ETV Bharat / state

বিজেপিৰ কাৰ্যালয়ত থাকি নতুন অভিজ্ঞতাৰে পৰিপুষ্ট হৈ আহিছো : ৰাণা গোস্বামী

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 7:07 AM IST

Updated : Mar 4, 2024, 12:30 PM IST

Lok sabha election 2024 : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজ আৰু কৰ্মদক্ষতাক উচ্চ প্ৰশংসা কৰাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ প্ৰশংসাত গদগদ ন-বিজেপি ৰাণা গোস্বামী ৷ দেওবাৰে যোৰহাটত কেইবা শতাধিক সমৰ্থক শুভাকাংক্ষীয়ে ফুল ছটিয়াই, ফটকা ফুটাই গোস্বামীক উষ্ম আদৰণি জনায় ।

Rana Goswami is in jorhat
বিজেপিৰ কাৰ্যালয়ত থাকি নতুন অভিজ্ঞতাৰে পৰিপুষ্ট হৈ আহিছো - ৰাণা গোস্বামী
বিজেপিৰ কাৰ্যালয়ত থাকি নতুন অভিজ্ঞতাৰে পৰিপুষ্ট হৈ আহিছো : ৰাণা গোস্বামী

যোৰহাট, 4 মাৰ্চ : লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতিৰ বতাহে কংগ্ৰেছ দলক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পৰা পদত্যাগ কৰি বিজেপি দলত যোগদান কৰা ৰাণা গোস্বামীয়ে দেওবাৰে গৃহ চহৰ যোৰহাটলৈ আহে । যোৰহাটত কেইবা শতাধিক সমৰ্থক শুভাকাংক্ষীয়ে ফুল ছটিয়াই, ফটকা ফুটাই ন বিজেপি গোস্বামীক আদৰণি জনায় ।

তাৰ পিচতে গোস্বামীয়ে জিলা বিজেপিৰ কাৰ্যালয়ৰ এখন যোগদান সভাত অংশগ্ৰহণ কৰি ৰজাবাৰীৰ বাসগৃহলৈ যায় ৷ বিজেপিত যোগদানৰ অন্তত ৰাণা গোস্বামীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিজেপি এটা পৰিয়াল দৰে আৰু সকলোকে সম-অধিকাৰ প্ৰদান কৰে । অনাগত দিনত তেওঁ অসম আৰু দেশৰ হকে কাম কৰি যাব ।

লগতে ন-বিজেপি ৰাণা গোস্বামীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজ আৰু কৰ্মদক্ষতাক উচ্চ প্ৰশংসা কৰাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ প্ৰশংসাত গদগদ হৈ পৰে ৷ আনহাতে গোস্বামীয়ে কয় যে কংগ্ৰেছৰ উপ-সভাপতি সংখ্যা সহস্ৰাধিক, কিন্তু বৰ্তমান বিজেপিত উপ-সভাপতি 9 জনহে ।

লক্ষণীয় যে, যোৱা 29 ফেব্ৰুৱাৰীত ৰাণা গোস্বামীয়ে গুৱাহাটীস্থিত বিজেপি ৰাজ্যিক কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ উপস্থিতত বিজেপিত যোগদান কৰে । তাৰ পিচতে যোৱা 2 মাৰ্চত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই উপ-সভাপতি ৰূপে নিযুক্তি দিয়ে ন-বিজেপি নেতা ৰাণা গোস্বামীক ৷ এতিয়া ৰাণা গোস্বামীয়ে কিদৰে বিজেপিৰ হকে কাম কৰি দলটোক যোৰহাট তথা উজনি অসমত কিমান শক্তিশালী কৰিব পাৰিব সেয়া সময়তহে লক্ষণীয় হ'ব ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছত মোক্ষম আঘাত হানি বিজেপিত যোগদান কৰাৰ পিচত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল ৰাণা গোস্বামী ৷

লগতে পঢ়ক: কংগ্ৰেছত আছিল কাৰ্যকৰী সভাপতি, বিজেপিত উপ-সভাপতি হ’লগৈ ৰাণা গোস্বামী

Last Updated : Mar 4, 2024, 12:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.