ETV Bharat / state

অনলাইন এপৰ জৰিয়তে অসমৰ পৰা লুটিলে 3 হাজাৰ কোটি টকা : এইপৰ্যন্ত এজনক গ্ৰেপ্তাৰ - Online investment App

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 8:52 PM IST

Assam online scam : বহিৰাগত কোম্পানীয়ে অসমৰ পৰা লুটি নিলে প্ৰায় তিনি হাজাৰ কোটি টকা ৷ এটা ট্ৰেডিং এপ্লিকেশ্যনৰ জৰিয়তে এই বৃহৎ পৰিমাণৰ ধন সৰকালে কোম্পানীটোৱে ৷ প্ৰৱঞ্চকৰ দলটোৰ লগত জড়িত কেবাজনো অসমীয়া ৷

Etv Bharat
Etv Bharat (Etv Bharat)

গুৱাহাটী, ৪ আগষ্ট : আপুনি ট্ৰেডিং কৰে নেকি ? যদি কৰে তেন্তে এতিয়াৰে পৰা সাৱধান হওক ৷ কিয়নো ট্ৰেডিং এপ্লিকেশ্যনৰ নামত থলুৱা অসমীয়াক মাধমাৰ সোধাইছে বহিৰাগত অনলাইন এপ্লিকেশ্যনে৷ তেনে এক ঘটনা সংঘটিত হৈছে গুৱাহাটীত৷

গুৱাহাটীত অনলাইন এপৰ জৰিয়তে প্ৰৱঞ্চনা (ETV Bharat Assam)

প্ৰায় ছয় হাজাৰতকৈ অধিক লোক বলি হৈছে এই প্ৰৱঞ্চনাৰ৷ ‘DAAI’ নামৰ এটা ট্ৰেডিং এপ্লিকেশ্যনত কোটি কোটি টকা বিনিয়োগ কৰিছিল একাংশ লোকে ৷ পিচত প্ৰায় তিনি হাজাৰ কোটি টকা লুণ্ঠন কৰি পলায়ন কৰিলে প্ৰবঞ্চকৰ দলে ৷ অভিযোগ অনুসৰি চলিত বৰ্ষৰ মাৰ্চ মাহত ৬ গৰাকী ব্যক্তি মিলি অসমলৈ আনিছিল DAAI নামৰ ট্ৰেডিং এপটো ৷ নৰেশ ৰেড্ডী নামৰ এগৰাকী বহিৰাগতৰ নেতৃত্বত অসমৰ ৬ জনীয়া দলটোৱে পেলাইছিল এই প্ৰৱঞ্চনাৰ জালখন ৷

অসমত জনক বসুমতাৰী, সুনীল কুমাৰ টেৰণ, গিৰিন্দ্ৰ ব্ৰহ্ম, বৰ্ণালী বৰদলৈ টেৰণ, নিভাৰাণী বড়োৰ ‌নেতৃত্বত চলিছিল প্ৰৱঞ্চনাৰ জালখন ৷ তেওঁলোকে ভিন্ন স্থানত অনুষ্ঠিত কৰিছিল DAAI এপ্লিকেশ্যনৰ সন্দৰ্ভত বহু সভা ৷ ভিন্নধৰণৰ আকৰ্ষণীয় আঁচনিৰ প্ৰলোভন দি আকৰ্ষিত কৰিছিল থলুৱা লোকসকলক ৷ উল্লেখ্য যে এই প্ৰলোভনত এজন প্ৰাক্তন বেংক কৰ্মচাৰী, এজন সামাজিক ব্যক্তি আৰু একাংশ সমাজত প্ৰতিষ্ঠিত ব্যক্তিও ভোল গৈছিল ৷ বহু ভুক্তভোগীয়ে নিজৰ সামৰ্থ অনুযায়ী বহু ধন বিনিয়োগ কৰিছিল এই ট্ৰেডিং এপটোত ৷

পৰৱৰ্তী সময়ত অধিক মুনাফা লাভ কৰাৰ বাবে এক নতুন আঁচনি দিছিল ৷ সাধ্য অনুযায়ী বহুতেই শেষ সময়ত বিনিয়োগ কৰিছিল ধন ৷ পৰৱৰ্তী সময়ত ধনসমূহ উলিয়াব নোৱৰা হ’ল বিনিয়োগকাৰীসকলে ৷ পৰৱৰ্তী সময়ত বিকল হৈ পৰিল এপ্লিকেশ্যনটো ৷ যিসকলে অসমত নেতৃত্ব লৈছিল তেওঁলোকে নিজৰ মোবাইল ফোন বন্ধ কৰি পলায়ন কৰে ৷ ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগীসকলে বশিষ্ঠ থানাত দাখিল কৰে এক গোচৰ ৷

উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে জনক বসুমতাৰী নামৰ লোকজনক ৷ আনহাতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা কৰে গিৰিন্দ্ৰ ব্ৰহ্মক সাময়িকভাৱে যাবলৈ দিয়া হয় ৷ বৰ্তমানেও পলাতক অৱস্থাত আছে আন কেইগৰাকী প্ৰৱঞ্চক ৷ ভুক্তভোগীসকলে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যে প্ৰতিদিনে এনেকুৱা প্ৰৱঞ্চকৰ দলে খাটিখোৱা লোকসকলক প্ৰৱঞ্চনা কৰি আহিছে ৷ সেয়েহে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

লগতে পঢ়ক : টিণ্ডাৰ, বাম্বলৰ দৰে অনলাইন ডেটিং এপে শ্বেয়াৰ কৰিব পাৰে আপোনাৰ ব্যক্তিগত তথ্য...

লগতে পঢ়ক : লোভত পৰি হেৰুৱালে লাখে-লাখে টকা, শিক্ষকৰ বিৰুদ্ধে যোৰহাটত গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.