ETV Bharat / state

তিনিচুকীয়া পৌৰসভাৰ ৬ ৱাৰ্ড সদস্যই পৌৰপতিৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ - Tinsukia Municipality Controversy - TINSUKIA MUNICIPALITY CONTROVERSY

Tinsukia Municipality controversy : তিনিচুকীয়া পৌৰসভাত পুনৰ সৃষ্টি হৈছে নেকি দুটা ফৈদৰ ? ৬ গৰাকীকৈ ৱাৰ্ড সদস্যই পৌৰপতিৰ বিৰুদ্ধে ক্ষোভ উজাৰে সংবাদমেলত ৷

Tinsukia Municipality Controversy
তিনিচুকীয়া পৌৰসভাত বিসম্বাদৰ উকমুকনি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 9:24 PM IST

তিনিচুকীয়া, ২৪ জুন : তিনিচুকীয়া পৌৰসভাত বিসম্বাদৰ উকমুকনি । লগতে এই কথাও চৰ্চিত হৈছে যে তিনিচুকীয়া পৌৰসভাত পুনৰ দুটা ফৈদৰ সৃষ্টি হৈছে নেকি । পৌৰসভাখনৰ ছয়গৰাকী ৱাৰ্ড সদস্যই সংবাদমেল সম্বোধন কৰি পৌৰপতিৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ পিচতে এই কথা চৰ্চালৈ আহিছে ।

তিনিচুকীয়া পৌৰসভাৰ ৬ ৱাৰ্ড সদস্যৰ সংবাদমেল (ETV Bharat Assam)

উল্লেখ্য যে তিনিচুকীয়া পৌৰসভাৰ এটা ফৈদে ২২ জুনত অনুষ্ঠিত বোৰ্ড সভাত অনুপস্থিত থকাক লৈ ইতিমধ্যে ব্যাপক চৰ্চা আৰম্ভ হৈছে । তাৰ মাজতে সোমবাৰে তিনিচুকীয়া প্ৰেছ ক্লাবৰ সভাগৃহত ৬ গৰাকীকৈ ৱাৰ্ড সদস্যই পৌৰপতিগৰাকীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি এক সংবাদমেল সম্বোধন কৰে ৷

সংবাদমেলত ৮ গৰাকীকৈ ৱাৰ্ড সদস্যই স্বাক্ষৰ কৰা আৰু কেইবাটাও অভিযোগ সন্নিৱিষ্ট এখন স্মাৰকপত্ৰ সোমবাৰে তিনিচুকীয়া জিলাৰ অতিৰিক্ত আয়ুক্তক প্ৰদান কৰা বুলিও উল্লেখ কৰে । লগতে পৌৰপতিগৰাকীয়ে ৱাৰ্ড সদস্যসকলক অপমান কৰি জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ বিচাৰিছে বুলিও উল্লেখ কৰে ৷ আনহাতে, সংবাদমেলত তেওঁলোকৰ অভিযোগ, বোৰ্ড সভাত সিদ্ধান্ত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰাৰ বিপৰীতে বাহিৰত হোৱা আলোচনা অনুসৰিহে কাম কৰে ৷

উল্লেখ্য যে যোৱা ৭ জুনত অনুষ্ঠিত হ’বলগা আছিল তিনিচুকীয়া পৌৰসভাৰ এখন বোৰ্ড সভা । কিন্তু কি কাৰণত এই বোৰ্ডসভাখন ২২ জুনলৈ পিচুৱাই দিয়া হ’ল সেই বিষয়েও ৱাৰ্ড সদস্যসকল জ্ঞাত নহয় বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৱাৰ্ড সদস্য পুলক চেতিয়াই ৷

ইয়াৰ সমান্তৰালভাৱে তিনিচুকীয়া পৌৰসভাৰ পৌৰপতিগৰাকীয়ে আজি পৰ্যন্ত খৰচৰ কোনো খতিয়ান দাঙি ধৰা নাই বুলিও উল্লেখ কৰে সংবাদমেলত উপস্থিত ৬ গৰাকীকৈ ৱাৰ্ড সদস্যই ৷

লগতে পঢ়ক :যোৰহাটৰ ফলাফলে মুখ্যমন্ত্ৰীৰ ককাঁলত ভালকৈয়ে একোব দিলে : অখিল গগৈ - Akhil Gogoi Slams Assam CM

লগতে পঢ়ক :দুয়োখন ভৰি হেৰুওৱা যুৱকক নতুন জীৱন দিলে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে - Jorhat Medical College

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.