ETV Bharat / state

চৰকাৰে নাগৰিকৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে: দেৱব্ৰত শইকীয়া - Water body conservation bill 2024

author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 7:16 PM IST

Water body conservation bill 2024: ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত আগন্তুক বিধানসভাৰ অধিৱেশনত অসম নগৰ এলেকা জলাশয় সংৰক্ষণ আৰু সংবৰ্দ্ধন বিধেয়ক-২০২৪ উত্থাপনৰ বাবে সিদ্ধান্ত লোৱা হয় । ৰাজ্য চৰকাৰৰ এই কেবিনেট সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । শইকীয়াই উল্লেখ কৰা মতে, জলাশয় সংৰক্ষণৰ আইন আগৰে পৰাই আছে । ২০০৮ চনত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ জলাশয় সংৰক্ষণৰ বাবে এখন আইন প্ৰণয়ন কৰা হৈছিল ।

Opposition Leader Debabrata Saikia
বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (ETV Bharat Assam)

গুৱাহাটী, ১৪ আগষ্ট: অসম বিধানসভাৰ আগন্তুক অধিৱেশনত অসম চৰকাৰে 'অসম নগৰ এলেকা জলাশয় সংবর্ধন আৰু সংৰক্ষণ বিধেয়ক-২০২৪' উত্থাপন কৰিব । এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ শেহতীয়া কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় । বিধানসভালৈ আহিবলগীয়া এই নতুন বিধেয়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

বিৰোধী দলপতি শইকীয়াই কয়, "জলাশয় সংৰক্ষণৰ আইন আগৰে পৰাই আছে । ২০০৮ চনত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ জলাশয় সংৰক্ষণৰ বাবে এখন আইন কৰা হৈছিল । য'ত বৰচলা বিল, চলা বিল, শিলসাঁকো বিল আদিৰ সংৰক্ষণ কৰাৰ কথা উল্লেখ আছে । কিন্তু দুৰ্ভাগ্যজনক কথা যে পূৰ্বৰ চৰকাৰৰ সময়ত যিখন চৰকাৰত বৰ্তমানৰ মুখ্যমন্ত্রীগৰাকী মন্ত্রী আছিল সেই সময়ত বহু আৱণ্টন দিয়া হৈছিল । বহু অনুষ্ঠান-প্ৰতিষ্ঠানক আৱন্টন দিয়া হ'ল যদিও সেইক্ষেত্রত চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই । কিন্তু সাধাৰণ নাগৰিকসকলক উচ্ছেদ কৰি তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি আনি দিছে ।"

তেওঁ লগতে কয়, "এতিয়া নতুনকৈ কৈছে যে অসমৰ বাবে নতুন জলাশয় আইন আনিব । য'ত ব্যক্তিগত পুখুৰী থাকিলেও কোনোৱাই কিবা কামত ব্যৱহাৰ কৰিব লাগিলে চৰকাৰৰ বহু অনুমতি লাগিব নাইবা চৰকাৰে বাধা দিব পাৰে । এনে কৰি চৰকাৰে নাগৰিকৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে । যিটো দুৰ্ভাগজনক ।"

শইকীয়াই আৰু কয়, "শিলসাঁকো বিলত ১৯৭০ চনৰ পৰা বসবাস কৰি অহা ভূমিপুত্র তথা আদিবাসী অসমীয়া লোকসকলৰ কোনো বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ কৰি চৰকাৰে যি অসমবিৰোধী স্থিতি ল'লে সেয়া অতিকৈ লাজৰ কথা । চৰকাৰে ভূমিহীনক ভূমি দিয়াৰ ব্যৱস্থা কৰক । অসমৰ কোনো খিলঞ্জীয়া লোক যাতে ভূমিহীন হৈ থাকিব নালাগে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক । কেৱল পুঁজিপতিৰ স্বাৰ্থত কাম কৰিলে অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰিব । মুখ্যমন্ত্রীয়ে বিগত সময়ছোৱাত যিদৰে অসমৰ জনগণবিৰোধী কাম কৰি আছে তাৰ আমি প্ৰতিবাদ কৰিম ।"

লগতে পঢ়ক: ব্যক্তিগত বিল-জলাশয়-পুখুৰী সংৰক্ষণ কৰাৰ বাবে আহিব নতুন বিধেয়ক: কেবিনেটৰ সিদ্ধান্ত - DECISION OF CABINET MEETING

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.