যোৰহাট, ২৬ আগষ্ট : যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ দ্বি-বাৰ্ষিক অধিবেশনত উপস্থিত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী । উক্ত অধিবেশনত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত বিধায়কগৰাকীয়ে আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।
বিধায়ক কুৰ্মীয়ে কয়, "বিভিন্ন সময়ত বিভিন্ন প্ৰত্যাহ্বান আহে, কিন্তু শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তিনিবছৰ বিভিন্ন প্ৰত্যাহ্বান মাজেৰে কাম কৰি যাব লগা হৈছে । ৰাইজৰ পক্ষত থাকি সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি সমাধান কৰিছে ।"
ইফালে ৰাজ্যত সংঘটিত নাৰীজনিত ঘটনাসমূহৰ সন্দৰ্ভত মৰিয়নীৰ বিধায়কগৰাকীয়ে কয়, "লখিমপুৰ, তেজপুৰ আৰু ধিঙৰ ঘটনা এতিয়া এটা স্পৰ্শকাতৰ বিষয় হৈ পৰিছে । বৰ্তমান ৰাজ্যত আইন হাতত তুলি লোৱা প্ৰৱণতা বৃদ্ধি পোৱা লগতে ৰাজ্য বিভিন্ন প্ৰান্তত মৰেল পুলিচিঙৰ ঘটনা বৃদ্ধি পাইছে । সেয়েহে সকলোৱে অসম আৰক্ষী ওপৰত আস্থা ৰাখি এনেবোৰ কামৰ পৰা আঁতৰি আহিব লাগিব আৰু আইন ভংগ হোৱা সম্ভৱনা দেখিলেই কাষৰ আৰক্ষীক অৱগত কৰক ।"
ৰূপজ্যোতি কুৰ্মীয়ে তেওঁ কয়, "বৰ্তমান ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ নেতৃত্বত কৰ্মচাৰীসকলৰ মাজত এক কৰ্ম-সংস্কৃতি গঢ়ি উঠিছে আৰু কৰ্মচাৰীসকলৰ মাজত নতুনত্ব আনিবলৈ চৰকাৰখনে প্ৰয়াস কৰিছে । পূৰ্বতে কৰ্মচাৰীসকলৰ দৰমহা কম হোৱাৰ বাবে কমচাৰীসকল দুৰ্নীতিত লিপ্ত হৈছিল । বৰ্তমান দুনীতিগ্ৰস্ত কৰ্মচাৰী বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ।
আনহাতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বৰ্তমান সময়ত অসমৰ আইন-শৃংখলা পৰিস্থিতি কিমান ভাল সেই কথাৰো দোহৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ দিনত ৰাজ্যত বোমা-বাৰুদ শব্দ শুনিবলৈ পোৱা নায়ায় বুলিও উল্লেখ কৰে ।