ETV Bharat / state

গ' ফৰ গ'ল্ড লাভলীনা : বিশাল স্ক্ৰীণত লাভলীনাৰ বিজয়ৰ সাক্ষী হ’বলৈ সাজু বৰপথাৰবাসী - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 3:47 PM IST

Updated : Jul 31, 2024, 4:45 PM IST

Lovlina in Paris Olympics 2024 : লাভলীনাৰ খেল উপভোগ কৰিবলৈ খেলুৱৈগৰাকীৰ জন্মভূমি বৰপথাৰত একত্ৰিত হৈছে ৰাইজ ৷ খেল উপভোগৰ বাবে কৰা হৈছে বিশেষ স্ক্ৰীণিং ৷ বিশাল পৰ্দাত সকলোৱে যেন একেলগে লাভলীনাৰ বিজয়ৰ সাক্ষী হ’বলৈ আশা কৰিছে ৷

LOVLINA IN PARIS OLYMPICS
লাভলীনাৰ খেল চাবলৈ ক্ৰীণিঙৰ ব্যৱস্থা (ANI Photo)

সৰুপথাৰ, 31 জুলাই : কিছু সময়ৰ পিচতেই পেৰিছ অলিম্পিকত বক্সিঙৰ ৰিঙত নামিব অসমকন্যা লাভলীনা বৰগোহাঁই ৷ ইতিমধ্যে লাভলীনাৰ খেলক লৈ এতিয়া সকলোৱে উৎকণ্ঠাৰে বাট চাইছে ৷ সকলোৱেই আশা কৰিছে এইবাৰ অলিম্পিকত স্বৰ্ণ জয় কৰক লাভলীনাই ৷ লাভলীনাৰ গৃহস্থান বৰপথাৰত দল-সংগঠন, ৰাইজে একেলগে খেল চাবলৈ একত্ৰিত হৈছে ৷ ধনশিৰি মহকুমা ছাত্ৰ সন্থাই লাভলীনাৰ খেল উপভোগ কৰিবলৈ ব্যৱস্থা কৰিছে বিশেষ স্ক্ৰীণিঙৰ ৷

লাভলীনাৰ খেল উপভোগ কৰিবলৈ একত্ৰিত হৈছে ৰাইজ (ETV Bharat Assam)

ইফালে আজি পুৱাৰ ভাগতে ঐতিহ্যমণ্ডিত বৰপথাৰৰ দুৱৰণি শিৱ মন্দিৰ প্ৰাৰ্থনাৰে মুখৰিত হয় ৷ লাভলীনা বৰগোহাঁইৰ হৈ পৱিত্ৰ শাওন মাহৰ আজিৰ দিনটোত বৰপথাৰৰ স্থানীয় ৰাইজ তথা ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিষয়ববীয়াই আশীৰ্বাদ বিচাৰি আৰাধনা কৰা পৰিলক্ষিত হৈছিল ৷ কোনোৱে যদি ধূপ-চাকি, ফুল-বেলপাতেৰে সেৱা লয়, কোনোৱে শৰাই আগবঢ়াই সেৱা লোৱা পৰিলক্ষিত হয় ৷ লাভলীনাই যাতে অলম্পিকত সোণৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হয়, তাৰ বাবে আশিস বিচাৰি দুৱৰণিৰ শিৱ মন্দিৰত পূজা-অৰ্চনা কৰে ৰাইজে ৷

উল্লেখ্য যে, পেৰিছ অলিম্পিকৰ 75 কেঃজিঃ মহিলা শাখাৰ বক্সিং ৰিঙত আজি অৱতীৰ্ণ হ'ব অসমকন্যা লাভলীনা বৰগোহাঁই ৷ বিয়লি 3.50 মিনিটত ন'ৰৱেৰ বক্সাৰ ছুন্নিভা হফষ্টেডৰ বিৰুদ্ধে ৰিঙত নামিব লাভলীনা ৷ আজিৰ লাভলীনাৰ খেলক লৈ উৎসাহী হৈ পৰিছে ৰাজ্যবাসী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সৰুপথাৰতো "গ' ফৰ গল্ড লাভলীনা" শীৰ্ষক অনুষ্ঠানেৰে লাভলীনাক শুভেচ্ছা প্ৰদান কৰিছে বিভিন্নজনে ৷ টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ৰ পিচত এইবাৰ পেৰিছ অলিম্পিকত অংশ লৈছে লাভলীনাই ৷ এইবাৰৰ পেৰিছ অলিম্পিক 2024ত ভাৰতীয় দলৰ হৈ অসমৰ একমাত্ৰ খেলুৱৈ হিচাপে অংশ লৈছে লাভলীনা বৰগোহাঁয়ে ৷

লগতে পঢ়ক : লাভলীনাৰ স্বৰ্ণ জয়ৰ বাবে শিৱমন্দিৰত আশিস বিচাৰিলে ৰাইজে - Paris Olympics 2024

Last Updated : Jul 31, 2024, 4:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.