ETV Bharat / state

মাটিৰ খাজনা বৃদ্ধি কৰা সন্দৰ্ভত কি ক’লে ৰাজহ মন্ত্ৰী যোগেন মহনে - Minister Jogen Mohan

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 9:59 PM IST

Minister Jogen Mohan: বৰ্তমান ৰাজ্য চৰকাৰৰ হাতত খাজনা বৃদ্ধিৰ কোনো প্ৰস্তাৱ নাই ৷ ৰাজহ মন্ত্ৰী যোগেন মহনে মঙলবাৰে মৰাণত স্পষ্ট কৰে এই কথা ৷ তেওঁ লগতে মিছন বসুন্ধৰা ৩.0ত ই-খাজনাৰ ব্যৱস্থাটোৱে আন্তঃৰাষ্ট্ৰীয় লেনদেনত সহায়ক হৈছে বুলি উল্লেখ কৰি অষ্ট্ৰেলিয়াৰ পৰা বহু লোকে খাজনা দিয়াৰ কথা জানিবলৈ দিয়ে ৷

Minister Jogen Mohan
ৰাজহ মন্ত্ৰী যোগেন মহনে (ETV Bharat Assam)

ডিব্ৰুগড়, ১০ ছেপ্টেম্বৰ: অসম চৰকাৰে মাটিৰ খাজনা বৃদ্ধিৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই । ৰাজহ মন্ত্ৰী যোগেন মহনে মঙলবাৰে মৰাণত স্পষ্ট কৰে এই কথা ৷ মিছন বসুন্ধৰাৰ জৰিয়তে যাতে খিলঞ্জীয়া লোকসকলক অধিক ক্ষিপ্ৰতাৰে ভূমি অধিকাৰ দিব পাৰি তাৰ বাবে মিছন বসুন্ধৰা ৩.0 কাৰ্যসূচী কৰিবলৈ তৎপৰ হৈছে ৰাজ্য চৰকাৰ । অহা ২ অক্টোবৰৰ পৰা মিছন বসুন্ধৰা ৩.0 আৰম্ভ কৰা হ'ব বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজহ মন্ত্ৰী যোগেন মহনে ঘোষণা কৰিছে । তেনে সময়ত খবৰ ওলাল যে মাটিৰ খাজনা বৃদ্ধি কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগে ।

পুনৰ ৰাজ্য চৰকাৰে খাজনা বৃদ্ধি কৰিবলৈ লোৱা বিষয়টো ৰাজহুৱা হোৱাৰ পাছতে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হয় । ইয়াৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাজহ মন্ত্ৰী যোগেন মহনে । বৰ্তমান অসম চৰকাৰে মাটিৰ খাজনা বৃদ্ধিৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই । বৰঞ্চ পূৰ্বৰ দৰেই থাকিব খাজনাৰ নিৰিখ । আজি মৰাণত সংবাদ মাধ্যমৰ আগত এই বিষয়ে জানিবলৈ দিয়ে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে ৷

মাটিৰ খাজনা বৃদ্ধি পোৱা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি নস্যাৎ কৰি মন্ত্ৰীজনে কয়, "বৰ্তমান ৰাজ্য চৰকাৰৰ হাতত খাজনা বৃদ্ধিৰ কোনো প্ৰস্তাৱ নাই । বৰঞ্চ বৰ্তমানৰ চৰকাৰখনে ৰাইজৰ ভূমি অধিকাৰ সুৰক্ষিত ৰখাৰ স্বাৰ্থত সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে, যাৰ জৰিয়তে ভৱিষ্যৎ প্ৰজন্ম উপকৃত হ'ব । মিছন বসুন্ধৰা ২.০ ত প্ৰত্যাখান কৰা অথবা সমাধান নোহোৱা বিভিন্ন ভূমি অধিকাৰ সম্বন্ধীয় বিষয়সমূহো এইবাৰ মিছন বসুন্ধৰা ৩.0 জৰিয়তে নিষ্পত্তি কৰা হ'ব আৰু বিশেষভাৱে অনুষ্ঠান-প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আদিৰ ভূমি সম্পৰ্কীয় দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰা হ'ব ৷"

এই মিছন বসুন্ধৰা ৩.0ৰ জৰিয়তে ৰাজ্যৰ জনসাধাৰণক ভূমি সংক্ৰান্তীয় সেৱা আগবঢ়োৱাটো অসম চৰকাৰৰ এক প্ৰয়াস হিচাপে স্থিৰ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে ৰাজহ বিভাগত ভূমি সংক্ৰান্তীয় বহুতো সংস্কাৰো সাধন কৰিব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । ইয়াৰ সমান্তৰালভাৱে অনলাইন খাজনা দিয়াৰ ব্যৱস্থা ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে । মন্ত্ৰী মহনে কয়, "ইয়াৰ দ্বাৰা বহু লোক উপকৃত হ'ব । গ্ৰাম্য অঞ্চলত অনলাইন খাজনা দিয়াত সমস্যা হ'ব যদিও তাৰ বাবে সজাগতা আৰম্ভ কৰা হ'ব । ইতিমধ্যে অষ্ট্ৰেলিয়াৰ পৰা অনলাইনৰ জৰিয়তে বহু লোকে খাজনা দিছে ।"

লগতে পঢ়ক: ২ অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.O - Mission Basundhara 3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.