ETV Bharat / state

লখিমপুৰত এফালে কেবিনেট বৈঠক আনফালে উত্তাল প্ৰতিবাদ - Tribalisation of Six Tribes

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 4:32 PM IST

Protest in Lakhimpur : লখিমপুৰত বুধবাৰে আয়োজন কৰা হয় অসম চৰকাৰৰ কেবিনেট বৈঠক । কেবিনেট বৈঠকৰ বিপৰীতে একাধিক সংগঠনে সাব্যস্ত কৰিলে প্ৰতিবাদ ।

Protest in Lakhimpur
লখিমপুৰত এফালে কেবিনেট বৈঠক, আনফালে উত্তাল প্ৰতিবাদ (ETV Bharat Assam)

লখিমপুৰ, ৪ ছেপ্টেম্বৰ : লখিমপুৰত এফালে কেবিনেট বৈঠক, আনফালে প্ৰতিবাদ ৷ উত্তাল পৰিৱেশ ৷ লখিমপুৰত প্ৰথমবাৰৰ বাবে বুধবাৰে অনুষ্ঠিত হৈছে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক । এই বৈঠক উপলক্ষে মুখ্যমন্ত্ৰীসহ কেবিনেট মন্ত্ৰীসকল উপস্থিত হৈছে লখিমপুৰত ৷ মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকৰ পূৰ্বে পাঁচটাকৈ প্ৰকল্প উদ্বোধন আৰু পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় ।

চৰকাৰৰ এনে কাৰ্যসূচীৰ সমানে একাধিক সংগঠনে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী । চুতীয়া জাতি যুৱ সন্মিলন, ছয় জনগোষ্ঠীয় ঐক্য মঞ্চ আদিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । চুতীয়া জাতি যুৱ সন্মিলনে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।

আনহাতে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী আদিৰ প্ৰতিকৃতি দাহ কৰে । মূলতঃ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সংগঠনসমূহে উক্ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । প্ৰতিবাদকাৰীসকলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত আৰু ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে ।

কাৰ্যসূচীত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দীপক বৰা, চুতীয়া জাতি যুৱ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ধৰ্মপ্ৰাণ চুতীয়া, সাংগঠনিক সম্পাদক জয়ন্ত হাজৰিকাসহ ভালেমান কৰ্মীয়ে অংশগ্ৰহণ কৰে । উল্লেখ্য যে মঙলবাৰে নিশা চুতীয়া জাতি যুৱ সন্মিলনৰ কেন্দ্ৰীয় সম্পাদক কৌস্তভ চুতীয়াক আৰক্ষীয়ে আটক কৰে । এই লৈও প্ৰতিবাদ জনাই চুতীয়া জাতি যুৱ সন্মিলনে । অতি সোনকালে তেওঁক মুকলি কৰি দিবলৈও তেওঁলোকে দাবী জনায় ।

লগতে পঢ়ক : যোৰাবাটৰ ৰাজপথত পানী ফালি ফালি লখিমপুৰৰ কেবিনেটলৈ ওলাল মুখ্যমন্ত্ৰী

জনজাতিকৰণ, ভূমি পট্টা, মজুৰি বৃদ্ধিৰ দাবীৰে আছাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.