ETV Bharat / state

মিছামাৰীত বৰষুণৰ পানীয়ে পুলসহ খহাই নিলে পথ - Dilapidated road in Misamari - DILAPIDATED ROAD IN MISAMARI

Dilapidated road in Assam: ঠিকাদাৰে নুশুনে ৰাইজৰ কথা । ইচ্ছা মতে পথত নিৰ্মাণ কৰে পুল । ফলত জীয়াতু ভুগিব লাগে ৰাইজে ।

Dilapidated road in Assam
মিছামাৰীত মুষলধাৰ বৰষুণ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 7:58 PM IST

ৰঙাপৰা, ৩০ জুন: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত ঠায়ে ঠায়ে বানপানী, কৃত্রিম বানৰ সৃষ্টি হোৱাৰ লগতে বাঢ়নি পানীয়ে বাট-পথ উটুৱাই নিছে । ফলত ৰাইজে যাতায়তৰ ক্ষেত্ৰত চৰম দুর্ভোগ ভুগিবলগীয়া হৈছে । বাঢ়নি পানীয়ে শোণিতপুৰ জিলাৰ মিছামাৰীৰ এটা গুৰুত্বপূৰ্ণ পথত থকা এটা পুলসহ মাটি খহাই নিয়াৰ পাচৰে পৰা পথছোৱাত যোগাযোগ ব্যৱস্থা সম্পূর্ণ ৰূপে ব্য়াহত হৈ পৰিছে ।

মিছামাৰীত মুষলধাৰ বৰষুণ (ETV BHARAT ASSAM)

যোৱা ২৪ জুনত নিশা মিছামাৰী অঞ্চলত মুষলধাৰ বৰষুণৰ ফলত ঠায়ে ঠায়ে কৃত্রিম বানৰ সৃষ্টি হয় । নিজ গৰুবন্ধা আৰু ১ নং ধানমৰা গাঁৱৰ সীমাত লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰে নিৰ্মাণ কৰা পুলটোৰে বাঢ়নি পানী বাগৰি যাব নোৱাৰাৰ ফলত পুলসহ মাটি খহাই নিয়ে । তাৰ পাচৰে পৰা বৰ্তমানলৈকে পথছোৱাত যাতায়ত বন্ধ হৈ আছে । উল্লেখ্য যে নিজ গৰবন্ধাৰ পৰা ১ নং ধামৰা গাঁও হৈ পুনৰ নিজ গৰুবন্ধা, নিজ গৰুবন্ধাৰ পৰা দীঘল আৰু বাঁহবেৰা সংযোগী পথছোৱাৰে চাৰিখন গাঁৱৰ ৰাইজ আৰু ছাত্র-ছাত্রীসকলে অহা-যোৱা কৰে । বিধ্বস্ত পথছোৱা পকীৰে নিৰ্মাণ কৰাৰ বাবে বিভাগীয় ঠিকাদাৰে পথছোৱাৰ ওপৰত শিল-বালি পেলাই আৰু ঠায়ে ঠায়ে কেইবাটাও পুল নির্মাণ কার্য কৰে । পথছোৱাত নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে যোৱা ২৫ জুনত ওফন্দি থকা বাঢ়নি পানীয়ে নিজ গৰুবন্ধা আৰু ১ নং ধানমৰা দুয়োখন গাঁৱৰ সীমাত থকা হঠাৎ পুলটোৰ মাটিখিনি খহাই লৈ যায় ।

এই সন্দৰ্ভত স্থানীয় যুৱক পবিত্ৰ সৰকাৰে সংবাদ মাধ্যমৰ আগত কয়, "এই পথছোৱা ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূর্ণ পথ । পথছোৱাৰে নিতৌ শ শ মানুহে অহা-যোৱা কৰে । বিভিন্ন ধৰণৰ যান-বাহন চলাচল কৰে । কিন্তু পথছোৱাত থকা পুলটোৰ মাটিখিনি খহাই নিয়াৰ পাচৰে পৰা কোনো মানুহে খোজ কাঢ়ি অহা-যোৱা কৰিব নোৱাৰাৰ অৱস্থা হৈছে । ফলত ছাত্ৰ-ছাত্ৰীসকলে বহু দূৰ ঘূৰি বিদ্যালয়, মহাবিদ্যালয়লৈ যাবলগীয়া হৈছে । ৰাইজে যাতায়ত কৰাৰ ক্ষেত্ৰত দুর্ভোগ ভূগিবলগীয়া হৈছে ।"

লগতে পঢ়ক:ধেমাজিৰ কেইবা স্থানতো অপৰিৱৰ্তিত বানপৰিস্থিতি, গাই নদীয়ে ধৰিছে কালৰূপ - Assam Flood 2024

যুৱকজনে লগতে কয়,"পূর্বতে নিজ গৰুবন্ধাৰ পৰা ১ নং ধানমৰা গাঁও হৈ পুনৰ নিজ গৰবন্ধালৈ পথছোৱাত তথা নিজ গৰবন্ধা আৰু ১ নং ধানমৰা গাঁৱৰ সীমাত এটা আৰ চি চি কালভার্ট আছিল । যিটো কালভার্টৰে বৰষুণৰ পানী অনায়সে নামনিলৈ বৈ গৈছিল । সেই সময়ত এই অঞ্চলটোত কৃত্রিম বানপানীৰ কেতিয়াও সৃষ্টি হোৱা নাছিল । যেতিয়া ঠিকাদাৰে পথছোৱা নিৰ্মাণ কাম আৰম্ভ কৰে সেই সময়ত পূৰ্বৰ আৰ চি চি কালভাৰ্টৰ ঠাইত এটা সৰু পুল বহুৱাই দিয়ে । পুলটোৰে পর্যাপ্তভাৱে বৰষুণৰ পানী বাগৰি যাব নোৱাৰাৰ ফলত দহটাকৈ পৰিয়ালৰ বাসগৃহ কৃত্ৰিম বানৰ কবলত পৰে ।"

ইফালে, ঠিকাদৰজনে পুলটো নিৰ্মাণ কৰাৰ সময়ত স্থানীয় ৰাইজে পূৰ্বৰ দৰে আৰ চি চি কালভাৰ্ট বহুৱাবলৈ দাবী জনাইছিল । কিন্তু ঠিকাদাৰে ৰাইজৰ কথাত কাণসাৰ নিদিয়াৰ ফলত পুলসহ মাটিখিনি বৰষুণৰ পানীয়ে খহাই নিয়ে । পথছোৱা লোক নির্মাণ বিভাগে শীঘ্ৰেই নিৰ্মাণৰ ব্যৱস্থা কৰি ৰাইজ তথা ছাত্র-ছাত্রীসকলক উপকৃত কৰিবলৈ ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক: মাজুলীৰ ৰক্ষাকৱচ হালধিবাৰী বেচামৰা মথাউৰিলৈ ভাবুকি - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.