ETV Bharat / state

আৰক্ষীৰ অত্যাচাৰত যুৱকৰ মৃত্যু: ৬ জন আৰক্ষীক যাৱজ্জীৱন কাৰাদণ্ড - Life imprisonment

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 10:43 PM IST

Youth died in police custody: আৰক্ষীৰ অত্যাচাৰত যুৱকৰ মৃত্যুৰ ঘটনাত জড়িত আৰক্ষীক যাৱজ্জীৱন কাৰাদণ্ড ৷ তিনিচুকীয়াৰ জিলা আৰু সত্ৰ ন্যায়াধীশে যাৱজ্জীৱন কাৰাদণ্ড বিহে ৬ জন আৰক্ষীক ৷

YOUTH DIED IN POLICE TORTURE
LIFE IMPRISONMENT (Representational image)

তিনিচুকীয়া, ২৬ জুন: বুধবাৰে তিনিচুকীয়াৰ জিলা আৰু সত্ৰ ন্যায়াধীশ দীপাংকৰ বৰাৰ আদালতে ৬ গৰাকীকৈ আৰক্ষীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে । উল্লেখ্য যে, বিগত ২০১৩ চনত শদিয়া মহকুমাৰ অম্বিকাপুৰৰ ১৯ এ পি (আই আৰ) বেটেলিয়নৰ শিবিৰত নিয়োজিত হৈ থকা সময়ত আৰক্ষী কেইগৰাকীয়ে এজন যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাত যুৱকজনে মৃত্যুক আকোঁৱালি ল’ব লগা হৈছিল ।

লগতে পঢ়ক: উচ্চ ন্যায়ালয়ত বটদ্ৰৱাকাণ্ডৰ শুনানী : ছফিকুল ইছলামৰ মৃত্যুৰ ঘটনাৰ শপতনামা দাখিলৰ নিৰ্দেশ - Batadrava demolition case

তিনিচুকীয়াৰ জিলা আৰু সত্ৰ ন্যায়াধীশ দীপাংকৰ বৰাৰ আদালতে গোচৰ নং ২৪ চি এইচ/২০১৮ ৰ বিপৰীতে ভাৰতীয় দণ্ডবিধিৰ ৩০২ নং ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে ৬ গৰাকী আৰক্ষীক ৷ তেওঁলোক হৈছে উপ-পৰিদৰ্শক বিশাল বড়ো, হাবিলদাৰ অনন্ত দুৱৰা, কনিষ্টবল ভৰত গগৈ, গিৰিণ শইকীয়া, উৎপল কাকতি আৰু অনন্ত কাকতি ।

ঘটনা অনুসৰি, বিগত ২০১৩ বৰ্ষৰ ৭ অক্টোবৰত দিনৰ প্ৰায় এক বজাত অম্বিকাপুৰ বজাৰত উল্লিখিত আৰক্ষী দলটোৱে অজিত সোণোৱাল নামৰ এজন স্থানীয় ব্যক্তিক উপৰ্যুপৰি প্ৰহাৰ কৰি শিবিৰলৈ লৈ গৈছিল । পিচত শদিয়া আৰক্ষীয়ে লোকজনক স্থানীয় চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱায় যদিও তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু তাতেই তেওঁ মৃত্যুমুখত পৰে ।

লগতে পঢ়ক: নিৰীহক প্ৰহাৰ : তিনি বিষয়াসহ পাঁচজন আৰক্ষীৰ ৰিজাৰ্ভ ক্ল’জ - Police Official Assault Case

সমগ্ৰ ঘটনা সন্দৰ্ভত ২০১৩ চনৰ ৯ অক্টোবৰত অজিত সোণোৱালৰ মাতৃ কৃতিকা সোণোৱালে শদিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি পুত্ৰৰ মৃত্যুৰ উচিত ন্যায় বিচাৰে । এজাহাৰৰ ভিত্তিত শদিয়া আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি গোচৰৰ তদন্তৰ ভাৰ উপ-পৰিদৰ্শক দুলুমণি বৰুৱাক ন্যস্ত কৰে । পৰৱৰ্তী সময়ত তদন্তকাৰী বিষয়াই আদালতত উল্লিখিত ছগৰাকী আৰক্ষীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ পিচত তিনিচুকীয়া জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত এই গোচৰৰ শুনানি আৰম্ভ হয় ।

এই গোচৰত তদন্তকাৰী বিষয়াই মুঠ ২৭ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিছিল । আদালতে ইয়াৰে ২৩ গৰাকীৰ বক্তব্য গ্ৰহণ কৰে । ইফালে এই ২৩ গৰাকীৰ ভিতৰত ৯ গৰাকী এই ঘটনাৰ প্ৰত্যক্ষদৰ্শী আছিল বুলি জানিব পৰা গৈছে । চৰকাৰী অধিবক্তা অশোক চৌবেৰ শক্তিশালী যুক্তি আৰু আদালতৰ দ্বাৰা সাক্ষ্য-প্ৰমাণ গ্ৰহণ কৰাৰ পিচত আজি তিনিচুকীয়া জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়াধীশ দীপাংকৰ বৰাই উক্ত ছগৰাকী অসম আৰক্ষীৰ লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে ।

লগতে পঢ়ক: যোৰহাট গ্ৰেণেড বিস্ফোৰণত জড়িত নাছিল দীপাংকৰ : আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী পৰিয়ালৰ - ULFA I GRENADE ATTACK

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.