ETV Bharat / state

ৰেমলৰ প্ৰভাৱত অসমত হ’ব ধাৰাসাৰ বৰষুণ: বলিব ধুমুহাও - Cyclone Remal

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 7:53 PM IST

Red alert in Assam: অহা পাঁচ দিনত অসম তথা উত্তৰ-পূবৰ বাকীকেইখন ৰাজ্যত মজলীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ৷ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট ৷ ধুমুহা-বতাহৰো সম্ভাৱনা ৷

CYCLONE REMAL
Red alert in Assam (RMC Borjhar)

মিৰ্জা, 27 মে’: ঘূৰ্ণীবতাহ ৰেমলৰ প্ৰভাৱ অসমতো পৰা দেখা গৈছে ৷ ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবেই দেওবাৰে নিশা ৰাজ্যৰ বহু অঞ্চলত ধুমুহা আৰু মুষলধাৰ বৰষুণ হয় ৷ ইতিমধ্যে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতা জাৰি কৰিছে ৷ অহা 24 ঘন্টাৰ ভিতৰত ৰাজ্যৰ কিছু ঠাইত হ’ব ধুমুহা-বৰষুণ ।

ৰেমলৰ প্ৰভাৱত অসমত হ’ব ধাৰাসাৰ বৰষুণ (RMC Borjhar)

বংগোপসাগৰত উৎপত্তি হোৱা "ৰেমল" ঘূৰ্ণীবতাহৰ প্ৰভাৱ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত পৰিব । আগন্তুক পাঁচ দিনলৈ ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন কেইখন ৰাজ্যতো হ’ব ধাৰাসাৰ বৰষুণ । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতা জাৰি কৰা অনুসৰি অহা 24 ঘন্টাৰ ভিতৰত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু ঠাইত ঘন্টাত 40-50 কিঃ মিঃ গতিবেগত ধুমুহা অহাৰ উপৰিও বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: অসমৰ দিশে আহি আছে ৰেমল, ৰাজ্যত জাৰি ৰেড এলাৰ্ট - Red Alert In Assam

ঠিক তেনেদৰে ৰেমল ঘূৰ্ণীবতাহৰ ফলত অহা 28, 29, 30, আৰু 31 মে’লৈ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যৰ কিছু কিছু ঠাইত ধুমুহা অহাৰ সম্ভাৱনা নাই যদিও বিজুলী-ঢেৰেকনিৰ লগতে প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানীৰ আগজাননী অনুসৰি সোমবাৰৰ পৰা আগন্তুক পাঁচদিনলৈ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ বিভিন্ন স্থানত ধাৰাসাৰ আৰু মজলীয়া বৰষুণ হোৱাৰো যথেষ্ট সম্ভাৱনা আছে ।

এই সময়ছোৱাত অসমত 65.4 মিলিমিটাৰৰ পৰা 204.6 মিলিমিটাৰতকৈ অধিক বৰষুণৰ সম্ভাৱনা আছে । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানীৰ ভাষ্য অনুসৰি উত্তৰ বংগোপসাগৰত সৃষ্টি হোৱা তীব্ৰ সাগৰীয় ঘূর্ণীবতাহ 'ৰেমল' ঘণ্টাত 130 কিল’মিটাৰ গতিবেগত উত্তৰ দিশলৈ আগবাঢ়ি দেওবাৰে দিনৰ 11.30 বজাত বাংলাদেশৰ খেপোপাৰাৰ পৰা 220 কিল’মিটাৰ দক্ষিণ-পশ্চিমত, মংগলাৰ পৰা 260 কিল’মিটাৰ দক্ষিণত আৰু পশ্চিমবংগৰ কেনিঙৰ পৰা 200 কিল’মিটাৰ দক্ষিণ, দক্ষিণ-পূব আৰু সাগৰীয় দ্বীপৰ পৰা 210 কিল’মিটাৰ দক্ষিণ, দক্ষিণ-পূৱত অৱস্থান কৰিছিল ।

পৰৱৰ্তী সময়ত এই ঘূৰ্ণীবতাহে উত্তৰ দিশে আগবাঢ়ি দেওবাৰে মাজনিশা পশ্চিমবংগৰ সাগৰদ্বীপ আৰু বাংলাদেশৰ খেপোপাৰা উপকূল অঞ্চলৰ মংগলা স্পৰ্শ কৰে । এই সময়ছোৱাত বতাহৰ গতিবেগ ঘণ্টাত 110-120 কিল’মিটাৰ হ'ব । ৰেমলৰ প্ৰভাৱত অসমত প্ৰচুৰ পৰিমাণৰ বৰষুণ (65.4 মিলিমিটাৰৰ পৰা 204.6 মিলিমিটাৰ) আৰু ঠাই বিশেষে অতি প্রবল (204.6 মিলিমিটাৰ বা ততোধিক) বৰষুণৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: প্ৰতি ঘন্টাত 135 বেগেৰে স্থলমণ্ডলত প্ৰৱেশ ৰেমলৰ - Cyclone Remal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.