ETV Bharat / state

ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী খালিস্তানীক সাক্ষাৎ পঞ্জাৱ শিৰোমণি প্ৰৱন্ধক সমিতিৰ - Khalistani Militant Amritpal Singh - KHALISTANI MILITANT AMRITPAL SINGH

Shiromani Gurdwara Parbandhak Committee : কাৰাগাৰৰ ভিতৰতে অনশনত বহা খালিস্তানীক অনশন ভংগৰ বাবে উপস্থিত পঞ্জাৱ শিৰোমণি প্ৰৱন্ধক সমিতি ৷

shiromani-gurdwara-parbandhak-committee-visits-dibrugarh-central-jail-to-meet-khalistani-leaders
পঞ্জাৱ শিৰোমণি প্ৰৱন্ধক সমিতি
author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 9:13 PM IST

পঞ্জাৱ শিৰোমণি প্ৰৱন্ধক সমিতিৰ সদস্যৰ ভাষ্য

ডিব্ৰুগড়, 21 মাৰ্চ : ৱাৰিছ পঞ্জাৱ দেৰ অমৃতপাল সিংসহ আন ৯জন খালিস্তানী নেতাই দিন পাৰ কৰিছে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত । পঞ্জাৱৰ ঘটনাৰ পাচতে অমৃতপাল সিঙক পঞ্জাৱৰ মোগা জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পাচতেই ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হৈছিল । লগতে অমৃতপাল সিঙৰ 9 সহযোগীকো লৈ অনা হৈছিল ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ ।

কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে এইসকল খালিস্তানী নেতাক । বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয় পঞ্জাৱ শিৰোমণি গুৰুদ্বাৰ প্ৰৱন্ধক সমিতিৰ ৭ জন সদস্য । ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অমৃতপাল সিং, পাপলপ্ৰীত সিং, দলজিৎ সিং কালসী, কুলৱন্ত সিং ধলিৱাল, বৰিন্দৰ সিং জোহল, গুৰমীত সিং বুক্কানৱালা, হৰজিৎ সিং, বসন্ত সিং, গুৰিন্দৰ সিং আউজলা আৰু ভগৱন্ত সিং ওৰফে প্ৰধানমন্ত্ৰী বাজেকক সাক্ষাৎ কৰে এই দলটোৱে । অমৃত পাল সহ‌ ৯‌ খালিস্তানীক পঞ্জাৱলৈ হস্তান্তৰ কৰাৰ দাবীত কাৰাগাৰৰ ভিতৰতে অনশন কৰি আছে কাৰাবন্দী কেইজনে । ইতিমধ্যে তিনিজন কাৰাবন্দীৰ স্বাস্থ্যৰ অৱনতি ঘটাত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ।

কাৰাগাৰত থকা খালিস্তানী নেতা কেইজনৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে অনশন ভংগ কৰাৰ আহ্বান জনাবলৈ ডিব্ৰুগড়লৈ আহিছে পঞ্জাৱ শিৰোমণি প্ৰবন্ধক সমিতি । পঞ্জাৱ শিৰোমণি প্ৰবন্ধক সমিতিৰ সদস্যসকলে জানিবলৈ দিয়া অনুসৰি কাৰাবন্দী খালিস্তানী সদস্য কেইজনৰ পৰিয়ালৰ লোকেও পঞ্জাৱত অনশনত বহিছিল । পঞ্জাৱ শিৰোমণি গুৰুদ্বাৰ প্ৰবন্ধক কমিটীয়ে পৰিয়ালৰ লোকৰ অনশন ভঙাৰ লগতে কাৰাবন্দী কেওজনকে অনশন নকৰিবলৈ অনুৰোধ জনোৱাৰ লগতে গুৰু প্ৰসাদ প্ৰদান কৰে বুলি জানিবলৈ দিয়ে । তদুপৰি কাৰাবন্দী কেওজনকে মানৱতাৰ দৃষ্টিকোণেৰে অমৃতসৰলৈ স্থানান্তৰিত কৰিবলৈ চৰকাৰক অনুৰোধ জনাই পঞ্জাৱ শিৰোমণি প্ৰৱন্ধক সমিতিয়ে ।

লগতে পঢ়ক : সুৰক্ষাৰ দোহাই দি জেল কৰ্তৃপক্ষই দিয়া আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত অমৃতপাল সিং আৰু সহযোগীসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.