তেজপুৰ, 8 জুলাই: সোমবাৰে অসমত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ শিলচৰত উপস্থিত হোৱাৰ পাচতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ লগতে মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰাম ইব’বি সিং আৰু মণিপুৰৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশাম মেঘচন্দ্ৰই আদৰণি জনায় ৰাহুল গান্ধীক ৷ চলিত বানত ৰাজ্যবাসীয়ে সন্মুখীন হোৱা দুৰ্যোগপূৰ্ণ অৱস্থাৰ লগতে ক্ষয়-ক্ষতি সম্বন্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা সমন্বিতে কেবাগৰাকীও নেতাই ৰাহুল গান্ধীক এক প্ৰতিবেদন দাখিল কৰে ৷
পুৱা 9.15 বজাত শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা পোনে পোনে লক্ষীপুৰৰ ফুলেৰতল আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰিবলৈ যায় ৰাহুল গান্ধী ৷ তাৰ পৰা পুনৰ মণিপুৰৰ জিৰিবাম জিলা অভিমুখে ৰাওনা হয় ৰাহুল । জিৰিবামত গৈ যোৱা জুন মাহত হোৱা হিংসাত্মক ঘটনাৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় আৰু আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি মত বিনিময় কৰে লোকসভাৰ বিৰোধী নেতাগৰাকীয়ে ।
ইয়াৰ পিচত কংগ্ৰেছ নেতাগৰাকী পুনৰ শিলচৰ বিমানবন্দৰলৈ উভতি অহাৰ কথা ৷ শিলচৰৰ পৰা বিশেষ বিমানযোগে বিয়লি 3.30 বজাত ইম্ফলত উপস্থিত হৈ চূড়াচান্দপুৰ আৰু টুইবং আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰিব । উল্লেখ কৰিব লাগিব যে, চূড়াচান্দপুৰ হৈছে গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰৰ আটাইতকৈ অগ্নিগৰ্ভা জিলা । কুকি আৰু মেইটেই দুই জনগোষ্ঠীৰ মাজত আজিও ভয়াৱহ সংঘৰ্ষ অব্যাহত আছে জিলাখনত ।
আনহাতে, চূড়াচান্দপুৰ আৰু টুইবং ভ্ৰমণৰ পিচতে বিষ্ণুপুৰ জিলাৰ মৈৰাঙত থকা এখন চৰকাৰী বিদ্যালয়ৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰিব ৰাহুল গান্ধীয়ে । বিষ্ণুপুৰত বিয়লি 4.30 বজাত উপস্থিত হোৱাৰ পাচত 5 বজাত বিষ্ণুপুৰ মৈৰাঙৰ পৰা ইম্ফললৈ উভতিব কংগ্ৰেছ নেতাজন । সন্ধিয়া 6.40 বজাত ইম্ফলৰ ৰাজভৱনত ৰাজ্যপাল অনুসূয়া উইকেক সাক্ষাৎ কৰি মণিপুৰৰ বিষয়ে আলোচনা কৰিব কংগ্ৰেছ নেতাজনে । ইম্ফলত ৰাজ্যপাল অনুসূয়া উইকেক সাক্ষাৎ কৰি 7.10 বজাত ইম্ফল বিমানবন্দৰৰ পৰা বিশেষ বিমানযোগে ৰায়বৰেলীলৈ উভতি যাব ।