ETV Bharat / state

মুখ্যমন্ত্ৰীৰ উপস্থিতিত আৰম্ভ হ'ল বৰপেটা সত্ৰৰ মূল কীৰ্তনঘৰৰ টিনপাত সলনিৰ কাম - Assam CM Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 10:02 PM IST

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বৃহস্পতিবাৰে বৰপেটা সত্ৰৰ মূল কীৰ্তনঘৰৰ টিনপাত সলনি কৰি নতুন টিনপাত লগোৱা কাৰ্যৰ শুভাৰম্ভ কৰা হয় ৷ মুখ্যমন্ত্ৰীয়ে সত্ৰৰ মেৰামতিৰ নামত আৱণ্টন দিয়া এক কোটি টকাৰে আৰম্ভ কৰা হয় এই কাৰ্য ।

Repairing of Barpeta Satra started in the presence of CM
বৰপেটা সত্ৰৰ মুল কীৰ্তনঘৰৰ টিনপাত সলনি (ETV Bharat Assam)

বৰপেটা,২৭ জুন: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সন্ধিয়া ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি কৰে । সত্ৰখনৰ মূল গৃহৰ পুৰণি হোৱা টিনপাতকে মুখ্য কৰি কেবাটাও স্থানত মেৰামতিৰ প্ৰয়োজন হৈছে । এই বিষয়ে বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে যোৱা দৌলোৎসৱৰ সময়ত মুখ্যমন্ত্ৰীক অৱগত কৰিছিল । ইয়াৰ পাচতে মুখ্যমন্ত্ৰীয়ে সত্ৰৰ মেৰামতিৰ নামত এক কোটি টকা আৱণ্টন দিয়ে ।

আৱণ্টিত সেই ধনেৰে সত্ৰ পৰিচালনা সমিতিয়ে বৃহস্পতিবাৰৰে পৰা টিনপাত সলনিৰ কাম মুখ্যমন্ত্ৰীৰ উপস্থিতিত আৰম্ভ কৰে । নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাচত বৰপেটা সত্ৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সত্ৰখনৰ উন্নয়নমূলক কাম-কাজক লৈ সত্ৰ পৰিচালনা সমিতিৰ লগতো এক আলোচনাত মিলিত হয় । ইয়াৰ পূৰ্বে সত্ৰ চৌহদত প্ৰৱেশ কৰিয়েই মুখ্যমন্ত্ৰীয়ে মঠৰ চোতালত সেৱা জনায় । বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠক আৰু বুঢ়া ভকত হেমেন বাপে মুখ্যমন্ত্ৰীক আশিস নিৰ্মালি প্ৰদান কৰে ।

ইপিনে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে ১৯৬২ ৰ পাচত প্ৰথম বৰপেটা সত্ৰৰ দুৰ্বল হৈ পৰা টিনপাত সলনিৰ কাম আৰম্ভ কৰিবলৈ পাই তেওঁ অত্যন্ত সুখী অনুভৱ কৰিছে । মুখ্যমন্ত্ৰীয় ঘোষণা কৰে যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সৰ্বাধিক সময় অতিবাহিত কৰা পাটবাউসীৰ শংকৰদেৱ থানক কেন্দ্ৰ কৰি প্ৰস্তাৱ কৰা প্ৰকল্পৰ কাম অহা আগষ্টৰ শেষত অথবা ছেপ্টেম্বৰৰ প্ৰথমতে আৰম্ভ কৰা হ'ব । মুখ্যমন্ত্ৰীৰ লগত বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগু, ভবানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰো উপস্থিত থাকে ।

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰত নিৰ্মাণ হ'ব ৰাজ্যৰ প্ৰথমটো পানীৰ তলৰ সুৰংগ - Under water Tunnel in Assam

আধুনিক আন্তঃগাঁথনিৰে ৰাজ্যত নিৰ্মাণ হৈ আছে ৫০০ বিদ্যালয় : মুখ্যমন্ত্ৰী - Assam CM Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.