ETV Bharat / state

পিতৃৰ শেষ আশা পালন কৰিলে পুত্ৰই, নিৰ্মাণ কৰি উলিয়ালে শিৱ মন্দিৰ - 300 YEAR OLD WOOD APPLE TREE

তিনিশ বছৰীয়া এজোপা বেলগছ ৷ এই বেল গছজোপাৰ সৈতে বিশেষ সম্পৰ্ক আছে বনৰজাৰ । এই বেলগছৰ তলতেই মন্দিৰ নিৰ্মাণ কৰি ৰাইজলৈ অৰ্পণ এজন লোকৰ ৷

SHIVA TEMPLE IN ASSAM
পিতৃৰ শেষ আশা পালন কৰিলে পুত্ৰই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 15, 2024, 8:44 PM IST

কলিয়াবৰ, ১৫ অক্টোবৰ: প্ৰায় তিনিশ বছৰীয়া এজোপা বেলগছ । ঐতিহাসিক শ্ৰীশ্ৰী কামাখ্যা দেৱালয় আৰু নন্দীকেশ্বৰ দেৱালয়ৰ লগত সম্পৰ্ক আছিল এই বেল গছজোপাৰ । তাহানিতে গাঁৱত ওলোৱা বাঘ ধৰিবলৈ ৰাইজে এই বেলজোপাৰ তলতে চাকি-বন্তি আগবঢ়াই মহাদেৱ শিৱক আৰাধনা কৰিছিল ।

বেলজোপাৰ তলত সেৱা-অৰ্চনা নকৰিলে বাঘৰ সন্ধান ৰাইজে পোৱা নাছিল । এই বেলজোপাৰ তলতেই সেৱা কৰাৰ পাছত ৰাইজে সন্ধান পায় বাঘৰ । ৰাইজে বাঘ ধৰা জালেৰে বাঘক কৰায়ত্ত কৰি নিধন কৰে ।

পিতৃৰ শেষ আশা পালন কৰিলে পুত্ৰই (ETV Bharat Assam)

লগতে পঢ়ক: এই শালক স্মৰণ কৰিলে কাৰাগাৰৰ পৰাও পাব মুক্তি

ঐতিহাসিক নন্দীকেশ্বৰ দেৱালয়ৰ সৈতে সম্পৰ্ক তথা মাহাত্ম্য থকা এই বেলজোপাই আজিও ভক্তপ্ৰাণ ৰাইজৰ মনৰ আশা পূৰণ কৰি আহিছে । পূৰ্বতে বালিদোৱাৰ গাঁওখনৰ ৰাইজে বেলগছজোপাৰ তলত বাঁহেৰে চালি দি পূজা-অৰ্চনা কৰিছিল আৰু তেওঁলোকৰ মনৰ আশা পূৰণ হৈছিল । কিন্তু বাঁহৰ চালিৰে নিৰ্মাণ কৰা মন্দিৰভাগ বন্য জীৱ-জন্তুৱে ভাঙি পেলাইছিল । তাৰ পাছৰে পৰা পূজা-অৰ্চনা কৰিবলৈ নোযোৱা হৈছিল বালিদোৱাৰ গাঁৱৰ ৰাইজ ।

বালিদোৱাৰত থকা তিনিশ বছৰীয়া এই বেলগছৰ তলত আজি শিৱ মন্দিৰ নিৰ্মাণ কৰি ৰাইজলৈ অৰ্পণ কৰিলে কলিয়াবৰৰ এজন ব্যক্তিয়ে । গাঁওখনৰে বাসিন্দা তথা কলিয়াবৰৰ প্ৰসিদ্ধ চিত্ৰশিল্পী, ভাস্কৰ্য শিল্পী তথা কবি মিণ্টুমণি ৰাজখোৱাই এই বেলজোপাৰ তলত স্থায়ীকৈ স্থাপন কৰি প্ৰাণ প্ৰতিষ্ঠা কৰিলে এভাগ শিৱ মন্দিৰৰ । মিন্টুমণি ৰাজখোৱাৰ প্ৰয়াত পিতৃয়ে মৃত্যুৰ পূৰ্বে পুত্ৰ মিণ্টুমণিক কৈ গৈছিল তিনিশ বছৰীয়া পুৰণি বেলগছজোপাৰ তলত এটা শিৱ মন্দিৰ সাজি ৰাইজৰ বাবে অৰ্পণ কৰিবলৈ ।

লগতে পঢ়ক: অসমতে থকা উত্তৰ-পূবৰ একমাত্ৰ বিশ্বকৰ্মাৰ মন্দিৰটোৰ বিষয়ে জানেনে ? - Vishwakarma Puja 2024

বাণাসুৰে পূজা কৰা ঐতিহাসিক গণেশ মন্দিৰটো ক'ত আছে আপুনি জানেনে ? - Ganesh Chaturthi 2024

পিতৃৰ শেষ ইচ্ছা অনুসৰি সহধাৰ্মিনী তথা একাংশ গাঁৱৰ লোকৰ সহযোগত বুঢ়া-বুঢ়ী শিৱ মন্দিৰভাগ স্থাপন কৰি ৰাইজলৈ উৎসৰ্গা কৰিলে মিণ্টুমণি ৰাজখোৱাই । নিজ হাতেৰে শিৱ, পাৰ্বতী আৰু গণেশৰ বিগ্ৰহ নিৰ্মাণ কৰি মন্দিৰত প্ৰতিষ্ঠা কৰিলে মিণ্টুমণিয়ে ৷ ইয়াৰ লগতে ৩০০ বছৰীয়া বেলজোপাই যেন আজি পুনৰ প্ৰাণ পাই উঠিল । মন্দিৰৰ থাপনাত অধিষ্ঠিত শিৱলিঙ্গ, শিৱ, পাৰ্বতী, গণেশ, বৃষভ আৰু মুচিক (নিগনি)ৰ লগতে মন্দিৰৰ বহিৰ্ভাগত থকা পঞ্চমুখী নাগ আৰু পাঞ্চজন্য শংখ স্থাপন কৰা হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.