ETV Bharat / state

6 বছৰ উকলিল : এতিয়াও ন্যায়ৰ অপেক্ষাত নীল-অভিৰ পৰিয়ালৰ - Abhi Neel murder case - ABHI NEEL MURDER CASE

Abhi Neel murder case : নীল-অভিৰ ষষ্ঠ বাৰ্ষিক মৃত্যু দিৱস পালন ৷ অনুষ্ঠানত নাম-প্ৰসংগ আৰু অন্ধবিশ্বাস আৰু কু-সংস্কাৰ বিৰোধী এখনি নাট পৰিৱেশন কৰা হয় ৷ ন্য়ায় প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ দাবী ৷

ABHI NEEL MURDER CASE
শ্ৰদ্ধাঞ্জলি অনুষ্ঠান (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 10:40 PM IST

গুৱাহাটী, 8 জুন : আজি ছয় বছৰ সম্পূৰ্ণ হ’ল ৰাজ্য কঁপাই যোৱা, কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত হোৱা এক ভয়ংকৰ হত্যাকাণ্ডৰ ৷ শিহঁৰণকাৰী এই ঘটনাত দুজনকৈ প্ৰতিভাৱান যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰিছিল উন্মত্ত, পাষণ্ডৰ এটা দলে ৷ এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ হোৱাৰ উপৰিও অভিযুক্তক চৰম শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপিত হৈছিল ৷

নীল-অভিৰ ষষ্ঠ বাৰ্ষিক মৃত্যু দিৱস পালন (ETV BHARAT ASSAM)

মহানগৰীত নীল-অভি স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত নীল-অভিৰ ষষ্ঠ বাৰ্ষিক মৃত্যু দিৱস পালন ৷ মহানগৰীৰ শিলপুখুৰীস্থ নৱগ্ৰহ কালী মন্দিৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ নীল-অভিৰ মৃত্যু দিৱস উপলক্ষে এই অনুষ্ঠানত নাম-প্ৰসংগ আৰু অন্ধবিশ্বাস আৰু কু-সংস্কাৰ বিৰোধী এখনি নাট পৰিৱেশন কৰা হয় ৷

অনুষ্ঠানৰ আৰম্ভণিতে নীল-অভিৰ প্ৰতিচ্ছবিত বস্তি প্ৰজ্জ্বলনেৰে ৰাজহুৱাভাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ লগতে নীল-অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া দ্ৰুততৰ কৰাৰ দাবীত এখন সংবাদমেল সম্বোধন কৰে নীল-অভি স্মৃতি ৰক্ষা সমিতিয়ে ৷

সংবাদমেল সম্বোধন কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা বিজন মহাজনে 2019 চনৰ ৮ জুনত কাৰ্বিভূমিত অতি নিষ্ঠুৰভাৱে নীলোৎপল দাস আৰু অভিজিত নাথক হত্যা কৰা ঘটনাৰ দুখ প্ৰকাশ কৰি কয় যে, যুৱক দুজনৰ হত্যাৰ ছয় বছৰ উকলি যোৱাৰ পাচতো পৰিয়ালবৰ্গই এতিয়ালৈকে সুবিচাৰ পোৱা নাই ৷ এনে গণপ্ৰহাৰৰ ঘটনাৰ সময়সীমাৰ ভিতৰত সু বিচাৰ হ'ব লাগে ৷ গোচৰটোৰ সফল পৰিসমাপ্তি ঘটিব লাগে, ভুক্তভুগী পৰিয়াল দুটি তাৰে অপেক্ষাত আছে ৷ বিচাৰৰ দিনটো চমু চাপি আহিব লাগে বুলি মন্তব্য কৰে তেওঁ ৷

আনহাতে নীলৰ পিতৃ গোপাল দাসে কয়- ঘটনাৰ 6 বছৰ পাৰ হৈ গ'ল ৷ দীৰ্ঘ সময়ছোৱাত প্ৰথম অৱস্থাত ভাল সঁহাৰি লাভ কৰিছিলো যদিও কিন্তু দিন বাগৰাৰ লগে লগে গোচৰটো লেহেমীয়া গতিত চলি আছে ৷ তেওঁ সকলো কৰ্তৃপক্ষক পৰ্যালোচনা কৰি গোচৰটো সমাধান কৰি ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : ছয় বছৰে কোনে দিশে নীল-অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ? - Abhi Neel murder case

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.