ETV Bharat / state

বসুন্ধৰা আঁচনিৰে স্বয়ং বিদ্যালয়ৰ কৰ্মচাৰীয়ে বেদখল কৰিলে শিক্ষানুষ্ঠানৰ ভূমি - School Land Encroachment

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 9:03 PM IST

Fallangani Navajyoti High School: গোলাঘাটত বিদ্যালয়ৰ ভূমি বেদখলত আগভাগ লৈছে মৰঙি ৰাজহ চক্ৰৰ একাংশ মণ্ডল-বিষয়াই । ভুৱা তথ্য দাখিলেৰে ভূমি পট্টা লাভ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

Fallangani Navajyoti High School
ফলঙনী নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয় (ETV Bharat Assam)

গোলাঘাট, ৩ আগষ্ট: গোলাঘাটৰ এখন বিদ্যালয়ৰ ভূমি বেদখলক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উত্থাপিত অভিযোগ মতে,বিদ্যালয়খনতে কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজনে মৰঙি ৰাজহ চক্ৰৰ একাংশ মণ্ডল-বিষয়াৰ সৈতে মিলি নিজৰ নামত কৰিলে নামজাৰী । জিলাখনৰ ফলঙনী নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে বসুন্ধৰা আচঁনিৰ অধীনত ভুৱা তথ্য দাখিলেৰে ভূমি পট্টা লাভ কৰি বিদ্যালয়ৰ ভূমি বেদখল কৰিছে ।

বিদ্যালয়ৰ কৰ্মচাৰীৰ বিৰুদ্ধেই বেদখলৰ অভিযোগ :

শনিবাৰে বিদ্যালয় কৰ্তৃপক্ষই এক সংবাদমেলৰ আয়োজন কৰি জিলা প্ৰশাসনক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । গোলাঘাট জিলাৰ মৰঙি ৰাজহচক্ৰৰ অধীনৰ ফলঙনী নৱজ্যোতি হাইস্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সনাতন তাঁতীৰ বিৰুদ্ধে জালিয়াতিৰে ভূমি বেদখলৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে ৷ বিদ্যালয় কৰ্তৃপক্ষ,পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজে অনুষ্ঠিত কৰা এই সংবাদমেলত ভূমি বেদখলৰ এই অভিযোগ আনিছে ৷

বসুন্ধৰা আঁচনিৰে কৰিলে জালিয়াতি :

এই অভিযোগ উত্থাপন কৰি বিদ্যালয় কৰ্তৃপক্ষই কয়," ১৯৯০ চনতে ফলঙনি নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই বিদ্যালয়খনৰ কাষতে থকা ৪ বিঘা ১ কঠা ভূমি বিদ্যালয়খনৰ খেলপথাৰৰ বাবে ৰঘূবীৰ তাঁতী নামৰ একে অঞ্চলৰে লোকজনৰ পৰা ক্ৰয় কৰে ৷ কিন্তু বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সনাতন তাঁতীয়ে গোপনে ভূৱা তথ্য দাখিল কৰি মৰঙি ৰাজহচক্ৰৰ একাংশ মণ্ডল-বিষয়াৰ লগত মিলিত হৈ বসুন্ধৰা আঁচনিৰ অধীনত আবেদন কৰি উক্ত ৪ বিঘা ১ কঠা মাটিৰ পট্টা উলিয়াবলৈ সক্ষম হয় ৷ পট্টা লাভ কৰি খেলপথাৰখনত থকা খেলৰ সামগ্ৰী ভাঙি পেলোৱাৰ লগতে বেৰা দি নিজৰ দখললৈ নিয়ে । "

লগতে পঢ়ক:লাট মণ্ডলক বিপথে পৰিচালিত কৰি দুখীয়া লোকৰ মাটি বেদখলৰ চেষ্টা

শিক্ষামন্ত্ৰীৰ নামত মাটি বেদখলৰ চেষ্টা: ভূ-মাফিয়াক খেদিলে উত্তেজিত ৰাইজে - Tense Situation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.