ETV Bharat / state

ছাত্ৰ-ছাত্ৰীৰে ভৰি থকা বিদ্যালয়ত হঠাৎ ওলমিল তলা - School closures

author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 6:06 PM IST

School shut down : শিক্ষা বিভাগৰ অমনোযোগিতাৰ বাবে চিৰদিনৰ বাবে বন্ধ হ’ল এখন শিক্ষানুষ্ঠান ৷ 1997 চনতে স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাঙি প্ৰতিষ্ঠা কৰিছিল বিদ্যালয়খন ৷

SONABIL ME SCHOOL IN RANGAPARA
বিদ্যালয়ত হঠাৎ ওলমিল তলা (ETV BHARAT ASSAM)

ৰঙাপৰা, 13 জুন : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিয়াগোম শিক্ষা বিভাগৰ অমনোযোগিতাৰ বাবে ৰঙাপৰাত এখন শিক্ষানুষ্ঠান চিৰদিনৰ বাবে বন্ধ হৈ পৰাত অভিভাৱক আৰু সচেতন ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বৰ্তমান শিক্ষানুষ্ঠানখনত ওলমিল প্ৰকাণ্ড তলা ৷ বিদ্যালয়খনত নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে ৷ ৰাইজৰ ত্যাগৰ বিনিময়ত গঢ় লৈ উঠা শিক্ষানুষ্ঠানখন চিৰদিনৰ বাবে নোহোৱা হৈ যোৱাটো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু বৰ্তমান অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে কোনো কাৰণতে মানি ল'ব বিচৰা নাই ৷ শিক্ষা বিভাগৰ ভুলৰ বাবেই ৰঙাপৰাৰ সোনাবিল গাঁৱত থকা শিক্ষানুষ্ঠানখন বন্ধ হৈ পৰাৰ অভিযোগ উঠিছে ৷

চিৰদিনৰ বাবে বন্ধ হ’ল এখন শিক্ষানুষ্ঠান (ETV BHARAT ASSAM)

উল্লেখ্য যে, 1997 চনত ৰঙাপৰাৰ সোনাবিল গাঁৱত স্থানীয় ৰাইজে প্ৰতিষ্ঠা কৰিছিল বিদ্যালয়খন ৷ বিগত প্ৰায় 27 বছৰ ধৰি পাঠদান চলি থকা বিদ্যালয়খন চলিত বৰ্ষৰ 31 মাৰ্চৰ পৰা বন্ধ হৈ পৰে ৷ বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ খোজ নপৰাত বিগত দুটা মাহে নিস্তব্ধ পৰিৱেশে বিৰাজ কৰি আছে ৷ বৰ্তমান বিদ্যালয়ৰ চৌহদ উদঙীয়া গৰু-ছাগলীৰ বিচৰণস্থলী আৰু বিদ্যালয়ৰ শ্ৰেণী কোঠাসমূহ গৰু গোহালিত পৰিণত হৈছে ৷ কিন্তু এসময়ত ছাত্ৰ-ছাত্ৰীৰে ভৰি থকা বিদ্যালয়খনত হঠাৎ কিয় তলা ওলমিল ?

এই সন্দৰ্ভত সহকাৰী শিক্ষক কিশোৰ নাথে কয়- 'ৰঙাপৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ঠাকুৰবাৰী গাঁও পঞ্চায়ত এলেকাত থকা একমাত্ৰ মধ্য ইংৰাজী বিদ্যালয়খনত বহু ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছিল ৷ অঞ্চলটোত শৈক্ষিক বাতাবৰণ সৃষ্টি কৰাৰ বাবে স্থানীয় ৰাইজে গাঠিৰ ধন ভাঙি বিদ্যালয়খন নিৰ্মাণ কৰিছিল ৷ প্ৰায় 15 বছৰ পূৰ্বে ঠাকুৰবাৰী গাঁও পঞ্চায়তে এটা পকী শ্ৰেণী কোঠা নিৰ্মাণ কৰি দিছিল ৷ পৰৱৰ্তী সময়ত বিদ্যালয়খনত ভাৰতীয় সেনা বাহিনীয়ে পৃথকে পৃথকে দুটাকৈ শ্ৰেণী কোঠা নির্মাণ কৰি দিয়ে ৷ যোৱা বছৰলৈকে সপ্তম শ্ৰেণীত 18 জন আৰু অষ্টম শ্ৰেণীতে 17 জন ছাত্ৰ-ছাত্ৰী আছিল ৷ কিন্তু ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এই বৰ্ষত বিনামূলীয়া কিতাপ নিদিয়াৰ বাবে ষষ্ঠ শ্ৰেণীত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰিব পৰা নগ'ল ৷ যাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়খন বন্ধ হৈ পৰে ৷'

তেওঁ পুনৰ কয়- 'আমাৰ বিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলক বৰজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কদমতল হাইস্কুলত অধ্যয়নৰ বাবে অনাচ্ছিকৃতভাৱে স্থানান্তৰৰ প্ৰমাণ পত্ৰ দিবলগীয়া হ'ল ৷ বিদ্যালয়খন চৰকাৰে প্ৰাদেশীকৃত কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল যদিও সেয়া নকৰিলে ৷' লগতে ৰাজ্য চৰকাৰে এনেধৰণৰ বিদ্যালয়সমূহ বন্ধ নকৰি, শিক্ষকসকলক চলিব পৰাকৈ এটা মাননি প্ৰদান কৰিবলৈ শিক্ষকজনে আহ্বান জনাইছে ৷

উল্লেখ্য যে, 27 টা বসন্ত অতিক্ৰম কৰা সোনাবিল মধ্য ইংৰাজী বিদ্যালয়খনত প্ৰধান শিক্ষয়িত্ৰী হিচাপে মমি বৰা দেৱী, সহকাৰী শিক্ষক হিচাপে ক্ৰমে কিশোৰ নাথ, নিল বাহাদুৰ চুৱা আৰু সহকাৰী শিক্ষয়িত্ৰী হিচাপে ৰিংকু বৰা, ওৱাহিদা বেগমে বিনা বেতনে কষ্ট স্বীকাৰ কৰি মানৱ সম্পদ গঢ়ি আহিছিল ৷ এসময়ত শিক্ষানুষ্ঠানখন ৰাজ্য চৰকাৰে চৰকাৰী কৰিব বুলি আশা প্ৰকাশ কৰিছিল আৰু এদিন সুদিন ঘূৰি অহাৰ আশা কৰিছিল ৷ কিন্তু সেয়া বাস্তৱত পৰিণত নহ'ল ৷ শিক্ষানুষ্ঠানখনত তলা ওলমিব বুলি কোনেও আশা কৰা নাছিল ৷ ইফালে বিদ্যালয়খনত বিনা বেতনে চতুর্থবর্গৰ কৰ্মচাৰী হিচাপে গণেশ কন্ধই নিজৰ দায়িত্ব আৰু কর্তব্য পালন কৰি গৈছিল ৷

ভাৰতীয় সেনাৰ অপাৰেশ্যন সদভাৱনাই 2015 আৰু 2018 চনত পৃথকে পৃথকে দুটা পকী শ্ৰেণীকোঠা নিৰ্মাণ কৰিছিল যাতে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নাপায় ৷ মধ্য ইংৰাজী বিদ্যালয়খনত সোনাবিল, পগলাবিল, ঘইৰালি, ভেলুৱাটাৰ, শিয়ালমাৰী বঙালগাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰি আহিছিল ৷ ভাৰতীয় সেনা বাহিনীয়ে পকীকৈ নিৰ্মাণ কৰা শ্ৰেণীকোঠা এতিয়া গৰু-ছাগলীৰ জিৰণিৰ ঠাইত পৰিণত হৈছে ৷ বিদ্যালয়খনৰ নামত থকা পাঁচ বিঘা ভূমি 2011 চনত চৰকাৰীভাৱে আৱণ্টন দিয়া হৈছিল ৷ 2009 চনত চৰকাৰী নীতি-নিয়ম অনুসৰি শিক্ষা বিভাগে 18110-15502 নম্বৰৰ ইউডাইচ কোড প্ৰদান কৰিছিল ৷

আনহাতে বালিপৰা শিক্ষা খণ্ডৰ অধীনস্থ সোনাবিল মধ্য ইংৰাজী বিদ্যালয়খন ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগক প্ৰাদেশীকৰণৰ বাবে বহুবাৰ আবেদন-নিবেদন কৰা হৈছিল যদিও আজিও চৰকাৰে এইক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ বিদ্যালয়খন বন্ধ হৈ পৰাত ছাত্ৰ-ছাত্ৰীসকলে বহু দূৰ খোজকাঢ়ি আন বিদ্যালয়লৈ যাবলগীয়া হৈছে ৷ বিগত প্ৰায় 27 টা বছৰ বিনা বেতনে শিক্ষাদান কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মর্মবেদনা ৰাজ্য চৰকাৰে উপলব্ধি কৰিব লাগিছিল বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : কেতিয়াৰ পৰা আৰম্ভ হ’ব দক্ষতা বিশ্ববিদ্যালয়ৰ পাঠদান ? ক’লে মন্ত্রী জয়ন্ত মল্লবৰুৱাই - Assam Skill University

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.