জোনাই, ১৬ মাৰ্চ : চৰকাৰী তথ্য মতে কাগজে-পত্ৰই ইয়াত গাঁও আছে যদিও তাৰ প্ৰকৃত ছবি এয়াহে । হয়, এয়া চিলাপথাৰৰ মালিনীপুৰ পঞ্চায়তৰ দৃশ্য ৷ বাৰিষা কালত মালিনীপুৰত পাহাৰীয়া খৰস্ৰোতা পিয়া নলাৰ বানে চলোৱা বিভীষিকাই মৰিশালিলৈ পৰ্যৱসিত কৰে তিনিখনকৈ গাঁৱক ৷ একেবাৰেই শুকান হৈ পৰা এই তিনিখন কৃষিজীৱী গাঁৱত আজিও উন্নয়নৰ আন্তঃগাঁথনিৰ অভাৱ ।
অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী মালিনীপুৰ পঞ্চায়তত বিগত বৰ্ষৰ বাৰিষাত চুবুৰীয়া প্ৰদেশখনৰ লিকাবালি পাহাৰৰ পৰা বাগৰি অহা পিয়া নলাৰ বানে বিধস্ত কৰে ৪৭ টা পৰিয়ালৰ ঘৰ-ভেটি । যোৱা বাৰিষাৰ এটা পুৱতি নিশা আকস্মিকভাৱে অহা পাহাৰীয়া নলাৰ ভয়ংকৰ বানে চকুৰ পচাৰতে উটুৱাই নিয়ে স্থানীয় ৰাইজৰ ঘৰবাৰী ।
বানৰ লগত অহা বালি-পলসে পুতি ধংসস্তুপত পৰিণত কৰিলে পঞ্চায়তখনৰ ৫ নং ৱাৰ্ড বংকৰপল, চিলি হাতীগড় আৰু ভাঞ্চে গাঁও । নিমাত নিতাল মৰিশালি সদৃশ পৰিৱেশে আজিও বিৰাজ কৰি আছে সেই অঞ্চলত । বানত সৰ্বস্ব হেৰুৱাই আত্মীয় স্বজনৰ ঘৰত আজি পৰ্যন্ত আশ্ৰয় লৈ আছে বানাক্ৰান্তই । বিস্তৃত কৃষিপথাৰ, মূল্যবান গছ- গছনি, ফচলৰ বাৰী সকলো বালি আৰু পলসৰ তলত পোত গ'ল । বিশাল মৰুভূমিলৈ পৰিণত হ'ল উৰ্বৰ কৃষিভূমি ।
কেৱল ইমানেই নহয় বিদ্যালয়-নামঘৰ সকলো বালিত সমাধিস্থ হ'ল। বাট-পথ বুলি ক'বলৈ বৰ্তমান একোৱেই নাই। উল্লেখ্য যে, যি সময়ত শাসকীয় চৰকাৰখনে ৰাজ্যৰ চৌদিশে উন্নয়নৰ গংগা বৈছে বুলি সভা-সমিতিত ভাষণ দি আহিছে তেনেস্থলত এই দৃশ্য স্বচক্ষে দেখিলেহে আপুনি বুজিব পাৰিব দৰাচলতে গ্ৰাম্য অঞ্চলত কিমান উন্নয়ন হৈছে ? কিন্তু আচৰিত কথা যে নিৰ্বাচনৰ সময়ত ৰাইজৰ কাষ চপা সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগু এইসকল মানুহৰ ওচৰলৈ এবাৰো গৈ নাপালে !
আনকি পঞ্চায়তৰ প্ৰতিনিধিয়ে খবৰ নোলোৱাৰো অভিযোগ তুলিছে বান-বিধ্বস্ত গঞাই । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুক পইচা খৰচ কৰি ৰাজ্যৰ বাহিৰলৈ গৈ ৰাজস্থান চোৱাতকৈ চিলাপথাৰৰ মিনি ৰাজস্থানখনকে স্বচক্ষে পৰিদৰ্শন কৰিবলৈ হাতজোৰ কৰি অনুৰোধ জনাইছে ৰাইজে ।
লগতে পঢ়ক : TMPK-MMK-TMMKৰ সভাত আক্ৰমণ এমএচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্যৰ সমৰ্থকৰ