ETV Bharat / state

শিক্ষাবৰ্ষৰ ছমাহ পাছতো যোগান ধৰা নাই মূল্যায়ন-অভ্যসন বহী - Education Department of Assam

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Education department: ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত অনুষ্ঠিত হৈছে ছাত্ৰ-ছাত্ৰীৰ দ্বিতীয় পৰ্যায়ৰ মান নিৰূপণ পৰীক্ষা । চলিত শিক্ষাবৰ্ষৰ ছমাহ উকলি যোৱাৰ পিছতো ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নাই শিক্ষা বিভাগে যোগান ধৰিবলগীয়া মূল্যায়ন আৰু অভ্যসন বহী । মূল্যায়ন বহীসমূহ মান নিৰূপণ আৰু অভ্যসন দুয়োটা ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয় । পাঠদান কার্য সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত বাধাৰ সন্মূখীন হৈছে শিক্ষকসকল ।

Six months after the academic year Not supply an assessment and reception book
শিক্ষাবৰ্ষৰ ছমাহ পাচতো যোগান ধৰা নাই মূল্যায়ন-অভ্যসন বহী (ETV Bharat Assam)

গুৱাহাটী, ২১ ছেপ্টেম্বৰ : ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডৰ ক্ষেত্রত চৰকাৰখনৰ সদিচ্ছাৰ অভাৱ প্ৰায়ে পৰিস্ফুট হয় । বিভিন্ন অজুহাতত এখনৰ পাছত আনখনকৈ বিদ্যালয় বন্ধ কৰি দিয়া হৈছে । চৰকাৰে এফালে উন্নয়নৰ কথা কয় আৰু আনফালে বিদ্যালয়সমূহক প্ৰয়োজন হোৱা আহিলা-পাতিখিনিকে সময়মতে যোগান ধৰিব নোৱাৰে । ইতিমধ্যে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ দ্বিতীয় পৰ্যায়ৰ মান নিৰূপণ পৰীক্ষা অনুষ্ঠিত হৈছে ।

ইতিমধ্যে চলিত শিক্ষাবৰ্ষৰ ছমাহ উকলি গৈছে যদিও এতিয়ালৈকে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা বিভাগে যোগান ধৰিবলগীয়া মূল্যায়ন আৰু অভ্যসন বহী লাভ কৰা নাই । প্ৰথম পৰ্যায়ৰ মান নিৰূপণ পৰীক্ষাৰো মূল্যায়ন বহী ছাত্র-ছাত্রীসকলে নিজে যোগাৰ কৰিবলগীয়া হয় ।

এতিয়া দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা দিবলৈ সাজু হোৱা ছাত্ৰ-ছাত্ৰীয়ে এনে বহী লাভ নকৰিলে । মূল্যায়ন আৰু অভ্যসন বহী সময়মতে যোগান ধৰিবলৈ শিক্ষানুষ্ঠানসমূহে বিভাগক আবেদন-নিবেদন জনাই আহিছে যদিও শিক্ষা বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই ।

বহু আবেদন-নিবেদনৰ পাছত শিক্ষাখণ্ডবোৰলৈ এপাচি শাকত এটা জালুকৰ দৰে মূল্যায়ন বহী কেইদিনমান পূৰ্বে প্ৰেৰণ কৰিছিল । কিন্তু সংশ্লিষ্ট কার্যালয়বোৰে সেই বহী কোনখন বিদ্যালয়ক দিব কোনখনক নিদিব তাক লৈ চৰম বেমেজালিত পৰে । এককথাত ক'বলৈ গ'লে মূল্যায়ন আৰু অভ্যসন বহী শিক্ষা বিভাগে যোগান ধৰাই নাই । এনে কাৰ্যৰ জৰিয়তে ৰাজ্যৰ শিক্ষা বিভাগে বিনামূলীয়া চৰকাৰী শিক্ষা ব্যৱস্থাকো ধোঁৱাচাঙত তুলিছে ।

ছমাহে মূল্যায়ন আৰু অভ্যসন বহী যোগান নধৰাক লৈ অভিভাৱকসকলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চৰকাৰী মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰীৰ বহুতৰে ঘৰুৱা আৰ্থিক অৱস্থা উন্নত নহয় । গতিকে শিক্ষা বিভাগৰ কাণ্ডই তেনে ছাত্র-ছাত্ৰীৰ অভিভাৱকসকলকো বিমোৰত পেলাইছে । ইপিনে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজে ।

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ত্রৈলোক্য ডেকাই বিদ্যালয়সমূহে শিক্ষাবৰ্ষৰ ছটা মাহ পাৰ হোৱাৰ পাছতো মূল্যায়ন আৰু অভ্যসন বহী লাভ নকৰাটো চৰম দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে । যিহেতু মূল্যায়ন বহীসমূহ মান নিৰূপণ আৰু অভ্যসন দুয়োটা ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয় সেয়েহে পাঠদানকার্য সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত শিক্ষকসকলেও বাধাৰ সন্মুখীন হৈছে ।

নাম প্ৰকাশত অনিচ্ছুক এগৰাকী শিক্ষকে কয়, "সময়মতে বিদ্যালয়ে শিক্ষাৰ্থীসকলৰ শৈক্ষিক সা-সামগ্ৰীসমূহ লাভ নকৰিলে বিদ্যালয় কর্তৃপক্ষ যথেষ্ট আহুকালৰ সন্মুখীন হ'বলগীয়া হয় । দৰাচলতে ইয়াৰ দ্বাৰা শিক্ষা বিভাগে দুখীয়া শিক্ষাৰ্থীসকলক উপেক্ষাৰ দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে ।"

এয়া হৈছে চৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰতি চৰকাৰখনৰ গুৰুত্ব । শিক্ষাৰ্থীসকলৰ প্ৰয়োজনীয় নূন্যতম সা-সুবিধাখিনিও সময় মতে যোগান কৰিব পৰা নাই বিয়াগোম শিক্ষা বিভাগে ।

লগতে পঢ়ক: বৰপেটাৰ হাউলীত মুকলি হ'ব ISRO ৰ মহাকাশ গৱেষণাগাৰ - ISRO space education

উপলব্ধ হ’ল ADRE SLRC 2024 চতুৰ্থ আৰু পঞ্চম কাকতৰ এডমিট কাৰ্ড, কেনেকৈ কৰিব ডাউনলোড… - ADRE ADMIT CARD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.