ETV Bharat / state

জুবিন বিতৰ্ক : প্ৰতিক্ৰিয়া প্ৰকাশ সত্ৰাধিকাৰৰ - Zubeen Garg Controversy - ZUBEEN GARG CONTROVERSY

মাজুলীত শিল্পী জুবিন গাৰ্গে সত্ৰাধিকাৰসকলক লৈ কৰা মন্তব্যক কঠোৰ সমালোচনা ৷ মাজুলীৰ দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সমান্তৰালকৈ সত্ৰাধিকাৰসকলেও প্ৰকাশ কৰিছে নিজৰ নিজৰ প্ৰতিক্ৰিয়া ৷ সত্ৰাধিকাৰসকলে জুবিনক ক্ষমা খোজাৰ দাবী তোলা পৰিলক্ষিত হৈছে ৷

ZUBEEN GARG CONTROVERSY
জুবিন বিতৰ্কৰ প্ৰতিক্ৰিয়া
author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 4:31 PM IST

Updated : Apr 23, 2024, 6:52 PM IST

প্ৰতিক্ৰিয়া প্ৰকাশ সত্ৰাধিকাৰৰ

মাজুলী, 23 এপ্ৰিল : জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশনৰ বাবে মাজুলীলৈ গৈ সত্ৰাধিকাৰসকলক অপমান কৰা কাৰ্যই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷ মাজুলীৰ কেইবাটাও দল-সংগঠনৰ লগতে সত্ৰাধিকাৰসকলে শিল্পীগৰাকীক কঠোৰ সমালোচনা কৰে ৷ প্ৰয়াত সত্ৰাধিকাৰ লক্ষ্যচন্দ্ৰ মহন্ত সোঁৱৰণী মঞ্চতে সত্ৰাধিকাৰসকলক অপমানসূচক মন্তব্য কৰাক লৈ দাতা পৰিয়ালৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এগৰাকী সত্ৰাধিকাৰক এনে ব্যৱহাৰ কৰাটো কোনো কাৰণতে শোভনীয় নহয় ৷

তেওঁ লগতে কয়, জুবিন গাৰ্গে অকল গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰগৰাকীকে অপমান কৰা নাই ৷ মাজুলীত থকা প্ৰতিখন সত্ৰৰ সত্ৰাধিকাৰক অপমান কৰিছে বুলি ধৰিব পাৰি ৷ আনহাতে, ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্ত দেৱগোস্বামীয়ে সমগ্ৰ ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ আহিবলগীয়া সময়ত মাজুলীলৈ আহি যাতে পুনৰ শিল্পীগৰাকীয়ে এনে বিতৰ্কিত মন্তব্য নকৰে তাৰ বাবেও সকীয়নি প্ৰদান কৰে ৷

উল্লেখ্য যে, পুবেৰুণ কলা পৰিষদৰ সৌজন্যত অনুষ্ঠিত হোৱা 66 সংখ্যক গড়মূৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত অন্তিম দিনাৰ সাংস্কৃতিক সন্ধিয়াৰ মূল আকর্ষণ আছিল শিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান ৷ এই অনুষ্ঠানতে জুবিন গাৰ্গক এটি বঁটা প্ৰদান কৰিছিল আয়োজক সমিতিয়ে ৷ এই বঁটা শিল্পীগৰাকীৰ হাতত তুলি দিবলৈ আয়োজক কমিটিয়ে নিমন্ত্ৰণ জনাইছিল গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰগৰাকীক ৷ এই বঁটা প্ৰদানৰ পিচতে যি অনাকাংক্ষিত ঘটনা সংঘটিত হ’ল, তাক লৈ মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে ৷

সত্ৰাধিকাৰগৰাকীয়ে কয় যে, জুবিন গাৰ্গক মাজুলীৰ ৰাইজে সোমবাৰে বিহু মঞ্চত প্ৰদান কৰা আশীৰ্বাদ তেওঁ কিদৰে গ্ৰহণ কৰিছে সেয়া নেদেখাজনেহে জানিব ৷ কিন্তু শিল্পীগৰাকীয়ে যি মন্তব্য প্ৰকাশ কৰিলে, সেয়া অনুচিত বুলি তেওঁ কয় ৷ কিয়নো ৰাজ্যৰ নৱপ্ৰজন্মই জুবিন গাৰ্গক অনুসৰণ কৰে ৷ গতিকে এনে মন্তব্যই সমাজত বিৰূপ প্ৰভাৱ পেলাব ৷

লগতে চাওক: আকৌ বিতৰ্কত জুবিন; আন এক মন্তব্যৰ বাবে সমালোচিত শিল্পীগৰাকী - Zubeen Garg Controversy

Last Updated : Apr 23, 2024, 6:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.