ETV Bharat / state

কৰ্পোৰেট গোষ্ঠীক দিবলৈহে সোণাপুৰত উচ্ছেদ ! - Sonapur Eviction incident

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 8:12 PM IST

Sonapur Eviction incident: সোণাপুৰৰ উচ্ছেদ অভিযান সন্দৰ্ভত অখিল গগৈৰ বিস্ফোৰক মন্তব্য । ইয়াৰ আঁৰত থকা চৰকাৰৰ অভিসন্ধিৰ কথা উল্লেখ কৰিলে গগৈয়ে । নিযুক্তি পৰীক্ষাৰ বাবে ইণ্টাৰনেট কৰ্তন কৰাক লৈও চৰকাৰক সমালোচনা ।

Sonapur Eviction incident
সোণাপুৰ উচ্ছেদৰ প্ৰকৃত কাৰণ বাখ্যা অখিল গগৈৰ (ETV Bharat)

গুৱাহাটী,১৫ ছেপ্টেম্বৰ : সোণাপুৰৰ ট্ৰাইবেল বেল্টৰ ভূমিত শেহতীয়াকৈ চলা উচ্ছেদৰ সময়ত সংঘটিত অপ্ৰীতিকৰ ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অমানৱীয়ভাৱে উচ্ছেদ চলোৱা হৈছে বুলি ইতিমধ্যে বিৰোধীয়ে চৰকাৰক সমালোচনা কৰা দেখা গৈছে । তাৰ মাজতে এই উচ্ছেদক লৈ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিস্ফোৰণ । অখিল গগৈৰ মতে ট্ৰাইবেল বেল্টৰ ভূমি বেপাৰী বা বণিক গোষ্ঠী বা বাহিৰৰ কোম্পানীক দিবলৈহে সোণাপুৰত উচ্ছেদ চলোৱা হৈছে ।

অখিল গগৈয়ে কয়,"ট্ৰাইবেল বেল্টৰ ভূমিত উচ্ছেদ হোৱাটো আমি সমৰ্থন কৰো । কিন্তু উচ্ছেদৰ নামত হোৱা ৰাজনীতিৰ তীব্ৰ বিৰোধিতা কৰো । ট্ৰাইবেল বেল্টৰ ভূমি জনজাতীয় লোকক দিবলৈ নহয় কৰ্পোৰেট গোষ্ঠীক দিবলৈহে উচ্ছেদ কৰা হৈছে । উচ্চ ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি সোণাপুৰত অবৈধভাৱে উচ্ছেদ চলোৱা হৈছে ।"

ইচ্ছ্যু ডাইভাৰ্টৰ বাবে সোণাপুৰত উচ্ছেদ

অখিল গগৈৰ মতে ৰাজ্যত চলি থকা কিছুমান ইচ্ছ্যু ডাইভাৰ্ট কৰিবলৈ সোণাপুৰত উচ্ছেদ চলোৱা হৈছে । অখিল গগৈৰ মতে ট্ৰেডিং কেলেংকাৰী, মূল্যবৃদ্ধি, স্মাৰ্ট মিটাৰ, উজনিত বিজেপিৰ বিশ্বাসঘাটকতা আদি ইচ্ছ্যু ডাইভাৰ্ট কৰিবলৈ সোণাপুৰত উচ্ছেদ চলোৱা হৈছে । অখিল গগৈয়ে কয়,"২০২৬ চনৰ নিৰ্বাচনৰ প্ৰাকক্ষণত হিমন্ত বিশ্বৰ চৰকাৰে মিঞা কাৰ্ড খেলিব বিচাৰিছে । মুছলমান বিদ্বেষ বিয়পাই দিছে ।

অসমত কিমান আছে ট্ৰাইবেল ব্লকৰ ভূমি

সংবাদমেলযোগে শিৱসাগৰৰ বিধায়কগৰাকীয়ে অসমৰ মুঠ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভূমিৰ তথ্যও প্ৰকাশ কৰে । লগতে এই ভূমিত চলি থকা বেদখলৰ তথ্যও প্ৰকাশ কৰে বিৰোধীৰ বিধায়কগৰাকীয়ে । অখিল গগৈয়ে দিয়া তথ্য অনুসৰি বিটিএডিক বাদ দি অসমত ট্ৰাইবেল বেল্ট-ব্লকৰ মুঠ মাটিৰ পৰিমাণ ৪২ লাখ ৭৪ হাজাৰ ২২১ বিঘা ৫ লোচা । তাৰ ভিতৰত চৰকাৰী মাটি আছে ১৪ লাখ ৮৫ হাজাৰ ৯৩২ বিঘা ১৫ লোচা । তাৰ ভিতৰত প্ৰেটেক্টেড ক্লাছে ৪ লাখ ৭৪ হাজাৰ ৮৮৭ বিঘা ১ কোঠা ৯ লোচা আৰু নন প্ৰটেক্টড ক্লাছে ২ লাখ ৮ হাজাৰ ৯০ বিঘা ৪ কোঠা ৬ লোচা মাটি বেদখল কৰি আছে ।

সোণাপুৰৰ বেদখল

ইফালে সোণাপুৰৰ বেদখলৰো তথ্য প্ৰকাশ কৰে অখিল গগৈয়ে । বিধায়কগৰাকীয়ে দিয়া তথ্য অনুসৰি সোণাপুৰত থকা মুঠ বেল্টৰ ভূমিৰ পৰিমাণ হৈছে ২ লাখ ২ হাজাৰ ১৭২ বিঘা ১ লোচা । পিজিআৰ ভিজিআৰকে ধৰি মুঠ চৰকাৰী ভূমি আছে ৭৭,৬৩৫ বিঘা ৩ কঠা ২৭.৫ লোচা । তাৰ ভিতৰত সংৰক্ষিত শ্ৰেণীৰ দ্বাৰা ১২,৬০৫ বিঘা ১ কঠা ১৩ লোচা ভূমি বেদখল হৈ আছে । একেদৰে অসংৰক্ষিত শ্ৰেণীৰ দ্বাৰা ৪,০৮৭ বিঘা ৫ লোচা ভূমি বেদখল হৈ আছে ।

নিযুক্তি পৰীক্ষাৰ বাবে ইণ্টাৰনেট কৰ্তন

দেওবাৰে অনুষ্ঠিত তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে ইণ্টাৰনেট কৰ্তন কৰা বিষয়টোক লৈও অসন্তুষ্টি প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে । তেওঁ উল্লেখ কৰা মতে মাত্ৰ ৩,১২৭ টা পদৰ বাবে ১১ লাখতকৈ বেছি পৰীক্ষাৰ্থী আছে । এইটোৱে ভয়ংকৰ নিবনুৱা সমস্যাৰ কথাকে সূচাইছে বুলি তেওঁ উল্লেখ কৰে । আনহাতে পৰীক্ষাৰ বাবে ইণ্টাৰনেট সেৱা কৰ্তন কৰা সন্দৰ্ভত তেওঁ কয় ৩,১২৭ টা পদৰ বাবে হোৱা পৰীক্ষাত চাৰে তিনি কোটি মানুহৰ স্বাধীনতা কোনেও হৰণ কৰিব নোৱাৰে । গৃহ বিভাগ আছে য'ত মোবাইল ফোন নিবই নোৱাৰে তাত আকৌ ইণ্টাৰনেট সেৱা কৰ্তনৰ প্ৰয়োজন ক'ত ? আনকি ইউপিএছচি পৰীক্ষাৰ বাবেই ইণ্টাৰনেট সেৱা কাটিব নালাগে । অসমত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে ।"

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মাৰ গুলী কেতিয়া কাৰ গাত লাগে কোনো ঠিক নাই; মীৰা বৰঠাকুৰৰ কটাক্ষ - Sonapur Eviction Incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.