ETV Bharat / state

লখিমপুৰত অব্যাহত ৰেমলৰ প্ৰভাৱ: ব্যাহত যাতায়াত, বিপদসীমাৰ ওপৰত নদীৰ জলপৃষ্ঠ - Remal effects in Assam

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 7:26 PM IST

Ramal effects in Lakhimpur : বিগত কেইদিনমানৰ পৰা সন্ত্ৰাসৰ অন্য নাম হৈ পৰিছে সাগৰীয় ঘূৰ্ণি ৰেমল । ৰেমলৰ প্ৰভাৱত চৌদিশে বিস্তৰ ক্ষতিসাধন হৈছে । ৰাজ্যৰ আন ঠাইৰ দৰে লখিমপুৰতো এই ঘূৰ্ণিৰ প্ৰভাৱ পৰে । জিলাখনত বৰ্তমানেও ৰেমলৰ প্ৰভাৱ অব্যাহত আছে ।

Ramal effects in Lakhimpur
লখিমপুৰত ব্যাহত যাতায়াত (ETV Bharat Assam)

লখিমপুৰ, ৩০ মে' : লখিমপুৰত অব্যাহত আছে ৰেমলৰ প্ৰভাৱ । গছ বাগৰি পৰি ব্যাহত হৈছে যাতায়াত ব্যৱস্থা । আনহাতে, বিপদসীমাৰ ওপৰলৈ উঠিছে নদীৰ জলপৃষ্ঠ ।

লখিমপুৰত অব্যাহত ৰেমলৰ প্ৰভাৱ (ETV Bharat Assam)

উল্লেখ্য, দেশৰ ভিন্ন প্ৰান্তত ধ্বংসযজ্ঞৰ সূচনা কৰা বংগোপসাগৰীয় ঘূৰ্ণিবতাহ ৰেমলৰ প্ৰভাৱ কিছু হ্ৰাস পালেও ইয়াৰ অন্ত পৰা নাই । ৰাজ্যৰ আন কেইবাখনো জিলাৰ দৰে ৰেমলৰ প্ৰভাৱ পৰা লখিমপুৰ জিলাত বৰ্তমানেও ক্ষয়-ক্ষতি অব্যাহত আছে । বিশেষকৈ বিভিন্ন স্থানত পথৰ ওপৰত গছ বাগৰি পৰাত যাতায়াত ব্যবস্থা ব্যাহত হোৱা ঘটনা প্ৰায়েই ঘটি আছে । বতাহৰ লগতে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত সঘনাই গছ নাইবা প্ৰকাণ্ড গছৰ ডাল ভাগি পথ বন্ধ হৈ পৰাতো সুলভ দৃশ্য হৈ পৰিছে ।

বৰষুণৰ ফলত কেৱল গছ-গছনি ভগাই নহয়, নদীসমূহৰ জলপৃষ্ঠও বিপজ্জনকভাৱে বৃদ্ধি পাব ধৰিছে । লগতে নদীৰ জলপৃষ্ঠই বিপদসীমাও অতিক্রম কৰিছে । চিচাপথাৰত ডিক্ৰং নদীৰ জলস্তৰ বিপদসীমাৰ ৮২ মিলিমিটাৰ ওপৰলৈ উঠিছে । তেনেদৰে জামুগুৰি অঞ্চল, সোৱণশিৰি ঘন চৰাই আৰু শিলিখাগুৰি অঞ্চলত ব্ৰহ্মপুত্ৰ, ৰঙানদী ৰে'লৱে ব্ৰীজৰ কাষত, শিঙৰা, কাকৈ, পাভ, বগীনদী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত, দোৰপাং গাঁৱৰ কাষত দোৰপাং নদী আৰু চেচা পিছলা নৈ বিক্রমপুৰ এলেকাত বিপদসীমাৰ ওচৰ চাপিছে ।

কোনো কোনো স্থানত নদীকেইখনৰ জলপৃষ্ঠই বিপদসীমা স্পৰ্শ কৰিবলৈ সামান্য বাকী । বান প্ৰভাৱিত লখিমপুৰ জিলাত এতিয়া ৰেমলৰ প্ৰভাৱত হোৱা বৰষুণৰ ফলত নদীসমূহৰ জলস্তৰ বিপজ্জনকভাৱে বৃদ্ধি হোৱাত প্ৰবল বানৰ আশংকা কৰা হৈছে । ইফালে নীপকোৱেও পানী মোকলাই ৰঙানদীক বলিয়া কৰি তুলিছে ।

ইতিমধ্যে ৰঙানদীয়ে পথ ছিগি, গাঁও প্লাবিত কৰি বিস্তৰ ক্ষতি কৰাৰ লগতে নদীত উটি যোৱা এজনৰ সন্ধান এতিয়াও ওলোৱা নাই ৷ ২৮ মে'ৰ পৰা নীপকোৱে ধাৰাসাৰে প্ৰকল্পৰ পানী মোকলাই বৃহস্পতিবাৰে পুৱাহে গে'ট বন্ধ কৰিছে । যাৰ বাবে নদীখনৰ বাঢ়নী পানীয়ে লখিমপুৰত বিস্তৰ ক্ষতি কৰে । উল্লেখ্য, ৰেমলৰ প্ৰভাৱ হ্ৰাস পালেও লখিমপুৰত বানৰ প্ৰকোপ যে বৃদ্ধি হ'ব সেয়া ধুৰূপ । জিলাখনত এতিয়া এই আশংকাত ৰাইজ ভয়তে দিন কটাবলগীয়া হৈছে ।

লগতে পঢ়ক :বৰাকত জটিল হৈছে বান পৰিস্থিতি; বানৰ কবলত শতাধিক গাঁও - Flood In Barak Valley

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.