ETV Bharat / state

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বৃহৎ মাটি ক্ৰয়ৰ ধনৰ উৎস কি ? প্ৰশ্ন ৰাইজৰ দলৰ - Land Law Amendment Bill - LAND LAW AMENDMENT BILL

Assam CM wife land scam: মাজুলীত মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি ক্ৰয়ৰ অভিযোগক লৈ সৰৱ ৰাইজৰ দল । অসম চৰকাৰে উত্থাপন কৰা ভূমি আইন সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাইজৰ দলে । শনিবাৰে সংবাদমেলত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া আৰু সাধাৰণ সম্পাদক ৰাছেল হুছেইনে তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।

Raijor Dal react over Land Law Amendment Bill in Guwahati
খ্যমন্ত্ৰী পত্নীৰ ভূমি ক্ৰয়ৰ অভিযোগক লৈ সৰৱ ৰাইজৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 9:16 PM IST

গুৱাহাটী,৩১ আগষ্ট: অসম বিধানসভাত অসম চৰকাৰে উত্থাপন কৰা ভূমি আইন সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলে । শনিবাৰে গুৱাহাটীত এক সংবাদমেলযোগে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া আৰু সাধাৰণ সম্পাদক ৰাছেল হুছেইনে কয়,"বিধানসভাত অসম চৰকাৰে উত্থাপন কৰা ভূমি আইন সংশোধনী বিধেয়কৰ জৰিয়তে অসমৰ গুৰুত্বপূৰ্ণ স্থানৰ ভুমি সংৰক্ষণৰ কথা কোৱা হৈছিল । সেই অনুসৰি বটদ্ৰৱা, বৰপেটা, মাজুলীৰ ভূমি বহিৰাগত লোকে ক্ৰয় কৰিব নোৱাৰিব । কিন্তু ৰহস্যজনকভাৱে এই বিলৰ পৰা মাজুলীক বাহিৰত ৰখা হল ।"

মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি ক্ৰয়ৰ অভিযোগক লৈ সৰৱ ৰাইজৰ দল (ETV Bharat Assam)

ৰাইজৰ দলৰ নেতৃত্বৰ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন, "কিয় মাজুলীক এই বিলৰ বাহিৰত ৰখা হল ? মাজুলীৰ টটয়া গাঁও, মৌজা কমলাবাৰী একা ষ্টেট এল এল বি কোম্পানীৰ নামত মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাই ভূমি ক্ৰয় কৰাৰ বাবেই মাজুলীক ইয়াৰ বাহিৰত ৰখা হ'ল নেকি ? " সংবাদ মাধ্যমৰ আগত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া আৰু সাধাৰণ সম্পাদক ৰাছেল হুছেইনে কয়,"মাজুলীক এই আইনৰ আওতালৈ অনাৰ আগতেই মুখ্যমন্ত্ৰীৰ পত্নীয়ে ভূমি ক্ৰয় কৰিছে । মুখ্যমন্ত্ৰীয়ে এই কথা আগতেই ভাবি এই বিল আনিছে । কেৱল পৰিয়ালৰ ব্যৱসায়ৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে মাজুলীক নৱেম্বৰলৈকে এই আইনৰ আওতাৰ পৰা আঁতৰাই ৰাখিছে ।"

লগতে তেওঁলোকে কয়,"মাজুলীত মুঠ ১৮ বিঘা, ৪ কঠা, ১৪ লেচা ভূমি মুখ্যমন্ত্ৰীৰ পৰিয়ালে ক্ৰয় কৰিছে । ঐতিহাসিক মাজুলীত মাটি ক্ৰয় কৰি পৰ্যটনৰ ব্যৱসায় আৰম্ভ কৰিব খুজিছে মুখ্যমন্ত্ৰীৰ পৰিয়ালে । প্ৰকৃততে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বৃহৎ মাটি ক্ৰয়ৰ ধনৰ উৎস কি ? অসমক ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে নে পৰিয়ালক শ্ৰেষ্ঠ ব্যৱসায়িক মৰ্যাদা দিবলৈ মুখ্যমন্ত্ৰী হৈছে ?" এনে কেতবোৰ প্ৰশ্ন উত্থাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে ৰাইজৰ দলৰ নেতা দুগৰাকীয়ে ।

লগতে পঢ়ক: বেলেগত ৪ ঘণ্টা দি লওঁক প্ৰথমে, অসমত পুনৰ ২ ঘণ্টাৰ নামাজ বিৰতি দি দিম : হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma

চৰকাৰী প্ৰতিশ্ৰুতি পূৰণৰ দাবীত নলবাৰীত উত্তাল জিলা আয়ুক্তৰ কাৰ্যালয় - Protest In Nalbari

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.