ETV Bharat / state

বৰপেটা সত্ৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৬ সংখ্যক জন্মোৎসৱ পালন

Barpeta Satra : মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক বৰপেটা সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে শংকৰদেৱৰ জন্মোৎসৱ পালন ।

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 11:54 AM IST

Barpeta Satra
বৰপেটা সত্ৰত শংকৰদেৱৰ জন্মোৎসৱ পালন (ETV Bharat Assam)

বৰপেটা, ১২ অক্টোবৰ : 'জয়গুৰু শংকৰ সৰ্ব গুণাকৰ, জাকেৰি নাহিকে উপাম, তোহাৰি চৰণত ৰেণু শত কৌটি, বাৰেক কৰোহোঁ প্ৰণাম...' । শ্ৰীমন্ত শংকৰদেৱক লৈ শ্ৰীশ্ৰী মাধৱদেৱে সৃষ্টি কৰা এটি কালজয়ী ভটিমা হৈছে এইটো । এই ভটিমাটিৰে শংকৰ গুৰুজনাৰ গুণ-গৰিমা আৰু ভক্তি-শ্ৰদ্ধা বসানিছে মাধৱদেৱে । এইগৰাকী মাধৱদেৱে প্ৰতিষ্ঠা কৰা অসমৰ এখন বিখ্যাত সত্ৰ বৰপেটা সত্ৰত শনিবাৰে পালন কৰা হৈছে শংকৰ গুৰুজনা আবিৰ্ভাৱ তিথি ।

আনহাতে, সত্ৰনগৰী বৰপেটাকে মুখ্য কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰক চাৰিওজনা গুৰুৰ মিলনভূমি বৰপেটা জিলাৰ প্ৰায়বোৰ সত্ৰ তথা নামঘৰতে শনিবাৰে সত্ৰীয়া ৰীতি-পৰম্পৰাৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ পালন কৰা হৈছে ৷

বৰপেটা সত্ৰত সত্ৰীয় ৰীতি-পৰম্পৰা অনুসৰি দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে গুৰুজনাৰ জন্মোৎসৱ ৷ বৰপেটা সত্ৰত গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে শনিবাৰে ভকত-বৈষ্ণৱে পুৱাৰ প্ৰসংগত ভাগ লয় ৷ হৰিনাম-কীৰ্তনৰ ধ্বনিত মুখৰিত হৈ পৰে সত্ৰনগৰী বৰপেটাৰ চৌদিশ ৷

পুৱাৰ প্ৰসংগৰ লগতে কীৰ্তনঘৰত ঘোষা-কীৰ্তন আদিও গোৱা হয় ৷ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাস আৰু ডেকাসত্ৰীয়া গৌতম পাঠক বাপ দুজনায়ো পুৱাৰ প্ৰসংগত অংশগ্ৰহণ কৰে ৷ আনহাতে, সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰত পালন কৰা গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে সত্ৰনগৰী বৰপেটাৰ ভকত-বৈষ্ণৱ, বাপ-বান্ধৱ, আই-মাতৃসকলে সত্ৰত উপস্থিত হৈ গুৰুজনালৈ সেৱা-ভক্তি নিবেদন কৰে ৷

গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে বৰপেটা সত্ৰৰ পৰা বৰবজাৰলৈ ভকত-বৈষ্ণৱৰ অংশগ্ৰহণেৰে এক ভাগৱত শোভাযাত্ৰাৰো আয়োজন কৰা হৈছে ৷ বৰপেটা সত্ৰৰ লগতে বৰপেটাৰোড শাখা সত্ৰ, পাটবাউসী সত্ৰ, গজিয়া সত্ৰ, জনীয়া সত্ৰ, সুন্দৰীদিয়া সত্ৰ, বাৰাদি সত্ৰ, গোমূৰা সত্ৰ, চেঙাৰ ভৰি ধোৱাঘাট সত্ৰ আদিতো গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে ৷

লগতে পঢ়ক :গুৰুজনাৰ আবিৰ্ভাৱ তিথিত ছানিয়া আৰু অক্ষাই দেখুৱালে একতাৰ অনন্য নিদৰ্শন
লগতে পঢ়ক :তেজপুৰৰ এক বিশেষ পূজা মণ্ডপ, য'ত দেৱীৰ সৈতে বন্দিত হৈছে অসমীয়া ভাষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.