ETV Bharat / state

পুত্ৰই কিয় প্ৰাণ ল'লে পিতৃৰ ? - Guwahati murder case

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 6:33 PM IST

Guwahati murder case: গুৱাহাটীত ৰহস্যজনক ঘটনা সংঘটিত হৈছে । অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পিছত পুত্ৰই পিতৃক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে । অভিযুক্ত পুত্ৰক গ্ৰেপ্তাৰ । তদন্ত অব্যাহত আছে ।

Guwahati murder case
পুত্ৰই কিয় প্ৰাণ ল'লে পিতৃৰ (ETV Bharat)

গুৱাহাটী,২৪ মে': ৰাজ্যত অপৰাধজনিত ঘটনা ভয়ংকৰভাৱে বৃদ্ধি পাইছে ! নিতৌ পৰিয়ালকেন্দ্ৰিক সংঘৰ্ষৰ ঘটনা সংঘটিত হোৱা দেখা গৈছে । ইয়াৰ মাজতে গুৱাহাটীৰ মাজমজিয়াত নৃশংস ঘটনা । পুত্ৰৰ হাতত প্ৰাণ গ'ল ভৰত দাস নামৰ এজন লোকৰ । মহানগৰীৰ আনন্দ নগৰত সংঘটিত হৈছে এই ঘটনাটো । ঘটনাক কেন্দ্ৰ কৰি গুৱাহাটীৰ জাপৰিগোগত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত পুত্ৰ জোন দাসক । পাৰিবাৰিক কন্দলৰ বাবেই এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ।

জানিব পৰা মতে দেওবাৰে এই ঘটনাটো সংঘটিত হৈছিল । অভিযোগ অনুসৰি পিতৃ ভৰত দাসে প্ৰায় সুৰাপান কৰি ঘৰত অশান্তিৰ সৃষ্টি কৰিছিল । সেইদিনাও মৃত ভৰত দাসে সুৰাপান কৰি আহি পত্নী আৰু পুত্ৰ জোনক আক্ৰমণ কৰিছিল । এনে কাৰ্যত অতিষ্ঠ হৈ পুত্ৰ জোনে পিতৃক ডিঙিত ফাঁচ লগাই হত্যা কৰাৰ অভিযোগ উঠিছে । পিচত অচেতন হৈ পৰা পিতৃক জিএমচিএইছলৈ প্ৰেৰণ কৰা হৈছিল । কিন্তু হাস্পতাল পোৱাৰ পূৰ্বে তেওঁৰ মৃত্যু হয় ।

ইফালে জোনে ঘৰত প্ৰথমে কয় যে পিছলি পৰাৰ ফলতে পিতৃৰ মৃত্যু হৈছিল । মৃত্যুৰ পিছত ভৰতৰ মৃতদেহ গোৰেশ্বৰৰ গাঁৱৰ ঘৰলৈ লৈ যোৱা হয় আৰু তাত শেষকৃত্য সম্পন্ন কৰা হয় । অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পিছতহে পুত্ৰ জোনে খুড়াকক সকলো কথা বিৱৰি কয় । ভয়ংকৰ ভাষ্য শুনি পুত্ৰক ৰাইজে বাইহাটা চাৰিআলি আৰক্ষীক হস্তান্তৰ কৰে ।

বাইহাটা থানাৰ পৰা বৃহস্পতিবাৰে নিশা অভিযুক্ত পুত্ৰক দিছপুৰ থানালৈ অনা হয় । সম্প্ৰতি দিছপুৰ থানাৰ আলহী অভিযুক্ত হত্যাকাৰী পুত্ৰ । জানিব পৰা মতে হত্যাকাৰী পুত্ৰ জোন দাস জু ৰোডৰ এটা গাড়ীৰ এজেঞ্চিত কাম কৰে । আনহাতে মৃত পিতৃ আছিল এগৰাকী ইলেক্ট্ৰিচিয়ান ।

লগতে পঢ়ক :নিশাৰ উত্তাল মহানগৰী : চাৰি ড্ৰাগছ আসক্তৰ আক্ৰমণত কথমপি প্ৰাণৰক্ষা ৰেপিড’ চালকৰ - RAPIDO DRIVER ATTACK IN GUWAHATI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.