ETV Bharat / state

ভৰা লুইতত সন্ধানহীন বান সাহায্য দিবলৈ যোৱা ৭ জনীয়া দলটোক উদ্ধাৰ - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 1:24 PM IST

Updated : Jul 6, 2024, 4:19 PM IST

Majuli Flood : ভৰা লুইতত সন্ধানহীন হোৱা সাতজনীয়া দলক উদ্ধাৰ SDRF বাহিনীৰ । মাজুলীত বান সাহায্য দিবলৈ যোৱা সন্ধানহীন দলক সুকলমে উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে । মাজুলী কাৰ্তিক চাপৰি আৰু ভেকেলি চাপৰিত বান সাহায্য তথা পশু খাদ্য বিতৰণ বাবে গৈছিল দলটো । SDRFৰ দলে অতি সাহসিকতাৰে উদ্ধাৰ কৰে ৭ জনীয়া দলটোক ।

Missing team rescued in Brahmaputra while going to provide flood relief
বান সাহায্য দিবলৈ যোৱা ৭ জনীয়া দলক উদ্ধাৰ (ETV Bharat Assam)

যোৰহাট/মাজুলী, ৬ জুলাই : চৌদিশে বানে বিভীষিকা সৃষ্টি কৰাৰ মাজতে শুকুৰবাৰে মাজুলীত বান সাহায্য যোগান ধৰিবলৈ যোৱা এটা সাতজনীয়া দল সন্ধানহীন হৈ পৰে ভৰা লুইতৰ বুকুত । মাজুলী কাৰ্তিক চাপৰি আৰু ভেকেলি চাপৰিত বান সাহায্য তথা পশু খাদ্য বিতৰণ বাবে গৈছিল দলটোৱে ।

পশুপালন বিভাগৰ কৰ্মচাৰী আৰু নাৱৰীয়া কেইজন সন্ধানহীন হোৱাৰ খবৰ বিয়পি পৰাৰ মাত্ৰকে হাহাকাৰ লাগে চৌদিশে । লগে লগে শুকুৰবাৰে নিশাই SDRF দলে আৰম্ভ কৰে অভিযান । তাৰ পাচতে উক্ত নিশাই SDRF ৰ দলে অতি সাহসীকতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৭ জনীয়া দলটোক ।

SDRF য়ে উদ্ধাৰ কৰা ৭ জনীয়া দলটোত আছিল সঞ্জীত শইকীয়া, বিপুল হাজৰিকা, অজয় দাসৰ লগতে ৪ জন শ্রমিক । জানিব পৰা মতে, শুকুৰবাৰে বিয়লি প্ৰায় চাৰি বজাত পশুখাদ্য বিতৰণ কৰি গৃহ অভিমুখে ৰাওনা হৈছিল দলটো ৷ কিন্তু নিশাৰ আন্ধাৰ আৰু বৰষুণৰ বাবে কমলাবাৰী ঘাটৰ সমীপত নাওখনে গন্তব্য স্থানলৈ যোৱা পথ হেৰুৱায় ।

এক অশনি সংকেতৰ ইংগিত পাই SDRF ৰ দলে নিশাই অভিযান আৰম্ভ কৰে ৷ অৱশেষত উক্ত নিশাই উদ্ধাৰকাৰী দলটোৱে সাতোজন ব্যক্তিক সুস্থ অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰ কৰাৰ পাচতে কমলাবাৰী ঘাটত মাজুলীৰ জিলা আয়ুক্ত ড৹ কাবেৰী বি শৰ্মাৰ লগতে অতিৰিক্ত জিলা আয়ুক্তসকল আৰু জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকি সাহায্যৰ বাবে যোৱা সকলো কৰ্মচাৰীক আদৰণি জনায় ।

ইফালে নিশাৰ আন্ধাৰত ব্ৰহ্মপুত্ৰত দিক বিদিক হেৰুৱাই আৱদ্ধ হোৱা দলটোৰ আটাইকেইজনকে SDRF ৰ দলে উদ্ধাৰ কৰে যদিও দলটোৱে ব্যৱহাৰ কৰা নাওখন উদ্ধাৰ কৰাত ব্যৰ্থ হয় ।

লগতে পঢ়ক: বানৰ মাজতে অঘটন : বানপীড়িতক পশু খাদ্য বিতৰণ কৰিবলৈ গৈ নাওসহ সন্ধানহীন ৭ জন - Assam Flood 2024

Last Updated : Jul 6, 2024, 4:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.