ETV Bharat / state

কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৰোহ

author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 6:59 PM IST

Convocation in Nalbari: নলবাৰীত উপস্থিত ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়া । কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৰোহ । সমাৰোহত ২০২০-২২ আৰু ২০২১-২৩ বৰ্ষত কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা ১১ গৰাকী শিক্ষাৰ্থীক এম.ফিল ডিগ্ৰী আৰু ৪৩১ গৰাকী শিক্ষাৰ্থীক স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হয় ।

Convocation in Nalbari
কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৰোহ

নলবাৰী,২০ মাৰ্চ: বুধবাৰে নলবাৰী জিলা পুথিভঁৰালত অনুষ্ঠিত হয় কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৰোহ । উক্ত সমাৰোহত উপস্থিত থাকে অসমৰ ৰাজ্যপাল তথা কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ আচাৰ্য গুলাবচান্দ কাটাৰীয়া । উক্ত সমাৰোহত ২০২০-২২ আৰু ২০২১-২৩ বৰ্ষত কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা ১১ গৰাকী শিক্ষাৰ্থীক এম.ফিল ডিগ্ৰী আৰু ৪৩১ গৰাকী শিক্ষাৰ্থীক স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰে ।

এই অনুষ্ঠানতে বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগৰ শ্ৰেষ্ঠ স্নাতকোত্তৰসকলক একোটাকৈ সোণৰ পদকো প্ৰদান কৰা হ'য় ৷ লগতে সংস্কৃত বিভাগৰ পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আৰ্থিকভাৱে পিচপৰা পৰিয়ালৰ মেধাসম্পন্ন দুগৰাকী ছাত্ৰীক ১০ হাজাৰ টকা 'ধ্ৰুৱনাৰায়ণ আৰু মাখনী গোস্বামী বৃত্তি' প্ৰদান কৰা হয় ৷ উক্ত অনুষ্ঠানটোত উপস্থিত থাকে শিক্ষাৰ্থী,অভিভাৱকসকলৰ লগতে বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদ আৰু শৈক্ষিক পৰিষদৰ সকলো সদস্যৰ লগতে নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকা ।

মুখ্য অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানটিৰ সৌস্থৱ বৃদ্ধি কৰে ভাৰতীয় ভাষা সমিতিৰ অধ্যক্ষ, পদ্মশ্ৰী বঁটাপ্ৰাপক চমু কৃষ্ণ শাস্ত্ৰী । উক্ত সভাতে চমু কৃষ্ণই ভাৰতবৰ্ষত সংস্কৃত ভাষাৰ ভৱিষ্যতে ল'বলগা ভূমিকা সম্পৰ্কে আৰু সংস্কৃতৰ মহত্ত্ব সম্পৰ্কে তত্বগধুৰ বক্তব্য প্ৰদান কৰে ৷ ইপিনে ৰাজ্যপালগৰাকীয়ে অনাদিকালৰ পৰা বৰ্তমানলৈকে ভাৰতত সংস্কৃত ভাষাটোৱে লোৱা ভুমিকা সম্পৰ্কে ভাষণ প্ৰদান কৰে ৷ তেখেতে ছাত্ৰ-ছাত্ৰীসকলক ভাৰতৰ অতীতৰ গৌৰৱ সম্পৰ্কে অধ্যয়ন কৰিবলৈ অনুৰোধ জনায় আৰু লগতে বিশ্ববিদ্যালয়ৰ সকলো ডিগ্ৰী প্ৰাপ্তক তেওঁলোকৰ অনাগত জীৱনৰ বাবে শুভেচ্ছা প্ৰদান কৰে ৷

লগতে পঢ়ক: কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ষষ্ঠ দীক্ষান্ত সমাৰোহ সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.