ETV Bharat / state

গাঁৱতে সপোন ৰচিছে খুমটাইৰ ৰাইজে - RURAL TOURISM IN ASSAM

অসমত আপুনি বাৰু পৰিয়াল বা আত্মীয়ৰ সৈতে গ্ৰামাঞ্চলৰ প্ৰাকৃতিক নৈসৰ্গিক পৰিৱেশৰ মাজত কিছু সময় অতিবাহিত কৰিব বিচাৰে নেকি ? তেনেহলে আহক গোলাঘাট জিলাৰ খুমটাইলৈ ।

rural tourist destination in Golaghat
গাঁৱতে সপোন ৰচিছে খুমটাইৰ ৰাইজে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 10:03 PM IST

গোলাঘাট: অসমত গ্ৰাম্য পৰ্যটনৰ যে প্ৰচুৰ পৰিমাণে থল আছে তাক বাস্তৱ ৰূপ দিবলৈ হাতে-কামে লাগিছে এজন বিধায়কে । হয় আমি ক'বলৈ গৈছো গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ কথা ।

২০১৬ চনত প্ৰথমবাৰৰ বাবে খুমটাই সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হোৱাৰ পাছৰে পৰা সমষ্টিটোক গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বিধায়ক মৃণাল শইকীয়াই ।

গাঁৱতে সপোন ৰচিছে খুমটাইৰ ৰাইজে (ETV Bharat Assam)

যাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোৰ প্ৰতিখন গাঁও পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে যোগীবাৰীত অৱস্থিত এখন পৰিত্যক্ত বিল আৰু মেলামৰা অঞ্চলত অৱস্থিত পৰিত্যক্ত অৱস্থাত থকা দুখনকৈ বিল গ্ৰাম্য পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰি গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিবলৈ সক্ষম হৈছে । ইয়াৰে যোগীবাৰীত থকা এখন পৰিত্যক্ত বিলৰ উন্নয়ন সাধন কৰি যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ আৰু মেলামৰা অঞ্চলত থকা এখন পৰিত্যক্ত বিল "বৃক্ষ পৰ্যটন ক্ষেত্ৰ" নামেৰে নামাকৰণ কৰি দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু কৰিবলৈ সক্ষম হৈছে ।

উক্ত পৰ্যটন ক্ষেত্ৰত বিভিন্ন সময়ত ফুলৰ মেলা, পক্ষী উৎসৱ, আন্তঃৰাষ্ট্ৰীয় কাৰ ৰেলী আদি অনুষ্ঠিত কৰি পৰ্যটকক আকৰ্ষিত কৰি অহা হৈছে । গুৰুত্বপূৰ্ণ কথা এই যে এই দুয়োটা গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ বৰ্তমান দুটা আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালিত হৈ আছে আছে, য'ত মুঠ ৪০ গৰাকী মহিলা জড়িত হৈ আত্মনিৰ্ভৰশীল হোৱাৰ লগতে সুন্দৰকৈ পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে ।

এই গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত বিভিন্ন সময়ত বৰ্তমান স্থানীয় লোকৰ লগতে দেশী-বিদেশী পৰ্যটকৰ আগমন হোৱা পৰিলক্ষিত হৈছে । এই সম্পৰ্কে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই কয়,"গ্ৰাম্য পৰ্যটন আমাৰ প্ৰয়োজন কাৰণ গ্ৰাম্য পৰ্যটন হোৱা মানে পৰিষ্কাৰ-পৰিচ্ছন্ন হোৱাৰ লগতে বহুতৰ জীৱন-জীৱিকাৰ পথ মুকলি হয় আৰু আটাইতকৈ ডাঙৰ কথা সংস্কৃতিৰ আদান প্ৰদান হয় । এখন গাঁও গ্ৰাম্য পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত হ'লে তাত বসবাস কৰা লোকৰ মাজত হীনমান্যতা নাইকীয়া হৈ যায় । লগতে বিভিন্ন ধৰণৰ লোকৰ সংগ লাভ কৰে, বহু কথা শিকিবলৈ পায়, নিজৰ সংস্কৃতি প্ৰদৰ্শন কৰিবলৈ সুযোগ লাভ কৰে ।"

তেওঁ লগতে কয়,"বৰ্তমান সময়ত নগৰাঞ্চলত বসবাস কৰা লোক বিভিন্ন সময়ত মানসিক চাপত ভুগি থকা পৰিলক্ষিত হয় আৰু সেই সময়ত তেওঁলোকে এটা সুন্দৰ পৰিৱেশ বিচাৰে । সেয়া কংক্ৰিটৰ নহয়, এটা প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিবলৈ আমাৰ আশে-পাশে থকা খাল, বিল, পুখুৰী, বাগিচা আদি অলপ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰিলেই মানুহে সেই স্থানত কিছু ক্লান্তি দুৰ কৰিবলৈ ভাল পায় । "

আনহাতে যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ পৰিচালনা কৰা আত্মসহায়ক গোটৰ মুনমী কোঁৱৰে কয়, "এই ঠাই প্ৰথম অৱস্থাত হাবি-জংঘলৰে ভৰি আছিল । তেতিয়া দুই এজন ফুৰিবলৈ আহে আৰু তাৰ পাছতে ২০২১ চনত প্ৰথমবাৰৰ বাবে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া নিৰ্বাচিত হোৱাৰ পাছত ঠাইখন স্থানীয় মহিলা গোটক ঠাইখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ কোৱাৰ লগতে বাকী উন্নয়নমূলক কামসমূহ তেখেতে কৰিম বুলি কোৱাৰ পাছৰ পৰা এই মহিলা গোটে ঠাইখন আগবঢ়াই লৈ গ'ল ।"

তেওঁ লগতে কয়,"এই গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত প্ৰথম অৱস্থাত ২০ গৰাকী মহিলা জড়িত হৈ আছিল যদিও বৰ্তমান ১৮ গৰাকী মহিলাৰ দ্বাৰা পৰিচালিত হৈ আছে । যাৰ ফলত আগতকৈ বৰ্তমান আমাৰ পৰিয়াল সুন্দৰকৈ জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছো ।" ইয়াৰ উপৰিও বিধায়ক মৃণাল শইকীয়াই খুমটাই সমষ্টিক গ্ৰাম্য পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলি তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক: যুৱতীয়ে পেট্ৰ'ল ঢালি জ্বলালে ৰাজপথত ৰখাই থোৱা স্কুটী

ভাৰত-চীন সীমান্তত সেনাৰে দীপাৱলী উদযাপন কিৰেণ ৰিজিজুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.