ETV Bharat / state

ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ ৰিয়ান পৰাগৰ: পুত্ৰৰ সাফল্যত গৌৰৱান্বিত পিতৃ-মাতৃ - Riyan Parag

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 7:40 PM IST

Updated : Jun 24, 2024, 9:58 PM IST

Riyan Parag in India Team : ভাৰতীয় জাতীয় ক্ৰিকেট দলত স্থান লাভ অসম সন্তান ৰিয়ান পৰাগৰ ৷ পুত্ৰৰ এই সফলতাত গৌৰৱান্বিত খেলুৱৈ পিতৃ পৰাগ দাস আৰু সাতোৰবিদ মাতৃ মিঠু বৰুৱা ৷

Riyan Parag in India Team
ভাৰতীয় T-20 দলত স্থান লাভ ৰিয়ান পৰাগৰ (AP PHOTOS)

গুৱাহাটী, 24 জুন : দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিল ৷ অৱশেষত ভাৰতীয় জাতীয় ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ সক্ষম হ’ল বিস্ফোৰক বেটছমেন তথা অসম সন্তান ৰিয়ান পৰাগে ৷ শেহতীয়াকৈ ঘোষণা কৰা ভাৰতীয় T-20 দলত স্থান লাভ কৰিলে অসম সন্তানগৰাকীয়ে ৷ জিম্বাবৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া T-20 শৃংখলাৰ ভাৰতীয় দলৰ অংশ হ’ব ৰিয়ান পৰাগ ৷

ভাৰতীয় ক্ৰিকেট দলত স্থাল লাভ ৰিয়ান পৰাগৰ (ETV BHARAT ASSAM)

বি চি চি আইয়ে (BCCI) সোমবাৰে জিম্বাবৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া পাঁচখনীয়া মেচৰ T-20 শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰে ৷ ভাৰতীয় ক্ৰিকেটৰ নতুন প্ৰতিভাৰে গঠিত এই দলত ৰিয়ান পৰাগে স্থান লাভ কৰাৰ পাচতেই উৎফুল্লিত হৈ পৰিছে তেওঁৰ পিতৃ-মাতৃৰ লগতে ৰাজ্যবাসী ৷ এই সন্দৰ্ভত গুৱাহাটীৰ খাৰঘূলিৰ বাসগৃহত ৰিয়ান পৰাগৰ পিতৃয়ে সাংবাদিকসকলৰ আগত ক্ৰিকেটাৰগৰাকীয়ে ভাৰতীয় দলত স্থান লাভ কৰাত আনন্দ প্ৰকাশ কৰে ৷

উল্লেখ্য যে ৰিয়ান পৰাগ ভাৰতীয় পুৰুষ জাতীয় দলত স্থান লাভ কৰা অসম তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ ৷ ইয়াৰ পূৰ্বে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কোনো ক্ৰিকেটাৰে ভাৰতীয় জাতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ ৰাজস্থান ৰয়েলছৰ খেলুৱৈ তথা অসম ৰঞ্জী দলৰ অধিনায়ক ৰিয়ান পৰাগে শেহতীয়াকৈ ঘৰুৱা আৰু আই পি এলত সুন্দৰ প্ৰদৰ্শন কৰিছিল ৷ ধাৰাবাহিক বিফলতাৰ অন্তত ৰিয়ান পৰাগে 2024 বৰ্ষৰ আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ 15 খন মেচত 4 টা অৰ্ধশতকেৰে 573 ৰাণ সংগ্ৰহ কৰিছিল ৷ তেওঁৰ প্ৰদৰ্শনে দৃষ্টি আকৰ্ষণ কৰিছিল নিৰ্বাচকসকলক ৷

লগতে পঢ়ক : জিম্বাব’ৱেৰ বিৰুদ্ধে টি-20 শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা : দলত অন্তৰ্ভুক্ত ৰিয়ান পৰাগ - Riyan Parag in India Team

আই পি এলত ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ কেবাখনো মেচত ত্ৰাণকৰ্তাৰ ৰূপত আবিৰ্ভাৱ হৈ দলৰ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ 2023 চনৰ চৈয়দ মুস্তাক আলী ট্ৰফীতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৰিয়ান পৰাগে ৷ অসমৰ দক্ষ ক্ৰিকেটাৰজনে চৈয়দ মুস্তাক আলী ট্ৰফীত 192 ষ্ট্ৰাইক ৰেটেৰে 440 ৰাণ সংগ্ৰহ কৰিছিল ৷ এতিয়া জাতীয় দলত স্থান লাভ কৰা ৰিয়ান পৰাগে এই শৃংখলাত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিব বুলি আশা প্ৰকাশ কৰিছে অনুৰাগী তথা ৰাজ্যবাসীয়ে ৷

লগতে পঢ়ক : টি-২০ বিশ্বকাপ ২০২৪ ৰ মহাৰণ : ছুপাৰ-৮ ৰ অন্তিমখন খেলত আজি মুখামুখি হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়া - T20 World Cup 2024

Last Updated : Jun 24, 2024, 9:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.