ETV Bharat / state

ৰাজ্যৰ গৃহ সচিব শিলাদিত্য চেতিয়াৰ আত্মহনন : পত্নীক হেৰুৱাই মুহূৰ্ততে ল'লে চৰম সিদ্ধান্ত - Shiladitya Chetia commits suicide

author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 5:29 PM IST

Updated : Jun 18, 2024, 8:47 PM IST

IPS Shiladitya Chetia : ৰাজ্য চৰকাৰৰ গৃহ সচিব তথা জ্যেষ্ঠ আই পি এছ বিষয়া শিলাদিত্য চেতিয়াৰ আত্মহনন ৷ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ আত্মহননৰ ঘটনাই জোকাৰিছে ৰাজ্যৰ গৃহ বিভাগক ৷ এখন ব্যক্তিগত হাস্পতালত মৃত্যু চেতিয়াৰ ৷

SHILADITYA CHETIA COMMITS SUICIDE
শিলাদিত্য চেতিয়াৰ আত্মহত্যা (Etv Bharat Assam)

গুৱাহাটী, 18 জুন : মঙলবাৰে বিয়লি অহা এটা খবৰে জোকাৰি গৈছে ৰাজ্য চৰকাৰৰ গৃহ বিভাগক ৷ খবৰটো হৈছে - অসম-মেঘালয় কেডাৰৰ শীৰ্ষ আই পি এছ বিষয়া শিলাদিত্য চেতিয়াৰ আত্মহনন ৷ 2009 বৰ্ষৰ আই পি এছ বিষয়াগৰাকীয়ে মঙলবাৰে বাছি লয় এই চৰম পন্থা ৷

শীৰ্ষ আৰক্ষী বিষয়া শিলাদিত্য চেতিয়াৰ আত্মহনন (Etv Bharat Assam)

সম্প্ৰতি গৃহ বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছিল প্ৰয়াত চেতিয়াই ৷ মঙলবাৰে নিজৰ ছাৰ্ভিচ ৰিভলভাৰৰে মূৰত গুলীয়াই আত্মহত্যা কৰে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে ৷ গৃহ বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে বহুকেইখন জিলাৰ আৰক্ষী অধীক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছিল চেতিয়াই ৷ তেওঁ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰা অসমৰ কেইখনমান জিলা হৈছে ক্ৰমে- নলবাৰী, শোণিতপুৰ, তিনিচুকীয়া, গোলাঘাট, বৰপেটা, কোকৰাঝাৰ আদি ৷

লগতে পঢ়ক: একপক্ষীয় প্ৰেমৰ ভয়ংকৰ পৰিণতি : এটা পৰিয়ালৰ 5 গৰাকী লোকক নৃশংসভাৱে হত্যা, ঘাতকৰ আত্মহত্যা - BRUTAL MURDER CASE

প্ৰাপ্ত তথ্য় অনুসৰি, বিগত চাৰিমাহ ধৰি বিধিগতভাৱে ছুটীত আছিল শিলাদিত্য চেতিয়া ৷ চেতিয়াৰ পত্নী আগমণি বৰবৰুৱাই দুৰাৰোগ্য কৰ্কট ৰোগত ভূগি থকাৰ বাবে গুৱাহাটী মহানগৰীৰে এখন ব্যক্তিগত হাস্পতালত তেওঁৰ চিকিৎসা চলি আছিল ৷ চিকিৎসাধীন অৱস্থাতে পত্নীয়ে মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰাৰ খবৰ চিকিৎসকৰ জৰিয়তে লাভ কৰে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে ৷ তাৰ পিচতে তেওঁ গ্ৰহণ কৰে চৰম সিদ্ধান্ত ৷

এই সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে পত্নীৰ মৃতদেহ থকা কক্ষটোত উপস্থিত থকা পৰিয়ালৰ লোক তথা চিকিৎসক, নাৰ্চ আদিকে ধৰি চিকিৎসালয় কৰ্তৃপক্ষক কৌশলেৰে বাহিৰলৈ উলিয়াই পঠিয়াইছিল আই পি এছ বিষয়াগৰাকীয়ে ৷ পত্নীৰ আত্মাৰ সদগতিৰ বাবে তেওঁ প্ৰাৰ্থনা কৰিব বুলি কোৱাত সকলোৱে কোঠাটোৰ পৰা ওলাই যায় ৷ তাৰ পাচতে তেওঁ এই চৰম পন্থা গ্ৰহণ কৰে ৷ মৃত চেতিয়াৰ প্ৰকৃত ঘৰ শিৱসাগৰৰ হাঁহচৰা কুঁজিবালিত আছিল ৷

অকস্মাতে এই ঘটনা সংঘটিত হোৱাৰ পিচত চিকিৎসকে চেতিয়াক মৃত ঘোষণা কৰে ৷ শীৰ্ষ আই পি এছ বিষয়াগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে ৷

ইতিমধ্যে হাস্পতাল চৌহদত উপস্থিত হৈছে অসম আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়া ৷ লগতে স্বামী-স্ত্ৰীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

লগতে পঢ়ক: অস্ত্ৰোপচাৰৰ পিচতে চিকিৎসালয়ত আত্মহত্যা ৰোগীৰ ? অসম চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা - Assam Medical College and Hospital

সাত জনমৰ সাক্ষী হিচাপে প্ৰতিশ্ৰুতিবদ্ধ জীৱনসংগীৰ মৃত্যুক সহজভাৱে গ্ৰহণ কৰিব নোৱাৰি শীৰ্ষ আই পি এছ বিষয়াগৰাকীয়ে এনেদৰে আত্মঘাতী হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সকলোৱে একেমুখে প্ৰকাশ কৰিছে ৷

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ) ।)

Last Updated : Jun 18, 2024, 8:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.