ETV Bharat / state

জোকোৱা-জুকিয়েই হ’লগৈ হত্যাকাণ্ডৰ কাৰণ ! জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত মৃত্যু কনিষ্ঠ ছাত্ৰৰ - Students Murder in Sipajhar

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Attack by senior student in Sipajhar : পাঁচ জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত মৃত্যু হ’ল নৱম শ্ৰেণীৰ ছাত্ৰৰ ৷ জোকোৱা-জুকিক কেন্দ্ৰ কৰিয়েই এই ঘটনা হত্যাকাণ্ডৰ পৰ্যায়লৈ যোৱা বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত চাৰিগৰাকী ছাত্ৰৰ লগতে সাতগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক সোধ-পোছ আৰক্ষীৰ ৷

Attack by senior student in Sipajhar
জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত মৃত্যু কনিষ্ঠ ছাত্ৰৰ (ETV Bharat Assam)

মঙলদৈ, ২৩ ছেপ্টেম্বৰ : সোমবাৰে দৰং জিলাৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত মহলীয়াপৰা পদুম পুখুৰী হাইস্কুলত সংঘটিত হ’ল ভয়ংকৰ ঘটনা ৷ স্কুল চৌহদতে পাঁচ ছাত্ৰৰ মাজত সংঘটিত হ’ল প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ দশম শ্ৰেণীৰ চাৰিজন ছাত্ৰ লগ হৈ ভৱেশ ডেকা নামৰ নৱম শ্ৰেণীৰ এজন ছাত্ৰৰ ওপৰত চলালে উপৰ্যুপৰি আক্ৰমণ ৷ ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰজনক লৈ যোৱা হয় যদিও চিকিৎসকে ছাত্ৰজনক মৃত ঘোষণা কৰে ৷

আক্ৰমণত নৱম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকাৰ মৃত্যু :

আক্ৰমণ কৰা এই ছাত্ৰকেইজন দশম শ্ৰেণীৰ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে দেওবাৰৰ পৰা এক ঘটনাক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল ভৱেশ ডেকা আৰু দশম শ্ৰেণীৰ ছাত্ৰকেইজনৰ মাজত । ফলত সোমবাৰে বিদ্যালয়ত ভৱেশ ডেকাৰ ওপৰত চলোৱা হ’ল আক্ৰমণ ৷ ফলত ছাত্ৰজনৰ মৃত্যু ঘটে ৷

ঘটনা সন্দৰ্ভত সহপাঠীৰ ভাষ্য :

এই ঘটনা সন্দৰ্ভত ভৱেশ ডেকাৰ সহপাঠীয়ে মন্তব্য প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত ৷ এগৰাকী ছাত্ৰীয়ে জনোৱা অনুসৰি ভৱেশে বুঢ়ী নগৰ পুখুৰী পাৰত থাকোতে দুজনে শাৰীৰিকভাৱে প্ৰহাৰ কৰে । এই সন্দৰ্ভত ভৱেশে সমনীয়াক অৱগতও কৰিছিল ৷ ইয়াৰ পিছতে ভৱেশে দশম শ্ৰেণীৰ এজন ছাত্ৰক কিয় কালি মাৰিলে বুলি প্ৰশ্ন কৰে । ইয়াতে খৰ্গহস্ত হৈ পুনৰ মাৰপিট কৰে ভৱেশক । ফলত ভৱেশ মাটিত বাগৰি পৰে আৰু তাৎক্ষণিকভাৱে মৃত্যু ঘটে ৷ ছাত্ৰীগৰাকীয়ে জনোৱা অনুসৰি বিদ্যালয়খনত প্ৰায়ে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ।

ঘটনা সন্দৰ্ভত ভৱেশৰ পিতৃৰ ভাষ্য :

মৃত ভৱেশ ডেকাৰ পিতৃয়ে কয় যে দেওবাৰে দশম শ্ৰেণীৰ ছাত্ৰকেইজনে মাৰপিট কৰা সন্দৰ্ভত তেওঁক জনাইছিল ভৱেশে । পৰীক্ষাৰ পিছতে শিক্ষকক অৱগত কৰোৱাৰ বাবে পিতৃৰ সৈতে কথাও হৈছিল । সোমবাৰে স্কুলত মাৰপিট কৰি হত্যা কৰিলে যদিও দেওবাৰে ভৱেশক বুঢ়ীনগৰ পুখুৰীত হত্যা কৰাৰ পৰিকল্পনা কৰাৰ সন্দেহ কৰিছে পিতৃয়ে । স্কুল কৰ্তৃপক্ষৰ দুৰ্বলতাৰ সুযোগ লৈ প্ৰতিদিনে বিদ্যালয়খনত মাৰপিট হৈ থকাৰ অভিযোগ উত্থাপন কৰে পিতৃগৰাকীয়ে ৷

আছুৰ প্ৰতিক্ৰিয়া :

আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পৰাগ চহৰীয়া বিদ্যালয়খনত উপস্থিত হৈ বিদ্যালয় কৰ্তৃপক্ষৰ চূড়ান্ত অনুশাসনহীনতাৰ বাবে এনে ঘটনা হ’বলৈ পালে বুলি মন্তব্য কৰে ৷ আছু নেতাগৰাকীয়ে কয়, ‘‘পাঠদান চলি থকা সময়তে এনে ঘটনা ৷ সহপাঠী ছাত্ৰৰ আক্ৰমণ, অথচ শিক্ষক-কৰ্মচাৰীসকল জ্ঞাত নহয় ৷ এয়া অনুশাসন নোহোৱাৰ ফল ।’’ অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিয়েও বিদ্যালয়ৰ প্ৰতি গুৰুত্ব দিব লাগে বুলি কয় পৰাগ চহৰীয়াই ৷ এগৰাকী সুস্থ শৰীৰে বিদ্যালয়লৈ অহা ছাত্ৰ মৃতদেহ হৈ ঘৰলৈ যাবলগীয়া এই ঘটনাৰ বাবে দায়ী কোন বুলি প্ৰশ্ন কৰি ঘটনা সন্দৰ্ভত তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনাই ছাত্ৰনেতাগৰাকীয়ে ।

ইপিনে ঘটনাৰ পিছতে ছিপাঝাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত উত্তেজনাময় পৰিৱেশৰ শাম কাটে । ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে আৰক্ষীয়ে চাৰিগৰাকী ছাত্ৰক থানালৈ লৈ যায় ৷ তদুপৰি বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী জানকী কুমাৰসহ ৭ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক আৰক্ষীয়ে থানালৈ লৈ যায় ৷

লগতে পঢ়ক : ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগত উত্তাল গোৱালপাৰা

ৰেগিঙত জড়িত নহৈ ভাল মানুহ হোৱাৰ চেষ্টা কৰিব লাগে ছাত্ৰ-ছাত্ৰীয়ে: দেৱশীষ শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.