ETV Bharat / state

বৃদ্ধি পাব মন্ত্ৰী-বিধায়কৰ দৰমহা : ৫০ শতাংশ দৰমহা বৃদ্ধিৰ সম্ভাৱনা - SALARIES OF MINISTERS AND MLAS - SALARIES OF MINISTERS AND MLAS

Assam Government : তিনিজনীয়া দৰমহা আয়োগে এমাহৰ ভিতৰত দিব প্ৰতিবেদন ৷ দেশৰ অন্য ৰাজ্যৰ মন্ত্ৰী-বিধায়কৰ দৰমহাৰ খতিয়ান লৈ দিব এই প্ৰতিবেদন ৷ বিধানসভাৰ অধিৱেশনত দাখিল কৰা হ'ব দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ ৷ চাওক সবিশেষ খবৰ...

SALARIES OF MINISTERS AND MLAS
মন্ত্ৰী বিধায়কৰ দৰমহা বাঢ়িব ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 9:20 PM IST

গুৱাহাটী, ৯ জুলাই : ৰাজ্যৰ মন্ত্ৰী-বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ লগতে প্ৰাক্তন মন্ত্ৰী-বিধায়কসকলৰ পেঞ্চন বৃদ্ধিৰ বাবে গ্ৰহণ কৰা হৈছে উদ্যোগ ৷ এইক্ষেত্ৰত লোৱা হৈছে প্ৰস্তাৱ ৷ এই প্ৰস্তাৱ অনুসৰি মন্ত্ৰী-বিধায়কৰ দৰমহা ৫০ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ প্ৰস্তাৱক লৈ বিধানসভাই গঠন কৰি দিছে এখন তিনিজনীয়া দৰমহা আয়োগ ৷ মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ সন্দৰ্ভত তিনিজনীয়া আয়োগখনে এমাহৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন ৷ এই আয়োগখনে দেশৰ আন ৰাজ্যৰ মন্ত্ৰী-বিধায়কসকলৰ দৰমহাৰ খতিয়ান ল’ব ৷

আয়োগখনৰ প্ৰথমখন বৈঠক ইতিমধ্যে বিধানসভাৰ জি এন বি ব্লিডিঙত অনুষ্ঠিত হৈ যায় ৷ বিধানসভাৰ আগন্তুক অধিৱেশনত আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ উত্থাপন কৰা হ'ব ৷ প্ৰস্তাৱ পাৰিত হ'লে মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধিৰ উপৰিও প্ৰাক্তন মন্ত্ৰী-বিধায়কৰো পেঞ্চন বৃদ্ধি পাব ৷ এই তিনিজনীয়া দৰমহা আয়োগত আছে প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব হিমাংশু শেখৰ দাস, বিধানসভাৰ প্ৰাক্তন প্ৰধান সচিব হেমেন দাস আৰু বিধানসভাৰ যুটীয়া সচিব ৰাজীৱ ভট্টাচাৰ্য ৷

উল্লেখ্য যে, ২০১৮ চনত শেষবাৰৰ বাবে মন্ত্ৰী-বিধায়কসকলৰ দৰমহা বৃদ্ধি পাইছিল ৷ সেইসময়ত বিধানসভাত বিধেয়কৰ জৰিয়তে বিধায়কসকলৰ মূল দৰমহা ৮০ হাজাৰ টকা কৰাৰ বাবে প্ৰস্তাৱ কৰা হৈছিল ৷ তদুপৰি বিধায়কসকলৰ সমষ্টিৰ ভাট্টা, বিধায়কৰ সচিবৰ ভাট্টা, বিধানসভাৰ বৈঠক আৰু কমিটীৰ সভাৰ দৈনিক ভাট্টা আদিও বৃদ্ধি কৰা হৈছিল ৷ তদুপৰি প্ৰাক্তন বিধায়কসকলৰ পেন্সন আৰু চিকিৎসা ভাট্টাও বৃদ্ধি কৰাৰ প্ৰস্তাৱ বিধেয়কত দাখিল কৰা হৈছিল ৷

আনহাতে, প্ৰাক্তন বিধায়কৰ পৰিয়ালৰ পেঞ্চন ১৫ হাজাৰ টকাৰ পৰা ২০ হাজাৰ টকা আৰু চিকিৎসা ভাট্টা ২০ হাজাৰ টকা নিৰ্ধাৰণ কৰা হৈছিল ৷ সেই সময়ত মুখ্যমন্ত্ৰীৰ দৰমহা মাহে ৯০ হাজাৰ টকাৰ পৰা ১ লাখ ৩০ হাজাৰ কৰা হৈছে ৷ মুখ্যমন্ত্ৰীৰ সমষ্টি সহায়কৰ ভাট্টাৰ লগতে অন্যান্য ভাট্টাসমূহো বৃদ্ধি কৰা হৈছিল ৷

সেইদৰে কেবিনেট মন্ত্ৰীৰ মূল দৰমহা পূৰ্বৰ ৮০ হাজাৰ টকাৰ পৰা ১ লাখ ১০ হাজাৰ টকা, বিৰোধী দলৰ নেতাৰ মূল দৰমহা ৮০ হাজাৰ টকাৰ পৰা ১ লাখ ১০ হাজাৰ টকা, ৰাজ্যিক মন্ত্ৰীৰ মূল দৰমহা ৭৫ হাজাৰ টকাৰ পৰা ১ লাখ টকা, উপ-মন্ত্ৰীৰ মূল দৰমহা ৭০ হাজাৰ টকাৰ পৰা ৯৫ হাজাৰ টকা কৰা হৈছিল ৷ আনহাতে, বিধানসভাৰ অধ্যক্ষৰ মূল দৰমহা ৮০ হাজাৰ টকাৰ পৰা ১ লাখ ২০ হাজাৰ টকা আৰু উপাধ্যক্ষৰ মূল দৰমহা ৭৫ হাজাৰ টকাৰ পৰা ১ লাখ টকা কৰা হৈছিল ৷

লগতে পঢ়ক: দ্বিতীয়বাৰলৈ কেন্দ্ৰীয় মন্ত্ৰী হৈ অসমত উপস্থিত সোণোৱাল; আদৰিবলৈ নাহিল বিজেপিৰ কোনো মন্ত্ৰী-বিধায়ক - Sarbananda Sonowal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.