গুৱাহাটী: চৰকাৰে বিদ্যালয়সমূহৰ একাউণ্টত জমা থকা ধন হঠাতে লৈ যোৱাত প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত অচলাৱস্থাই দেখা দিছে । কাৰণ বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনৰ বাবে থকা বেংক একাউণ্ট এতিয়া উদং হৈ আছে । বিদ্যালয়ত শিক্ষার্থীৰ উপস্থিতি বৃদ্ধি কৰাৰ লগতে দুপৰীয়াৰ আহাৰ যাতে গ্ৰহণ কৰিব পাৰে তাৰ বাবে খিচিৰি, দাইল-ভাতৰ লগতে চাহ বাগিচা এলেকাত মাহত তিনিটাকৈ কণী পি এম পোষাণৰ অধীনত মধ্যাহ্ন ভোজন হিচাপে যোগান ধৰি অহা হৈছে ।
কিন্তু ছেপ্টেম্বৰ মাহত বিত্ত বিভাগৰ এক নিৰ্দেশনাৰ ভিত্তিত সমগ্ৰ শিক্ষাই মধ্যাহ্ন ভোজনৰ বাবদ যোগান ধৰা ধনৰ খৰচ নোহোৱাকৈ থকা অংশ তথা পুঁজি কোষাগাৰ সমূহলৈ ঘূৰাই অনাৰ ফলত মধ্যাহ্ন ভোজন আঁচনি ৰূপায়ণত সমস্যাই দেখা দিছে ।
বিত্ত বিভাগৰ নিৰ্দেশনাত কোষাগাৰলৈ জমা পুঁজি:
২৬ ছেপ্টেম্বৰত বিত্ত বিভাগে সকলো চৰকাৰী বিভাগ, নিগম, প্ৰতিষ্ঠানত ব্যয় নোহোৱাকৈ থকা পুঁজি ওভতাই দিবলৈ এক নিৰ্দেশনা জাৰি কৰিছিল । এই নিৰ্দেশনাৰ ভিত্তিত বিদ্যালয়সমূহে মধ্যাহ্ন ভোজনৰ ৰৈ যোৱা পুঁজি ঘূৰাই দিছিল । অক্টোবৰ মাহত চৰকাৰী বন্ধ বেছি থকাত আগতে মজুত থকা সামগ্ৰী আৰু বেংক একাউণ্টত জমা থকা অৱশিষ্ট পুঁজিৰে শিক্ষাৰ্থীৰ মাজত শিক্ষকসকলে কোনোমতে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হৈছিল ।
লগতে পঢ়ক: চৰকাৰে জমা পুঁজি লৈ যোৱাত খালী বিদ্যালয়ৰ একাউণ্ট, নৱেম্বৰৰ পৰা বন্ধ হ'ব পাৰে মধ্যাহ্ন ভোজন !
কিন্তু নৱেম্বৰ মাহত পি এম পোষাণৰ অধীনৰ মধ্যাহ্ন ভোজন চলাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হয় শিক্ষকসকল । মধ্যাহ্ন ভোজনৰ বাবত ৰাজ্য চৰকাৰে এইবছৰ লাভ কৰিছে ১৪০.০৮ কোটি টকা । কেন্দ্ৰীয় চৰকাৰৰ অংশ লাভ কৰাৰ পাছতো বিত্ত বিভাগৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ গৈ মধ্যাহ্ন ভোজনৰ বাবে যোগান ধৰা পুঁজি ওভতাই দিবলগীয়া হোৱাত এতিয়া বিদ্যালয়ে বিদ্যালয়ে হাহাকাৰ লাগিছে ।
মধ্যাহ্ন ভোজনৰ বাবে সমস্যাত প্ৰধান শিক্ষক:
পুঁজিৰ যোগান নধৰাত প্ৰধান শিক্ষকে নিজৰ জেপৰ ধন উলিয়াই নাইবা দোকানত বাকী কৰি শিক্ষার্থীৰ বাবে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰিবলগীয়া হৈছে । মধ্যাহ্ন ভোজনৰ জোৰা মাৰিবলৈ এতিয়া বিদ্যালয়সমূহৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । মধ্যাহ্ন ভোজনৰ বাবদ চৰকাৰে ভাৰতীয় খাদ্য নিগমৰ জৰিয়তে যোগান ধৰা চাউল মজুত আছে যদিও মধ্যাহ্ন ভোজনৰ বাবে প্ৰয়োজনীয় আন আন সামগ্ৰীৰ বাবদ যোৱা ছেপ্টেম্বৰ মাহৰ পৰা এটকাও সৰ্বশিক্ষা অভিযানে মুকলি কৰা নাই । এই কথা সদৰী কৰিছে শিক্ষকসকলে ।
ইটিভি ভাৰতৰ তৰফৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰে যোগাযোগ কৰা হৈছিল । নাম প্ৰকাশত অনিচ্ছুক বাবে তেওঁলোকৰ নাম প্ৰকাশ কৰা হোৱা নাই । শিক্ষকসকলে জনোৱা মতে তেওঁলোকে নিজৰ ধন খৰচ কৰি আৰু দোকানত বাকী কৰি মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰিবলগীয়া হৈছে । চৰকাৰে জমা থকা ধন লৈ গ'ল যদিও এই পৰ্যন্ত পুঁজিৰ যোগান ধৰা নাই ।
বিত্ত বিভাগে ছেপ্টেম্বৰ মাহত বিভাগসমূহৰ বেংক একাউণ্টত জমা থকা সমুদায় ধন ৰাজ্যিক কোষাগাৰলৈ ঘূৰাই আনিছিল । সৰ্বশিক্ষাৰ পি এম পোষণৰ অধীনত মধ্যাহ্ন ভোজনৰ বাবত মুকলি কৰা ধনৰ যি ব্যৱহাৰ নোহোৱাকৈ একাউণ্টত জমা হৈ আছিল সেই ধন বিত্ত বিভাগে ঘূৰাই আনিছিল । ছেপ্টেম্বৰ মাহৰ পৰা নৱেম্বৰ মাহলৈ তিনিটা মাহত মধ্যাহ্ন ভোজনৰ বাবদ বিদ্যালয়সমূহৰ একাউণ্টত কোনো পুঁজি জমা নাই । আনহাতে সৰ্বশিক্ষাই এটকাও মুকলি কৰি দিয়া নাই ।
লগতে পঢ়ক: ৰাজ্যত ৫ লাখৰো অধিক অদৃশ্য শিক্ষাৰ্থীৰ নামত ব্যয় বুজন পৰিমাণৰ পুঁজি - Shiksha Setu Axom
মধ্যাহ্ন ভোজনৰ বাবদ শিক্ষাৰ্থীৰ নামত ব্যয় :
ইফালে নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ দাম দিনক দিনে বৃদ্ধি পাই আছে । কিন্তু ইয়াৰ বিপৰীতে মধ্যাহ্ন ভোজনৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বিপৰীতে নিম্ন প্ৰাথমিক পৰ্যায়ত ব্যয় মাত্ৰ ৭৪ পইচাকৈ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে । বর্তমান প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বিপৰীতে মধ্যাহ্ন ভোজনৰ ধাৰ্য নিৰিখ প্ৰতিদিনে ৫.৪৫ টকা । কেন্দ্ৰীয় চৰকাৰে ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰিখ বৃদ্ধি কৰিছে ৬.১৯ টকালৈ । উচ্চ প্ৰাথমিকত প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বিপৰীতে বৰ্তমানৰ ৮.১৭ টকাৰ পৰা ৯.২৯ টকালৈ অর্থাৎ ১.১০ টকাকৈ বৃদ্ধি কৰা হৈছে ।
উল্লেখ্য যে মধ্যাহ্ন ভোজনৰ বাবদ বিদ্যালয়ৰ একাউণ্টত জমা থকা পুঁজি কোষাগাৰলৈ ঘূৰাই অনাৰ পাছত মধ্যাহ্ন ভোজন যোগানত যে ব্যাঘাত হ'ব সেই কথা সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ সময়ত ২২ অক্টোবৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে ঘোষণা কৰিছিল যে মধ্যাহ্ন ভোজনৰ চাউল যোগানৰ বাবত ভাৰতীয় খাদ্য নিগমক ৭৯৭.৩৪ কোটি টকা মোকলাই দিয়া হৈছে ।
শিক্ষামন্ত্ৰীয়ে সামাজিক মাধ্যমত আৰু উল্লেখ কৰিছিল যে ২০২৪ চনৰ আগষ্ট মাহলৈকে বিদ্যালয়বোৰলৈ ৰন্ধাৰ খৰচৰ ধন মুকলি কৰা হৈছে । অতি সোনকালেই ৰন্ধাৰ খৰচৰ বাকী ধন বিদ্যালয় সমূহলৈ মুকলি কৰা হ'ব । শিক্ষামন্ত্ৰীয়ে সামাজিক মাধ্যমত ঘোষণা কৰিলেও সেই অনুসৰি মধ্যাহ্ন ভোজনৰ ৰন্ধাৰ খৰচ বিদ্যালয়সমূহে লাভ নকৰাত এতিয়া হাহাকাৰ লাগিছে ।
এফালে মধ্যাহ্ন ভোজন শিক্ষার্থীক যোগান ধৰিব লাগে, আনহাতে শিক্ষকে চৰকাৰৰ পৰা পোৱা নাই পুঁজি । ইফালে জেপৰ ধন খৰচ কৰি বা দোকানৰ পৰা বাকীত সামগ্ৰী ক্ৰয় কৰি শিক্ষাৰ্থীসকলৰ মাজত মধ্যাহ্ন ভোজনৰ ব্যৱস্থা নকৰিলে শাস্তিৰো সন্মুখীন হ'ব লাগিব প্ৰধান শিক্ষক । অলপতে তেনে এক ঘটনাৰ বাবে এজন শিক্ষক নিলম্বিত হ'বলগীয়াও হৈছে । যাকলৈ হোৱা ক্ষুব্ধ হৈ পৰিছে শিক্ষক সমাজ । পুঁজিৰ যোগান নধৰিলে আগন্তুক দিনত মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব সেয়া নিশ্চিত ।
লগতে পঢ়ক: মধ্যাহ্ন ভোজনৰ নীতি-নিৰ্দেশনা পালন নকৰাৰ অভিযোগ একাংশ বিদ্যালয়ৰ বিৰুদ্ধে - mid day meal