ETV Bharat / state

ডিমা হাছাও জিলাত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, বিপৰ্যস্ত জনজীৱন - Flood in Dima Hasao

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 7:47 PM IST

Heavy rainfall in Dima Hasao : প্ৰচণ্ড বৰষুণত ডিমা হাছাও জিলাত প্ৰাকৃতিক বিপৰ্যয় ৷ প্ৰশাসনে তিনিদিনলৈ ডিমা হাছাও জিলাত সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে ৷

Heavy rainfall in Dima Hasao
ডিমা হাছাওত বিপৰ্যস্ত জনজীৱন (ETV BHARAT ASSAM)
ডিমা হাছাও জিলাত প্ৰাকৃতিক বিপৰ্যয় (ETV BHARAT ASSAM)

হাফলং, 2 মে’ : ডিমা হাছাও জিলাত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ ৷ প্ৰচণ্ড বৰষুণৰ ফলত ডিমা হাছাও জিলা পুনৰ এবাৰ প্ৰাকৃতিক বিপৰ্যয়ত পৰিছে ৷ ৰে’ল পথৰ ক্ষতিসাধন হোৱাত বৰাক উপত্যকা আৰু বহিঃৰাজ্যৰ লগতে ডিমা হাছাও জিলাৰ যোগাযোগ বিছিন্ন হৈ পৰিছে ৷ লামডিং শিলচৰ পাহাৰ লাইনৰ নিউ জাতিংগা লামপুৰ আৰু বদৰপুৰ মাজতে 110/7 116-117 কিলোমিটাৰ অংশত ভূমিস্খলনৰ ফলত ৰে’ল লাইনৰ অৱস্থা শোচনীয় হৈ পৰিছে ৷

ৰে’ল লাইনৰ ওপৰতে পানী আৰু বোকা জমা হৈ পৰা পৰিলক্ষিত হৈছে ৷ 14 নম্বৰ টানেলত পাহাৰৰ পৰা নামি অহা পানী আৰু বোকাৰে ভৰি পৰিছে ৷ যাৰ বাবে পাহাৰ লাইনত অনিৰ্দিষ্টকালৰ বাবে বন্ধ হৈ পৰিছে ৰে’ল সেৱা ৷ ইয়াৰ উপৰিও প্ৰচণ্ড বৰষুণৰ ফলত ডিমা হাছাও জিলাত বিদ্যুৎ পৰিসেৱা ব্যাহত হৈ পৰিছে ৷ মাইবাংত তিনিটাকৈ বিদ্যুতৰ খুটা বাগৰি পৰিছে বুলি জানিব পৰা গৈছে ৷ যাৰ বাবে বিদ্যুৎ পৰিসেৱা বন্ধ হৈ পৰিছে মাইবাং মহকুমাত ৷

ইফালে হাফলং চহৰৰ কনভেণ্ট ৰোডত বৰষুণৰ পানীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পাইপ লাইনৰ ক্ষতি কৰে ৷ হাফলং ৰামনগৰত হ্ৰদৰ বাঢ়নি পানীয়ে কৃত্ৰিম বানৰ সৃষ্টি কৰিছে আৰু বহু লোকৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে ৷ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা আৰু হাৰেংগজাওৰ মাজতে পথৰ ওপৰেৰে পানী বাগৰাৰ ফলত ঘাইপথ বন্ধ হৈ পৰিছে ৷ প্ৰশাসনে এই অংশত বিয়লি চাৰি বজালৈ যান-বাহন চলাচলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে ৷ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপত এতিয়া ডিমা হাছাও জিলাৰ জনজীৱন সম্পূৰ্ণ ৰূপে বিপৰ্যস্ত হৈ পৰিছে ৷ আজিৰে পৰা প্ৰশাসনে তিনি দিনৰ বাবে ডিমা হাছাও জিলাত সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে ৷

লগতে পঢ়ক : ডিমা হাছাওৰ ডিটেকছেৰাত ভয়ংকৰ বাছ দুৰ্ঘটনা, নিহত ত্ৰিপুৰাৰ এজন - Dima Hasao Bus Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.