহত হোৱা ১১ জন লোক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। ইয়াৰে তিনিজন আৰক্ষীৰ লোক আৰু বাকী আঠজন সাধাৰণ নাগৰিক। আনহাতে, ইয়াৰে গুলীবিদ্ধ হৈ আহত হোৱা তাফিজ আলী নামৰ ১৯ বছৰীয়া যুৱকজন বৰ্তমান ছাৰ্জাৰী কৰাৰ পাছত আই চি ইউত আছে। শুক্ৰবাৰে এই কথা সদৰী কৰে জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ।

সোণাপুৰকাণ্ড : জি এম চি এইচত ভৰ্তি ১১, এজনৰ অৱস্থা সংকটজনক (ETV Bharat)

উল্লেখ্য যে সোণাপুৰৰ কচুতলিত উচ্ছেদ অভিযান চলি থকাৰ মাজতে বৃহস্পতিবাৰে চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি থকা একাংশ লোকৰ ঘৰ উচ্ছেদ চলাবলৈ যাওতেই সূত্ৰপাত হয় সংঘৰ্ষৰ । এই ঘটনাত আৰক্ষীৰ গুলীত দুজনৰ মৃত্যু হোৱাৰ উপৰি বহু লোক আহত হয় ।

ইফালে, উচ্ছেদিত লোকৰ আক্ৰমণত প্ৰশাসনৰ লগতে আৰক্ষীৰো বহুকেইজন আহত হয় । বৰ্তমান জি এম চি এইচত আহত হোৱা ১১ জন লোক ভৰ্তি হৈ আছে । এই সন্দৰ্ভত অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, "এতিয়ালৈকে সোণাপুৰৰ কচুতলিৰ ঘটনাত আঘাতপ্ৰাপ্ত ১১ জন লোক জি এম চি এইচত ভৰ্তি হৈ আছে । ছাৰ্জাৰী হোৱা তাফিক আলী বৰ্তমান আই চি ইউত আছে । আন এজন আহত সুৰমান আলীকো আই চি ইউত ৰখা হৈছে । "

অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই পুনৰ কয়," আয়েছা খাতুনক আই চি ইউত ৰখা হৈছে । সেইদৰে আহত ৰামজান আলী, জেহেৰুল আলী, মফিদুল ইছলাম, মুকটাৰ আলী, অঞ্জুল আলী আদি বাকী সকলো বৰ্তমান সুস্থিৰ অৱস্থাত আছে । সকলোকে পৰ্যবেক্ষণত ৰখা হৈছে । আনহাতে আৰক্ষীৰ লোক কেইজনৰ ভিতৰত দ্বীপেন গগৈয়ে ডিঙি আৰু বাহুত আঘাত আছে । পিঠিতো আঘাত আছে। মানসজ্যোতি চেতিয়াৰ চকুৰ তলত আঘাত আছে । আৰক্ষীৰ আনজন লোকৰো আঘাত আছে । আৰক্ষীৰ তিনিজনে বৰ্তমান সুস্থিৰ অৱস্থাত আছে। বৰ্তমান সময়ত তাফিজ আলীৰ বাহিৰে বাকী আটাইকেইজনে সুস্থিৰ অৱস্থাত আছে ।"

লগতে পঢ়ক:সোণাপুৰত বেদখলকাৰী-আৰক্ষীৰ সংঘৰ্ষ, দুই বেদখলকাৰী নিহত - Sonapur eviction incident

সোণাপুৰৰ হিংসাত্মক ঘটনাত নিহত দুজন, আহত কমেও ৩৫ জন: ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ডিজিপিৰ - Violence during eviction

সোণাপুৰৰ গুলীচালনা: কংগ্ৰেছৰ উচটনিতেই অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ দাবী মুখ্যমন্ত্ৰীৰ - Sonapur firing incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.