ETV Bharat / state

কলকাতাকাণ্ডৰ বিৰুদ্ধে মৌন সমদল সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ - Kolkata Doctor Rape murder

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 10:28 PM IST

Protest against rape murder : কলকাতাৰ আৰ জি কৰ চিকিৎসালয়ত কনিষ্ঠ চিকিৎসকক অতি নৃশংসভাৱে ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক লৈ অসমতো প্ৰতিবাদ অব্যাহত ৷ ৰাজ্য়জুৰি মৌন সমদল-মমবাতি জ্বলাই প্ৰতিবাদী কাৰ্যসূচী ।

Protest against rape murder
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিবাদ (ETV Bharat Assam)

গোলাঘাট/ধেমাজি, ২৩ আগষ্ট: দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো কলকাতাকাণ্ডৰ বিৰুদ্ধে অব্যাহত আছে তীব্ৰ প্ৰতিবাদ । ইয়াৰে অংশৰূপে শুকুৰবাৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে ৰাজ্য়জুৰি মৌন সমদল আৰু মমবাতি জ্বলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । ৰাজ্য়ৰ আন ঠাইৰ লগতে গোলাঘাট আৰু ধেমাজিতো এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ।

গোলাঘাটত মৌন সমদল:

দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই গোলাঘাট নগৰৰ মাজমজিয়াৰ বাটা চাৰিআলিত হাতত মববাতি লৈ মৌন সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ গোলাঘাট জিলা সমিতিয়ে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি গোলাঘাট জিলা সমিতিৰ সম্পাদিকা ৰূপা শইকীয়াই কয়," যোৱা ৯ আগষ্টত কলকতাৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী চিকিৎসকক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰা হ'ল । উক্ত ঘটনাৰ আমি সকলোৱে একেমুখে গৰিহণা দিছো আৰু লগতে এই সমগ্ৰ ঘটনাৰ লগত জড়িত দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰি ন্যায় দিয়ে তাৰ বাবে আজি এনেদৰে মৌন সমদল কৰি মববাতি জ্বলাই মৃতকৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছো । এনেধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে সকলোকে আহ্বান জনাইছো । যি নাৰীক ভাৰতবৰ্ষত দেৱী বুলি পূজা কৰা হয় সেই নাৰীক যাতে সকলো দিশৰ পৰা ৰক্ষণাবেক্ষণ দিয়ে আৰু উক্ত ঘটনাৰ লগত জড়িত সকলোকে চৰকাৰ তথা ন্যায়পালিকাই উচিত শান্তি প্ৰদান কৰে আমি তাৰে কামনা কৰিছো ।"

সুৰক্ষা বিচাৰি ধেমাজিত প্ৰতিবাদ:

চিকিৎসক হত্যাৰ বিৰুদ্ধে ধেমাজিত আজি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ধেমাজি জিলা সমিতিয়ে মমবাতি জ্বলাই প্ৰতিবাদ জনায় ৷ দেশ কঁপাই যোৱা কলকাতাৰ মহিলা চিকিৎসকৰ হত্যাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতেই ধেমাজিতো আজি লেখিকা সমাৰোহ সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰীসকলে ধেমাজি তিনিআলিৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ এক মৌন প্ৰতিবাদী সমদল উলিয়াই জিলা আয়ুক্তৰ জৰিয়তে নাৰীৰ সুৰক্ষাৰ দাবীত ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ লগতে স্মাৰকপত্ৰৰ প্ৰতিলিপি মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈও পৃথকে পৃথকে প্ৰেৰণ কৰে ৷

লগতে পঢ়ক:পশ্চিমবংগৰ ধৰ্ষণ-হত্যাৰ ঘটনাৰ ন্যায়ৰ দাবীত শিক্ষাৰ্থীৰ প্ৰতিবাদ - Students protest in lakhimpur

কলকাতাৰ জঘন্য ঘটনাৰ বিৰুদ্ধে কলগাছিয়াত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী - Kolkata Doctor Rape murder

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.