ETV Bharat / state

অনিয়মেৰে নিযুক্তি লাভ কৰা আৰক্ষীক শীঘ্ৰে বৰ্খাস্তৰ দাবী DYFI ৰ - ASSAM POLICE RECRUITMENT SCAM

DYFI Assam demands : ২০০৮ চনত হোৱা উপ পৰিদৰ্শক পদৰ নিযুক্তিক কেলেংকাৰী ! অনিয়মেৰে চাকৰি লোৱাসকলক এতিয়াও বৰ্খাস্ত কৰা নাই চৰকাৰে ।

DYFI Assam demands
অনিয়মেৰে নিযুক্তি লাভ কৰা আৰক্ষীক শীঘ্ৰে বৰ্খাস্তৰ দাবী DYFIৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 2, 2024, 7:38 AM IST

গুৱাহাটী : অনিয়মেৰে বাছনি লাভ কৰি ১৬ বছৰে চাকৰি কৰি থকা ১৭ গৰাকী ভুৱা আৰক্ষীৰ তৎকালে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বাবে দাবী জনাইছে ডি ৱাই এফ আই, অসম ৰাজ্যিক কমিটীয়ে ।

অসম আৰক্ষীৰ নিযুক্তিত অনিয়ম !

এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰি ডি ৱাই এফ আই, অসম ৰাজ্যিক কমিটীৰ সম্পাদক ৰিতু ৰঞ্জন দাসে কয়, "দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি ঘোষণা কৰা, স্বচ্ছ আৰু নিকা নিযুক্তিৰ শ্ল'গান দিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে ।"

অনিয়মেৰে নিযুক্তি লাভ কৰা আৰক্ষীক শীঘ্ৰে বৰ্খাস্তৰ দাবী DYFIৰ (ETV Bharat)

তেওঁ কয়, "পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত এই বিয়াগোম কেলেংকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰা কথাই নানা প্ৰশ্নৰ উদ্ৰেক কৰিছে । প্ৰশ্ন হৈছে সেই সময়ৰ শক্তিশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ সাংগো-পাংগোসকলৰ নেতৃত্বতে এই কেলেংকাৰী হৈছিল নেকি ?"

আদালতৰ নিৰ্দেশনা

দাসে কয়, "২০০৭ চনৰ ১৫ নবেম্বৰত ১১৫ টা উপ পৰিদৰ্শক পদৰ বিজ্ঞাপন প্ৰকাশ কৰি ২০০৮ চনত নিযুক্তি সম্পন্ন কৰিছিল । কিন্তু নিযুক্তি প্ৰক্ৰিয়া সংৰক্ষণ নীতি ভংগৰ লগতে গুৰুতৰ দুৰ্নীতি-অনিয়মৰ অভিযোগ উঠিছিল । দুৰ্নীতি অনিয়ম হোৱাৰ অভিযোগ তুলি ১৭ গৰাকী বঞ্চিত প্ৰাৰ্থীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত ডব্লিউ পি (চি) ৪৪৩৫/২০০৮ত এটা গোচৰ ৰুজু কৰিছিল । এই গোচৰৰ দীঘলীয়া শুনানিত অসম আৰক্ষীৰ তদানীন্তন আই জি পিয়ে (প্ৰশাসনিক) ২০১১ চনত ১৪ ফেব্ৰুৱাৰীত শপতনামা দাখিল কৰি বাছনি প্ৰক্ৰিয়াত সংৰক্ষিত আসনত নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম হোৱাৰ কথা স্বীকাৰ কৰি নতুনকৈ শুদ্ধ আৰু সংশোধিত তালিকা প্ৰকাশ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । ২০১৪ চনৰ ১৪ জুলাইত উচ্চ ন্যায়ালয়ে অনিয়মেৰে বাছনি হোৱা প্ৰাৰ্থীসকলৰ বিৰুদ্ধে ব্যৱস্থালৈ যোগ্যজনক নতুনকৈ বাছনি কৰিবলৈ নিৰ্দেশ দিছিল ।"

তেওঁ কয়, "ইয়াৰ ভিত্তিতে ২০১৭ চনত সেই সময়ৰ ডি জি পি মুকেশ সাহাই, এ ডি জি পি জ্যোতিৰ্ময় চক্ৰৱৰ্তী, গৃহবিভাগৰ সচিব কে শৰ্মা, এ ডি জি পি এল আৰ বিষ্ণৈ আৰু পাৰ্চনেল বিভাগৰ সচিব উদয়ন হাজৰিকাৰ স্বাক্ষৰিত ১১৫ জনৰ এখন সংশোধিত তালিকা প্ৰকাশ কৰে । এই তালিকাৰ পৰা পূৰ্বে বাছনি লাভ কৰা ১৯ বিষয়াৰ নাম বাদ দিয়ে । নতুন তালিকাত পূৰ্বে বঞ্চিত হোৱা ১৯ জনক স্থান দিয়ে ।"

অনিয়মেৰে নিযুক্ত আৰক্ষীয়ে কৰি আছে চাকৰি

ডি ৱাই এফ আইৰ সম্পাদকগৰাকীয়ে কয়, "আচৰিত কথাটো হৈছে তালিকাৰ পৰা বাদ পৰা ১৯ জন উপ পৰিদৰ্শকে আজিলৈ চাকৰি কৰি থকাৰ লগতে পৰিদৰ্শক পদলৈ পদোন্নতিহে লাভ কৰিছে । অৱশ্যে ১৯ জন বিষয়াৰ ভিতৰত দুজনে ইতিমধ্যে পদত্যাগ কৰিছে । এনে ভয়ংকৰ দুৰ্নীতিৰে আৰক্ষীৰ চাকৰিত যোগ দিয়া ১৭ আৰক্ষী বিষয়াৰ বিৰুদ্ধে যোৱা ১০ ছেপ্টেম্বৰত ডি জি পিৰ কাৰ্যালয়ৰ পৰা গৃহ বিভাগলৈ উক্ত বিষয়াসকলক বৰ্খাস্ত কৰিবলৈ পত্ৰ প্ৰেৰণ কৰে । এই পত্ৰৰ ভিত্তিতে ১৩ গৰাকী অভিযুক্ত আৰক্ষী পৰিদৰ্শকে সুৰক্ষা বিচাৰি উচ্চ ন্যায়ালয়ত আৱেদন কৰে । এই আৱেদনৰ ভিত্তিত ন্যায়ালয়ে গোচৰ ৰুজু কৰে । এই গোচৰ সম্পৰ্কত চৰকাৰৰ পক্ষৰ অধিবক্তাই যি শপতনামা দাখিল কৰিছে তাতেই চৰকাৰ, গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰীৰ স্বৰূপ ওলাই পৰিছে । প্ৰকৃততে মুখ্যমন্ত্ৰী আৰু চৰকাৰে এই বিষয়াসকলক সুৰক্ষা দিয়াৰ বাবে উঠিপৰি লাগিছে ।"

লগতে পঢ়ক :যেন ওৰকে নপৰে মাজুলীবাসীৰ সমস্যাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.