বৰপেটা: চৰকাৰে ৰাজ্য়ত কেঁচা ঘৰ নোহোৱা কৰিব । তাৰ বাবে আঁচনি ৰূপায়ণ কৰি আছে । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত মানুহৰ কেঁচা ঘৰ সম্পূৰ্ণ ৰূপে নোহোৱা হ'ব । কেনেকৈ কেঁচা ঘৰ নোহোৱা কৰিব চৰকাৰে সেই বিষয়ে ব্য়াখ্য়া কৰিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য-ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।
সোমবাৰে বৰপেটাত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয়, "অসমত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত মানুহৰ কেঁচা ঘৰ সম্পূৰ্ণ ৰূপে নোহোৱা হ'ব ।" মন্ত্ৰীগৰাকীয়ে বৰপেটাত উপস্থিত হৈ জিলাখনত তেওঁৰ বিভাগ দুটাৰ কাম-কাজৰ পৰ্যালোচনা কৰে । ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে কয়, "প্ৰধানমন্ত্ৰী আৱাস আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত অসম ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত প্ৰথম স্থানত আৰু এম জি এনৰেগা আঁচনিখন ৰূপায়ণত ষষ্ঠ স্থানত আছে ।"
বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে কয়, "অসমে ইতিমধ্যে ১৯ লাখ ৫৪ হাজাৰ ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে । ইয়াৰ ফলত পুনৰ এক লাখ ৭৩ হাজাৰ ঘৰ নতুনকৈ লাভ কৰিছে ।"
মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "অসমত নতুনকৈ সাত লাখ ঘৰ নিৰ্মাণ কৰা হ'ব । এনে ক্ষেত্ৰত ৰৈ যোৱা ঘৰবোৰ মুখ্যমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে নিৰ্মাণ কৰা হ'ব । এনেদৰে অসমত এটাও কেঁচা ঘৰ নাথাকিব ।"
আনহাতে, ৰেচন কাৰ্ডৰ সন্দৰ্ভত তেওঁ কয়, "অসম চৰকাৰে ১৯ লাখ হিতাধিকাৰীক নতুনকৈ কাৰ্ড প্ৰদানৰ বাবে প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।" প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰে যে অসমত প্ৰায় ৫০ লাখ ভুৱা ৰেচন কাৰ্ড ওলোৱাত নতুনকৈ অধিক সংখ্যক লোকক আঁচনিখনত সামৰি লোৱাতো সম্ভৱ হৈছে ।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বৰপেটা জিলাত নতুনকৈ ৰেচন কাৰ্ড পাবলগীয়া লোকৰ সংখ্যা হ'ল প্ৰায় ৭১ হাজাৰ । ইয়ৰ বাবে জিলা প্ৰশাসনক তৎপৰতাৰে কাম কৰিবলৈ মন্ত্ৰী দাসে নিৰ্দেশ দিয়ে ।