ETV Bharat / state

14 টা সমষ্টিতে সকলোৱে সন্মুখৰ পৰা যুঁজিছিল : ৰ'জলিনা তিৰ্কী - Roselina Tirkey - ROSELINA TIRKEY

কোনোবা সংগঠনে কাৰোবাক সম্বৰ্ধনা জনাব তাত ক’বলগীয়া একো নাই ৷ অসমৰ 14 খন আসনত সকলোৱে বিজেপিৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজত অৱতীৰ্ণ হৈছিল- নাগৰিক সমাজৰ সম্বৰ্ধনা অনুষ্ঠানক লৈ ৰ'জলিনা তিৰ্কীৰ প্ৰতিক্ৰিয়া ৷

CONGRESS LEADER ROSELINA TIRKEY
কংগ্ৰেছ নেত্ৰী ৰ'জলিনা তিৰ্কীৰ প্ৰতিক্ৰিয়া (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 9:41 PM IST

গোলাঘাট, 17 জুন : 18 জুনত গুৱাহাটীৰ মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটৰ বিজয়ী প্ৰাৰ্থীসকলৰ এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে অসম নাগৰিক সমাজ আৰু নাগৰিকত্ব সংশোধনী আইন বিৰোধী সমন্বয় সমিতিয়ে ৷ এই অনুষ্ঠানতে বিৰোধী ঐক্য মঞ্চৰ পৰাজিত হোৱা প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ, মীৰা বৰঠাকুৰ আৰু হাফিজ ৰচিদ আহমেদ চৌধুৰীক বিজেপিৰ বিৰুদ্ধে বীৰত্বপূৰ্ণ যুঁজ দিয়াৰ বাবে সম্বৰ্ধনা জনাব বুলি উল্লেখ কৰিছে অনুষ্ঠান দুটাই ৷ যাক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই অনুষ্ঠানলৈ নিমন্ত্ৰণ নোপোৱা বিৰোধী মিত্ৰজোঁট তথা কংগ্ৰেছ প্ৰাৰ্থীয়ে ৷

নাগৰিক সমাজৰ সম্বৰ্ধনা অনুষ্ঠানক লৈ ৰ'জলিনা তিৰ্কীৰ প্ৰতিক্ৰিয়া (ETV BHARAT ASSAM)

এই সন্দৰ্ভত কংগ্ৰেছ নেতা দীপ বায়নৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলিনা তিৰ্কীয়ে ৷ কংগ্ৰেছ নেত্ৰী ৰ'জলিনা তিৰ্কীয়ে কয়- "কোনোবা সংগঠনে কাৰোবাক সম্বৰ্ধনা জনাব তাত ক’বলগীয়া একো নাই ৷ ৰাইজে জানে 2024ৰ লোকসভা নিৰ্বাচনত মই সন্মুখৰ পৰা যুঁজত অৱতীৰ্ণ হৈছিলো ৷ অসমৰ 14খন আসনত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷ লগতে মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে কাজিৰঙা লোকসভা সমষ্টিত বিজেপি দলৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছিলো ৷ 2007 চনৰ পৰা পৰা মই যুঁজ দি আহিছো ৷"

লগতে পঢ়ক : দেশৰ নিৰ্বাচনত ই ভি এমত কিমান ত্ৰুটি পোৱা গ’ল ? নিৰ্বাচন আয়োগক তথ্য বিচাৰিছে গৌৰৱ গগৈয়ে - MP Gaurav Gogoi on EVM Errors

তেওঁ লগতে কয়, "কোনোবাই কাৰোবাক বীৰ বুলি ক'ব পাৰে, কিন্তু এই বিলাক আশা কেতিয়াও কৰা নাই কাৰণ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী সৈনিক হিচাবে যুঁজ দি আহিছো আৰু আগলৈকে যুঁজ দি যাম ৷ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আমাৰ ফলাফল দেখি শুভেচ্ছা জনাইছে ৷ তদুপৰি অসমৰ 14 খন আসনত সকলোৱে বিজেপিৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজত অৱতীৰ্ণ হৈছিল ৷"

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়- "কাজিৰঙা লোকসভা সমষ্টিত 20 লাখ ভোটাৰৰ ভিতৰত 16 লাখ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল ৷ তাৰে কংগ্ৰেছ দলে প্ৰায় 40 শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল ৷ য'ত নেকি কংগ্ৰেছ দলৰ এজনো মন্ত্ৰী বা বিধায়ক নাই ৷ কিন্তু বিৰোধী দলৰ তিনিজনকৈ মন্ত্ৰী আৰু বিধায়ক আছে তাৰ মাজতে মই বহুত যুঁজ দিছো ৷"

লগতে পঢ়ক : সম্বৰ্ধনা অনুষ্ঠানলৈ বাছি বাছি নিৰ্বাচনী প্ৰাৰ্থীক দিলে নিমন্ত্ৰণ: প্ৰতিক্ৰিয়া দীপ বায়নৰ - Dip Bayan on Assam Nagarik Samaj

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.