নলবাৰী, 31মে’: একেদিনাই তিনিটাকৈ মৃতদেহ উদ্ধাৰৰ ঘটনাই ব্যপক চাঞ্চল্যৰ সৃষ্টি কৰিছে নলবাৰী জিলাত ৷ দুজন যুৱক আৰু এজন আৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ হৈছে জিলাখনত ৷ তিনিটাকৈ মৃতদেহ উদ্ধাৰৰ ঘটনাই স্বাভাৱিকতেই জিলাখনৰ লোকসকলক আচৰিত কৰি তুলিছে ৷ ইতিমধ্যে পৃথকে পৃথকে উদ্ধাৰ হোৱা তিনিওটা মৃতদেহৰ ক্ষেত্ৰত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
হোটেলৰ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ: শুকুৰবাৰে পুৱা নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত কাপলাবড়ী চ’ক ৰহস্যজনকভাৱে উদ্ধাৰ হয় এজন ২০ বছৰীয়া যুৱকৰ মৃতদেহ ৷ যুৱকজনৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যই বিৰাজ কৰে সমগ্ৰ কাপলাবড়ী অঞ্চলটোত ৷ কোনোৱে যুৱকজনক হত্যা কৰি পেলাই থোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ ৷ মৃত যুৱকজন ২নং কাপলাবড়ীৰ তপন বৰ্মন বুলি চিনাক্ত কৰা হৈছে ৷
লগতে পঢ়ক: ৰাজপথৰ মাজত অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ : শৰীৰত আঘাতৰ চিন স্পষ্ট - HALF NAKED Dead body recovered
যুৱকজন কাপলাবড়ীৰ চ'ক বজাৰৰ এখন হোটেলত কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল ৷ তপনক কোনোবাই ফোন কৰি মাতি নি হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে । পৰিয়ালৰ লোকে ব্যক্ত কৰা অনুযায়ী তপন বৰ্মনৰ পৰিয়ালে ব্যৱসায়ী এজনৰ পৰা সূদৰ বিনিময়ত কিছু টকা ধাৰলৈ লৈছিল, কিন্তু টকাখিনি উভতাই দিয়াৰ বাবে পৰিয়ালটোৱে প্ৰায়েই ব্যৱসায়ীগৰাকীৰ ধমকিৰ সন্মুখীন হৈ আছিল । ইতিমধ্যে ঘটনাস্থলীত মুকালমুৱা আৰু দৌলাশাল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ যায় আৰু মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । লগতে প্ৰথমিক পৰ্যায়ৰ তদন্তও আৰম্ভ কৰে আৰক্ষীয়ে ৷
লগতে পঢ়ক: শৌচালয়ৰ টেংকিৰ গাঁতত পৰি অকাল মৃত্যুক সাৱটিলে দুই শিশুৱে - Tragic incident in barpeta road
পানীত উপঙি থকা আন এটা মৃতদেহ উদ্ধাৰ: নলবাৰী চহৰৰ কাজিপাৰাতো একেদিনাই পুৱা পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ । মৃত যুৱকজন নলবাৰী জিলাৰ পকোৱা গাঁৱৰ মুন হালৈ বুলি জানিব পৰা গৈছে । নলবাৰী চহৰৰ কাজিপাৰাৰ অমিতাভ ডেকাৰ বাসগৃহৰ সন্মুখৰ এটা পুখুৰীৰ পানীত উপঙি থকা অৱস্থাত উদ্বাৰ কৰা হয় মুন হালৈ নামৰ যুৱকজনৰ মৃতদেহ । যুৱকজনৰ মৃত্যুৰ সন্দৰ্ভত এতিয়াও সঠিকভাৱে জানিব পৰা নাই ৷ এয়া হত্য়া নে আত্মহত্যা নে আন কোনো কাৰণত যুৱকজনৰ মৃত্যু ঘটিল সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
থানা চৌহদত আৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ: ইফালে একেদিনাই দুটাকৈ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই একেদিনাই নলবাৰীত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এজন আৰক্ষী কনিষ্টবলৰ মৃতদেহ । ঘগ্ৰাপাৰ আৰক্ষী থানাৰ হেমাংগ ভট্ট নামৰ আৰক্ষী কনিষ্টবলগৰাকীৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে থানা চৌহদত । আৰক্ষী থানাৰ শৌচালয়ত উদ্ধাৰ হৈছে কনিষ্টবলগৰাকীৰ মৃতদেহ । ইয়াকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ঘগ্ৰাপাৰ থানাত ।
থানা চৌহদৰ শোচালয়ত বেৰত আঁউজি থকা অৱস্থাত অতি ৰহস্যজনকভাৱে মৃতদেহটো উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে । ৩৫ বছৰীয়া হেমাংগ ভট্ট নামৰ আৰক্ষী কনিষ্টবলগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বৰ্তমান ঘগ্ৰাপাৰ আৰক্ষী থানাত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । মৃত কনিষ্টবল হেমাংগ ভট্টৰ ঘৰ নলবাৰীতে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: নৃশংস হত্য়াকাণ্ডই জোকাৰিছে বৰপেটা-গোলাঘাট - Sensational murder in Assam