ETV Bharat / state

নিয়ন্ত্রণাধীন ঘূণাসুঁতিৰ পৰিস্থিতি : শান্তি সমিতি গঠন - Attack on TMPK members

author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 9:40 PM IST

লখিমপুৰৰ ঘুনাসুঁতিৰ পৰিস্থিতি নিয়ন্ত্রণাধীন। দেওবাৰে বিয়লি উৰীয়ামতলাত সংঘটিত ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ পাচত আৰক্ষী অৰ্ধ-সামৰিক বাহিনী নিশাই মোতায়েন কৰি পৰিস্থিতিৰ ওপৰত চকু ৰখা হয়। সোমবাৰে প্ৰশাসন তথা আৰক্ষীৰ উদ্যোগত এখন সভা অনুষ্ঠিত কৰি সকলোকে শান্তি সম্প্রীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে এখন শান্তি সমিতিও গঠন কৰা হয়।

PEACE COMMITTEE IN GHUNASUTI
ঘূণাসুঁতিত শান্তি সমিতি গঠন (ETV BHARAT ASSAM)

লখিমপুৰ, 15 জুলাই : লখিমপুৰৰ ঘূণাসুঁতিত দেওবাৰে সংঘটিত ভয়ংকৰ আক্ৰমণৰ ঘটনাই সৃষ্টি কৰা পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণাধীন ৷ সোমবাৰে প্ৰশাসন আৰু আৰক্ষীৰ উদ্যোগত এই স্থানতে এখন সভা অনুষ্ঠিত হয় ৷ সভাত সকলোৱে এই অনাকাংক্ষিত ঘটনাত দুখ প্ৰকাশ কৰাৰ লগতে এই ঘটনাই যাতে পৰৱৰ্তী সময়ত কোনো অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে সকলোৱে সম্প্ৰীতিৰে বান্ধ খাই থকাৰ সিদ্ধান্ত লয় ৷ এই সভাতে এখন শান্তি সমিতি গঠন কৰা হয় ৷ স্থানীয় ৰাজহ চক্ৰ বিষয়াক সভাপতি, লখিমপুৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক উপ-সভাপতি আৰু গাওঁৰক্ষী বাহিনীৰ সদস্য, উৰিয়ামতলাৰ চাৰিজন, বালিভেটাৰ চাৰিজন, বৰচাপৰিৰ চাৰিজন আৰু নাহৰণিৰ চাৰিজন লোকক লৈ এই শান্তি সমিতিখন গঠন কৰা হয় ৷

উল্লেখ্য যে, দেওবাৰে বিয়লি সংঘটিত এই ঘটনাৰ পাচতে সংঘর্ষজৰ্জৰ অঞ্চলটোত আৰক্ষী, অৰ্ধ-সামৰিক বাহিনী মোতায়েন কৰি পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰখা হয় ৷ জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়া সকলো অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰে ৷ নিশাৰ আন্ধাৰত যাতে কোনো ধৰণৰ আক্ৰমনৰ ঘটনা ঘটিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে সকলো ব্যৱস্থা গ্ৰহণ কৰে ৷ সোমবাৰে পুৱাৰ পৰাও অঞ্চলটো নিৰাপত্তা বাহিনীৰ চোকা দৃষ্টিত ৰখা হয় ৷ দুপৰীয়া সমীপৱৰ্তী গাঁৱৰ লোকক লৈ শান্তি সভা অনুষ্ঠিত কৰাৰ উপৰিও শান্তি সমিতি গঠন কৰা হয় ৷ আৰক্ষী তথা প্ৰশাসনৰ এনে তৎপৰতাৰ ফলত অঞ্চলটোৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ পৰে ৷

উল্লেখ্য যে, দেওবাৰে বিয়লি অঞ্চলটোত সৃষ্টি হৈছিল ৰণাংগনসদৃশ এক পৰিৱেশ ৷ আক্ৰমণ-প্ৰত্যাক্ৰমণত আহত হৈছিল কেবাজনো লোক ৷ ঘূণাসুঁতি উৰীয়ামতলাত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা ৷ আক্ৰমণৰ ফলত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় মনোৰাম টাইড আৰু দলিছন পায়েঙৰ লগতে বহু কেইজন লোক ৷ উল্লেখ্য যে, উৰীয়ামতলাৰ দিগন্ত নাথ আৰু ক্ষীৰেশ্বৰ নাথৰ পৰিয়ালৰ মাজত কিবা কাৰণত কন্দলৰ সূত্ৰপাত হৈছিল ৷ এই পৰিয়াল দুটাৰ কন্দল মীমাংসাৰ বাবে গৈছিল টি এম পি কেৰ ঘূণাসুঁতি আঞ্চলিক সমিতিৰ কেইজনমান সদস্য ৷ তেওঁলোকে বিষয়টো লৈ আলোচনা কৰি থকাৰ সময়তে হঠাৎ একাংশ লোক আহি টি এম পি কেৰ সদস্য সকলক আক্ৰমণ কৰে ৷ এই অতৰ্কিত আক্ৰমণত টি এম পি কেৰ সদস্যসকল কোনোমতে পলাই আত্মৰক্ষা কৰিলেও কেবাজনো আহত হয় ৷ প্ৰত্যাক্ৰমণত আহত হয় আক্ৰমণকাৰী দলৰ কেবাজনো লোক ৷ অৱশ্যে আৰক্ষীয়ে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পৰিস্থিতি জটিল হোৱাৰ পৰা ৰক্ষা পৰে ৷

লগতে পঢ়ক : ঘূণাসুঁতিত মিচিং সংগঠৰ সদস্যক আক্ৰমণ : গুৰুতৰভাৱে আহত কেবাজনো - Attack on TMPK members

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.