ETV Bharat / state

তৃতীয়-চতুর্থ বৰ্গৰ নিযুক্তি প্রক্রিয়াক লৈ তৎপৰ ছেবা: জিলা আয়ুক্তলৈ পত্ৰ প্ৰেৰণ - RECRUITMENT IN ASSAM

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 9:57 PM IST

SEBA : অসমত নিযুক্তি প্ৰক্ৰিয়াৰ বাবে সাজু ছেবা ৷ সেই অনুসৰি 15 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ আৰু 27 অক্টোবৰত চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ছেবা ৷ বিষয় সন্দৰ্ভত জিলা আয়ুক্তসকললৈ পত্ৰ প্ৰেৰণ ৷

RECRUITMENT IN ASSAM
অসমত নিযুক্তি প্ৰক্ৰিয়াৰ বাবে সাজু ছেবা (ETV Bharat Assam)

গুৱাহাটী, 21 জুলাই: তৃতীয়-চতুর্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ তৎপৰ হৈ পৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা) ৷ সেই অনুসৰি 15 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ আৰু 27 অক্টোবৰত চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ছেবা ৷ এই সন্দর্ভত ছেবাই জিলা আয়ুক্তসমূহলৈ প্ৰেৰণ কৰিছে পত্ৰ ৷ পৰীক্ষা কেন্দ্ৰৰ আন্তঃগাঁথনি, চি চি টি ভি কেমেৰাকে ধৰি ভিন্ন ধৰণৰ সা-সুবিধাৰ ব্যৱস্থা কৰিবলৈ জিলা আয়ুক্তসকললৈ পত্ৰ প্ৰেৰণ কৰিছে ছেবাই ৷

লগতে পঢ়ক: পৰৱৰ্তী অৰুণাচলৰ মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক নিযুক্তি - Arunachal next CM

পত্ৰখনত উল্লেখ কৰা অনুসৰি, পৰীক্ষাৰ মুঠ সময় হ’ব 3 ঘণ্টা ৷ শ্ৰেণী পর্যায়ৰ তৃতীয় কাকতৰ পৰীক্ষা অনুষ্ঠিত হ'ব ৷ একেদৰে 29 ছেপ্টেম্বৰত স্নাতক পৰ্যায়ৰ চতুৰ্থ কাকতৰ পৰীক্ষা অনুষ্ঠিত হ'ব ৷ 27 অক্টোবৰত চতুৰ্থ বৰ্গৰ হাইস্কুল শিক্ষান্ত পর্যায় আৰু অষ্টম শ্ৰেণীৰ পৰ্যায়ৰ প্ৰথম আৰু দ্বিতীয় কাকতৰ পৰীক্ষা অনুষ্ঠিত হ'ব ৷ আগবেলা প্ৰথম কাকত আৰু পিছবেলা অনুষ্ঠিত হ'ব দ্বিতীয় কাকতৰ পৰীক্ষা ৷

লগতে পঢ়ক: ২৩ ৰ পৰা ২৭ জুলাইলৈ মধ্য অসমৰ চাৰি জিলাত অগ্নিবীৰ নিযুক্তি সমাৱেশ - Agniveer recruitment

পৰীক্ষাটো যাতে স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰিব পৰা যায়, তাৰ সকলো ধৰণৰ ব্যৱস্থা কৰিবলৈ জিলা আয়ুক্তসকলক পত্ৰযোগে কোৱা হৈছে ৷ বিশেষকৈ পৰীক্ষা কেন্দ্ৰৰ পৰ্যাপ্ত দেৱালৰ ব্যৱস্থা, পৰীক্ষা কেন্দ্ৰত চি চি টি ভিৰ ব্যৱস্থা, আৰক্ষী থানাৰ পৰা 10 কিল’মিটাৰ দূৰত্বৰ ভিতৰত পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰিব লাগিব ৷

লগতে পঢ়ক: ব'হাগ বিহুৰ পূৰ্বে সম্পন্ন হ’ব 35 হাজাৰ চাকৰি প্ৰাৰ্থীৰ নিযুক্তি প্ৰক্ৰিয়া; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা - Recruitment in Assam

ইতিমধ্যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম মুকলি হৈছে ৷ প্ৰথমবাৰৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰত থাকিব নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা ৷ তৃতীয় বৰ্গৰ তিনিটা পৰ্যায় অৰ্থাৎ স্নাতক পৰ্যায়, উচ্চতৰ মাধ্যমিক পৰ্যায় আৰু মেট্ৰিক উত্তীৰ্ণ- এই তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব পৰীক্ষা ৷ তিনিওটা পৰ্যায়ৰে মুঠ নম্বৰ থাকিব 150 নম্বৰ ৷ আনহাতে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ অনুষ্ঠিত হ'বলগীয়া এই পৰীক্ষাত প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবদ কটা যাব 0.25 নম্বৰ ৷

লগতে পঢ়ক: অসমৰ শিক্ষিত নিবনুৱাক গিনিপিগ নসজাবলৈ চৰকাৰক কোনে কৰিলে আহ্বান ? - RECRUITMENT IN ASSAM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.