নগাঁও : মছজিদ অথবা মন্দিৰৰ ভূমি বিবাদক লৈ আদালতে কোনো গোচৰ নোলোৱাৰ এক ৰায় দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰাৰ পাছতেই দেশজুৰি চৰ্চা আৰম্ভ হৈছে । এই ৰায়ক আদৰণি জনাইছে নগাঁৱৰ ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । দেশত সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ উগ্ৰ সাম্প্ৰদায়িক চক্ৰ এটাই বিগত কিছু বছৰৰ পৰা মছজিদক বিতৰ্কৰ আওতালৈ আনি নতুন নতুন ইচ্ছ্যু সৃষ্টিৰে ৰাজনৈতিক মুনাফা আদায় কৰি অহাৰ এক বিস্ফোৰক অভিযোগো উত্থাপন কৰে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে ।
বিতৰ্কিত ভূমিত নিৰ্মিত মছজিদৰ নামাজ বৈধ নহয়
মছজিদ নিৰ্মাণৰ ক্ষেত্ৰত ইছলামিক নীতি নিৰ্দেশনাৰ কথা উল্লেখ কৰি এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে বিধায়ক আলহাজ আমিনুল ইছলামে কৰিছে কেইবাটাও মন্তব্য । ভিডিঅ'টোত বিধায়ক আমিনুল ইছলামে উল্লেখ কৰিছে, "যিকোনো বিতৰ্কিত ভূমিতেই নিৰ্মাণ কৰিব নালাগে মছজিদ । যিকোনো বিতৰ্কিত ভূমিয়েই হওক অথবা কোনো ব্যক্তিগত ভূমিত বলপূৰ্বকভাৱে মছজিদ নিৰ্মাণ কৰিলে সেই মছজিদত বৈধ নহ'ব নামাজ ।"
আনকি যিকোনো মছজিদ নিৰ্মাণ কৰা ভূমি সম্পূৰ্ণৰূপে অবিতৰ্কিত হোৱাৰ লগতে মাটিডোখৰ মছজিদৰ নামত হ'ব লাগিব বুলি ইছলামত কঠোৰ নিৰ্দেশনা থকাৰ কথাও উল্লেখ কৰে বিধাায়ক আমিনুল ইছলামে । এনে ক্ষেত্ৰত প্ৰায়েই উত্থাপন হোৱা মন্দিৰৰ ভূমিত মছজিদ নিৰ্মাণৰ অভিযোগ সম্পূৰ্ণ ভুৱা আৰু উদ্দেশ্য প্ৰণোদিত বুলিও আন এক চাঞ্চল্যকৰ মন্তব্য কৰে এ আই ইউ ডি এফৰ বিধায়কগৰাকীয়ে ।
মোগল সম্ৰাট অথবা অন্যান্য সম্ৰাটসকল ধৰ্মপৰায়ণ আছিল বুলিও উল্লেখ কৰি বিধায়ক আমিনুল ইছলামে কয়, "তেওঁলোকে ইছলাম ধৰ্মৰ ৰীতি-নীতি ভালকৈয়ে পালন কৰিছিল । তেওঁলোকেও ভালকৈ জানিছিল যে মন্দিৰৰ কোনো ভূমিত মছজিদ নিৰ্মাণ কৰিলে বৈধ নহ'ব নামাজ ।" বাবৰি মছজিদৰ প্ৰসংগ উল্লেখ কৰি এনে বিতৰ্ক কেৱল ৰাজনৈতিক মুনাফা আদায় কৰা বুলি মন্তব্য কৰে বিধায়ক আমিনুল ইছলামে ।
লগতে পঢ়ক :অসমত গড়ে এক লাখ শিক্ষাৰ্থীৰ বিপৰীতে আছে ১৬ খনকৈ মহাবিদ্যালয় - ASSAM COLLEGE EDUCATION